--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চীনৰ কেইবাবিধো প্রখ্যাত ৱাইন এই নদীৰ পৰা উৎপত্তি হোৱাৰ বাবে ইয়াক ৰিভাৰ অব্ ৱাইন বুলিও কোৱা হয়

ডিজিটেল ডেস্ক : চীনে এখন নদীৰ পৰিৱেশতন্ত্ৰ ঘূৰাই অনাৰ বাবে এক অভূতপূর্ব পদক্ষেপ গ্রহণ কৰে। প্ৰধান নদী য়াংছেৰ এখন উপনদীৰ ওপৰত থকা প্রায় ৩০০টা বান্ধ তথা প্রায় ৩৪২টা ক্ষুদ্র জলবিদ্যুৎ প্রকল্প বন্ধ কৰি দিয়ে দেশখনে।


ছাউথ চাইনা মর্নি পষ্টে এটা বাতৰিত এই কথা উল্লেখ কৰে। য়াংছেৰ পৰিৱেশতন্ত্র বিনষ্ট হৈ পৰাক লৈ দেশখন উদ্বিগ্ন হৈ পৰাৰ পাছতে চিশ্বুইহে নৈৰ ওপৰত নিৰ্মাণ কৰা এই বান্ধ তথা জলবিদ্যুৎ প্রকল্পসমূহ বন্ধ কৰি দিয়া হয়। এই চিশ্বুইহে নৈখনক ৰেড ৱাটাৰ ৰিভাৰ বা ৰেড ৰিভাৰ বুলিও কোৱা হয় ইয়াৰ ৰঙাপানীৰ বাবে। চীনৰ কেইবাবিধো প্রখ্যাত ৱাইন এই নদীৰ পৰা উৎপত্তি হোৱাৰ বাবে ইয়াক ৰিভাৰ অব্ ৱাইন বুলিও কোৱা হয়।


উল্লেখযোগ্য যে য়াংছে বিশ্বৰ ভিতৰত তৃতীয় আটাইতকৈ দীঘল নদী। প্রায় ৬,৩০০ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই নদীখন তিব্বতৰ কুইংহাই প্ৰদেশৰ তংলুৱা পৰ্বতৰ পৰা ওলাই শ্বাংহাই মহানগৰৰ কাষত পূব চীন সাগৰত পৰিছে। য়াংছী নদীখনে চীনৰ অৰ্থনীতি, সংস্কৃতি আৰু ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই নদীখন দেশখনৰ কৃষি, বাণিজ্য তথা জলবিদ্যুৎ উৎপাদনৰ প্ৰধান উৎস। এই নদীখনৰ ওপৰতে চীনে থ্রি গর্জেঝ বান্ধে নিৰ্মাণ কৰিছে। নদীখনৰ জৈৱ বৈচিত্র্যও গুৰুত্বপূৰ্ণ। এই নদীখনত য়াংছী ফিনলেছ পৰপাইজৰ দৰে দুর্লভপ্ৰজাতিৰ মাছ পোৱা যায়। কিন্তু এই নদীখনৰ উপনদীসমূহত নিৰ্মাণ কৰা বান্ধ তথা জলবিদ্যুৎ প্রকল্পসমূহে নদীখনৰ পৰিৱেশতন্ত্ৰত ব্যাপক প্ৰভাৱ পেলায়। ইয়াৰ পাছত এতিয়া দেশখনে নদীখনৰ পাৰিপাৰ্শ্বিক তন্ত্ৰক ৰক্ষা কৰাৰ কাৰণে অভিযান আৰম্ভ কৰে। চীনৰ চৰকাৰ নিয়ন্ত্ৰিত বাতৰি প্ৰতিষ্ঠান ঝিনহুৱাই প্ৰকাশ কৰা মতে লোহিত নৈৰ ওপৰত নিৰ্মাণ কৰা ৩৫৭টা বান্ধৰ ভিতৰত ডিচেম্বৰৰ শেষলৈকে প্রায় ৩০০টা ভাঙি পেলোৱা হয়। ইয়াৰ লগতে নৈখনৰ ওপৰত থকা ৩৭৩টা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ ভিতৰত ৩৪২টা বন্ধ কৰি দিয়া হৈছে। বাতৰিত প্ৰকাশ পোৱা মতে, লোহিত নৈৰ ওপৰত নিৰ্মাণ কৰা বান্ধ ভাঙি পেলোৱা আৰু জলবিদ্যুৎ প্রকল্পসমূহ বন্ধ কৰি দিয়াৰ পাছত ইতিবাচক প্ৰভাৱ পৰিছে। ইয়াৰ ফলত কেইবাটাও দুর্লভ প্ৰজাতিৰ মাছৰ প্ৰাকৃতিক প্ৰজনন চক্ৰ পুনৰ আৰম্ভ হয়। উল্লেখযোগ্য যে চিশ্বুইহে নৈ চীনৰ দক্ষিণ-পশ্চিমৰ ইউনান, গুইঝৌও আৰু চিছুৱান প্ৰদেশৰ মাজেৰে পাৰ হৈছে। এই নৈখনৰ দৈর্ঘ্য প্রায় চাৰিশ কিল'মিটাৰ।


পৰিৱেশ বিজ্ঞানীসকলৰ মতে, য়াংছু নদীৰ ওপৰৰ অংশত লোহিত নৈ হ'ল দুর্লভ তথা স্থানীয় প্ৰজাতিৰ মাজৰ শেষ আশ্রয়স্থল। বিগত কেইটামান দশকত এই নদীখনৰ ওপৰত ঘনকৈ নিৰ্মাণ কৰা বান্ধ তথা জলবিদ্যুৎ প্রকল্পসমূহে স্বাভাৱিক জলপ্ৰৱাহত বাধাৰ সৃষ্টি কৰে। ফলত নদীৰ নামনি ভাগত পানী কমি গৈ কিছুমান স্থানত পানী শুকাই যায়। ই জলজ প্রাণীৰ জীৱনক ব্যাপক প্রভাৱ পেলায়। ফলত মাছকে ধৰি আন জলচৰ প্ৰাণীৰ বসতি সেৰেঙা হৈ পৰে। নৈখনত থকা কিছুমান মাছে নৈখনত বহু দূৰলৈ গৈ কণী পাৰে। কিন্তু বান্ধসমূহে এই মাছবোৰৰ যাত্ৰাত বাধাৰ সৃষ্টি কৰে। ঝিনহুৱাই প্ৰকাশ কৰা মতে ২০২০ চনত দেশখনৰ সংস্কাৰ কাৰ্যসূচীৰ ফলত য়াংছে নদীত থকা ষ্টার্জন মাছ বিলুপ্ত হৈছিল আৰু তেতিয়াৰ পৰা নৈখনত এই মাছ দেখা পোৱা নাছিল। কিন্তু এতিয়া বান্ধ ভাঙি পেলোৱাৰ পাছত নদীখনত এতিয়া এই মাছবিধৰ পোৱালি দেখা পোৱা গৈছে।



উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু