--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰদূষণৰ প্ৰসংগত দিল্লী চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কথা শুনা নাই।এই কথাতে এতিয়া দিল্লী চৰকাৰক সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে।  দিল্লীৰ চৰকাৰে  প্ৰদূষণ প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে। মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয়  যে কৃষকসকলক ইচ্ছাকৃতভাৱে টানি  অনা হৈছে। উচ্চতম ন্যায়ালয়ে দিল্লী আৰু পঞ্জাৱ চৰকাৰক কৃষকসকলক কেনেদৰে সহায় কৰিব পাৰি সেয়া শিকিবলৈ পৰামৰ্শ দিছে। উল্লেখ্য  দিল্লীত নৱেম্বৰৰ আৰম্ভণিৰ পৰা প্ৰদূষণৰ সমস্যা অতি ভয়াৱহ হৈ পৰেছে।  প্ৰদূষণক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে।

মঙলবাৰে শীৰ্ষ ন্যায়ালয়ে প্ৰদূষণ সম্পৰ্কীয় গোচৰবোৰৰ শুনানি আৰম্ভ কৰে। আদালতে কয়  "যোৱা ছবছৰৰ ভিতৰত  ২০২৩ চনৰ নৱেম্বৰতেই দিল্লীত  আটাইতকৈ বেছি  প্ৰদূষণ হৈছে। সকলোৱে জানে এইটো কিয় এটা সমস্যা হৈ পৰিছে। চৰকাৰে এই সমস্যাটো সমাধান কৰা উচিত।’’ লক্ষণীয় কথাটো হ’স  শস্যৰ অৱশিষ্ট জ্বলাই দিয়াৰ   ফলত সমগ্ৰ উত্তৰ ভাৰত শীতকালৰ আৰম্ভণিতে প্ৰদূষণৰ কবলত পৰে। 

উচ্চতম ন্যায়ালয়ে  কৃষকসকলক প্ৰদূষণৰ মুখ্য কাৰণ হিচাপে দোষাৰোপ কৰাৰ প্ৰৱণতাক আওকাণ কৰে।আদালতে কয়  "কৃষকসকলে তেওঁলোকৰ শস্যৰ অৱশিষ্ট  জ্বলাই  দিয়াৰ  কাৰণ  আছে। কিন্তু আমি সেই বিষয়ে একো জানিব নোৱাৰো। কাৰণ   ইয়াত তেওঁলোকৰ কোনো প্ৰতিনিধি নাই। পঞ্জাৱ চৰকাৰে হাৰিয়ানাৰ পৰা কৃষকসকলক কেনেদৰে অতিৰিক্ত লাভ  প্ৰদান কৰিব পাৰি সেয়া  শিকিব লাগে। চৰকাৰে দৰিদ্ৰ কৃষকসকলৰ বাবে সকলো প্ৰয়োজনীয়  সঁজুলি প্ৰদান কৰা উচিত। "

প্ৰদূষণ সম্পৰ্কীয় গোচৰৰ উপৰি উচ্চতম ন্যায়ালয়ে পৰিবহন আৱণ্টনত পলম হোৱাৰ গোচৰৰ শুনানিও গ্ৰহণ কৰে। একে সময়তে, শীৰ্ষ ন্যায়ালয়ে আপ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, "আপোনালোকে  আমাৰ আদেশ পালন কৰা নাই। দিল্লী আৰু উত্তৰ প্ৰদেশক প্ৰদূষণৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ কোৱা হৈছিল। প্ৰতিবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব।’’
FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ