--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহিত কিন্তু বিবাহিতৰ দৰে থাকিব নালাগে! জাপানত এতিয়া নতুন ‘ট্ৰেণ্ড’ এটা আহিছে। যুৱক-যুৱতীসকলে বিয়া পাতিছে, কিন্তু একেখন চালিৰ তলত থাকিব নিবিচাৰে। ছুটিৰ দিনত কেতিয়াবা বা মাহত এবাৰ একেখন চালিৰ তলত থাকে। বাকী সময়খিনি অকলে কটায়।

'বিচ্ছেদ বিবাহ' - এই নতুন শৈলীৰ 'বিবাহ' এতিয়া জনপ্ৰিয়। ফলত দম্পতীয়ে বিবাহ আৰু অবিবাহিত দুয়োটা সুবিধা লাভ কৰিছে। ইজনে সিজনক ভাল পায় কিন্তু ইজনে সিজনৰ বাবে চিন্তা কৰিব নালাগে। পাৰস্পৰিক সন্মান, প্ৰেম অবিহনে অৱশ্যে এনে বিবাহ স্থায়ী হ’ব নোৱাৰে।

জাপানত বিয়াৰ পিছত স্বেচ্ছামূলকভাৱে স্বামী-স্ত্ৰীৰ বিচ্ছেদৰ ধাৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মনোবিজ্ঞানীসকলে ভাবে যে নাৰী আৰু পুৰুষৰ স্বাধীন হৈ থকাৰ প্ৰৱণতাৰ বাবে সেই দেশত ‘বিচ্ছেদ বিবাহ’ৰ ধাৰা বাঢ়িছে। ব্যক্তিগত স্থানৰ প্ৰতি সকলোৱে অতি সচেতন।

সমাজবিজ্ঞানীসকলে অনুভৱ কৰে যে বিয়াৰ পিছত স্বামী-স্ত্ৰী পৃথক চালিৰ তলত থাকিলে নাৰীয়ে নিজৰ কেৰিয়াৰক গুৰুত্ব দিব পাৰে। বিবাহে কেৰিয়াৰৰ লগত আপোচ কৰিব নালাগে। কিন্তু এই ধৰণৰ বিবাহত পতি-পত্নী উভয়ে স্বতন্ত্ৰ হোৱাটো প্ৰয়োজন।

বহু স্বামী-স্ত্ৰীৰ অভিৰুচি ভালদৰে মিলি নাযায়। কিন্তু তেওঁলোকে চৰম বিচ্ছেদৰ দিশে আগবাঢ়িব নিবিচাৰে। আইনী সমস্যাত পৰিব নিবিচাৰিব। তেওঁলোকৰ বাবে এই বিবাহ এক সুবিধাজনক বিকল্প। সেইবাবেই জাপানৰ যুৱক-যুৱতীসকলে ইয়াৰ ফালে ঢাল খাইছে বুলি ধাৰণা কৰা হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল