--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰা সেৱন কৰি মৃত্যু হয় এজন চীনা যুৱকৰ। ১০ মিনিটত প্ৰায় এক লিটাৰ সুৰা সেৱন কৰিছিল তেওঁ। চিকিৎসালয়লৈ নিয়াৰ পিছতো চিকিৎসকে যুৱকজনক বচাব নোৱাৰিলে। চীনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মৃত যুৱকজনৰ নাম জাং। মদ্যপানৰ ক্ষেত্ৰত তেওঁ বিখ্যাত আছিল। যুৱকজনৰ কৰ্মক্ষেত্ৰত মদ্যপান প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কোম্পানীটোৰ মালিকে কৰ্মচাৰীসকলক সুৰা সেৱন কৰিবলৈ আহ্বান জনায়। কোৱা হৈছিল যে মদ্যপান প্ৰতিযোগিতাত ঝাঙক পৰাস্ত কৰিব পৰাজনে পুৰস্কাৰ হিচাপে এক লাখতকৈ অধিক টকা লাভ কৰিব। আৰু যদি ঝাঙে প্ৰতিযোগিতাত জয়ী হয় তেন্তে প্ৰায় ডেৰ-দুই লাখ টকা পাব।

 প্ৰতিযোগিতাত জয়ী হ’বলৈ হতাশ হৈ পৰিছিল যুৱকজন। গ্লাছৰ পিছত গ্লাছ ফিনিচিং কৰি থাকিল। কেইমুহূৰ্ততে দেখা যায় যে তেওঁ অকলে এলিটাৰ মদ খাই শেষ কৰিছে। মাত্ৰ ১০ মিনিট সময় লাগিল। আন কোনোৱে তেওঁৰ ওচৰ চাপিব পৰা নাছিল। কিন্তু প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছতো মদেই কাল হৈ পৰিল। শেষৰ গিলাচটো শেষ কৰি ঢলি পৰে যুৱকজন। আৰু তেওঁৰ কোনো জ্ঞান নাছিল। তেওঁৰ সহকৰ্মীসকলে দ্ৰুতগতিত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। অত্যধিক মদ্যপানৰ বাবে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। চিকিৎসাৰ সময়তে মৃত্যু হয় যুৱকজনৰ।

সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। যুৱকজনে যিটো সংগঠনৰ বাবে কাম কৰি আছিল, সেই সংগঠনটো আপাততঃ বন্ধ কৰি দিয়া হৈছে। তাত থকা কর্মচাৰীক জেৰা অব্যাহত আছে ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি