--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰদূষণৰ প্ৰসংগত দিল্লী চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কথা শুনা নাই।এই কথাতে এতিয়া দিল্লী চৰকাৰক সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে।  দিল্লীৰ চৰকাৰে  প্ৰদূষণ প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে। মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয়  যে কৃষকসকলক ইচ্ছাকৃতভাৱে টানি  অনা হৈছে। উচ্চতম ন্যায়ালয়ে দিল্লী আৰু পঞ্জাৱ চৰকাৰক কৃষকসকলক কেনেদৰে সহায় কৰিব পাৰি সেয়া শিকিবলৈ পৰামৰ্শ দিছে। উল্লেখ্য  দিল্লীত নৱেম্বৰৰ আৰম্ভণিৰ পৰা প্ৰদূষণৰ সমস্যা অতি ভয়াৱহ হৈ পৰেছে।  প্ৰদূষণক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে।

মঙলবাৰে শীৰ্ষ ন্যায়ালয়ে প্ৰদূষণ সম্পৰ্কীয় গোচৰবোৰৰ শুনানি আৰম্ভ কৰে। আদালতে কয়  "যোৱা ছবছৰৰ ভিতৰত  ২০২৩ চনৰ নৱেম্বৰতেই দিল্লীত  আটাইতকৈ বেছি  প্ৰদূষণ হৈছে। সকলোৱে জানে এইটো কিয় এটা সমস্যা হৈ পৰিছে। চৰকাৰে এই সমস্যাটো সমাধান কৰা উচিত।’’ লক্ষণীয় কথাটো হ’স  শস্যৰ অৱশিষ্ট জ্বলাই দিয়াৰ   ফলত সমগ্ৰ উত্তৰ ভাৰত শীতকালৰ আৰম্ভণিতে প্ৰদূষণৰ কবলত পৰে। 

উচ্চতম ন্যায়ালয়ে  কৃষকসকলক প্ৰদূষণৰ মুখ্য কাৰণ হিচাপে দোষাৰোপ কৰাৰ প্ৰৱণতাক আওকাণ কৰে।আদালতে কয়  "কৃষকসকলে তেওঁলোকৰ শস্যৰ অৱশিষ্ট  জ্বলাই  দিয়াৰ  কাৰণ  আছে। কিন্তু আমি সেই বিষয়ে একো জানিব নোৱাৰো। কাৰণ   ইয়াত তেওঁলোকৰ কোনো প্ৰতিনিধি নাই। পঞ্জাৱ চৰকাৰে হাৰিয়ানাৰ পৰা কৃষকসকলক কেনেদৰে অতিৰিক্ত লাভ  প্ৰদান কৰিব পাৰি সেয়া  শিকিব লাগে। চৰকাৰে দৰিদ্ৰ কৃষকসকলৰ বাবে সকলো প্ৰয়োজনীয়  সঁজুলি প্ৰদান কৰা উচিত। "

প্ৰদূষণ সম্পৰ্কীয় গোচৰৰ উপৰি উচ্চতম ন্যায়ালয়ে পৰিবহন আৱণ্টনত পলম হোৱাৰ গোচৰৰ শুনানিও গ্ৰহণ কৰে। একে সময়তে, শীৰ্ষ ন্যায়ালয়ে আপ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, "আপোনালোকে  আমাৰ আদেশ পালন কৰা নাই। দিল্লী আৰু উত্তৰ প্ৰদেশক প্ৰদূষণৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ কোৱা হৈছিল। প্ৰতিবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement