--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাত ৰাজনীতি বিষয়ৰ লগত জড়িত সংবাদ মাধ্যম 'পলিটিক' 'ই প্রকাশ কৰা অনুসৰি, ট্রাম্প প্রশাসনে নাছাৰ ২১৪৫জন জ্যেষ্ঠ পৰ্যায়ৰ কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰিবলৈ পৰিকল্পনা কৰিছে

ডিজিটেল ডেস্কঃ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ প্রশাসনে নেশ্যনেল এৰ'নটিকছ এণ্ড স্পেচ এডমিনিষ্টেশ্যনৰ (নাছা) দুই সহস্রাধিক কৰ্মচাৰীক চাকৰিৰ পৰা চাটাই কৰাৰ পৰিকল্পনা কৰিছে।


আমেৰিকাত ৰাজনীতি বিষয়ৰ লগত জড়িত সংবাদ মাধ্যম 'পলিটিক' 'ই প্রকাশ কৰা অনুসৰি, ট্রাম্প প্রশাসনে নাছাৰ ২১৪৫জন জ্যেষ্ঠ পৰ্যায়ৰ কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰিবলৈ পৰিকল্পনা কৰিছে।


নাছাৰ এই কৰ্মচাৰীসকল বিশেষভাৱে দক্ষ আৰু পৰিচালনাৰ ক্ষেত্ৰত পাৰদৰ্শিতা থকা কৰ্মচাৰী বুলি পলিটিক'ই প্রকাশ কৰা তথ্যত কোৱা হৈছে। হোৱাইট হাউছৰ মহাকাশ নীতিক একাষৰীয়া কৰি আৰু নাছাই দশক দশক ধৰি আমেৰিকাক আগবঢ়াই অহা সেৱাক বঞ্চিত কৰি ট্রাম্প প্রশাসনে মহাকাশ সংস্থাটোৰ জ্যেষ্ঠ পৰ্যায়ৰ চৰকাৰী স্তৰৰ জি এছ-১৩ৰ পৰা জি এছ-১৫ পদত থকা কৰ্মচাৰীসকলক চাকৰিৰ পৰা চাটাই কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।


পলিটিক'ই প্ৰকাশ কৰা প্রতিবেদনখনৰ মতে, মার্কিন প্রশাসনে এই ভুক্তভোগী দক্ষ কৰ্মচাৰীসকলক আগতীয়াকৈ অৱসৰ অথবা বাধ্যতামূলক অৱসৰ ল'বলৈ নিৰ্দেশ দিছে। লক্ষণীয় বিষয়টো হ'ল এয়ে যে চাটাই কৰিবলগা এই দক্ষ কৰ্মচাৰীসকল মহাকাশ সংস্থাটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযানত বৰ্তমানে কৰ্মৰত হৈ আছে। নাছাৰ বিজ্ঞান-ভিত্তিক অথবা মানৱমুক্ত মহাকাশ যানৰ অভিযানত বর্তমানে এনেধৰণৰ ১৮১৮জন কৰ্মচাৰী জড়িত হৈ আছে আৰু আনকেইজন কৰ্মচাৰী নাছাৰ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত অভিযানসমূহত কৰ্মৰত হৈ আছে।


তদুপৰি, মহাকাশ প্রতিষ্ঠানটোৰ ব্যৱস্থাপনা আৰু বিত্তীয় দিশতো এইসকল চাটাই কৰিবলগা কৰ্মচাৰীয়ে কাম কৰি আছে। এই প্রস্তাবিত চাকৰিৰ কৰ্তন বিষয়ত প্রশ্ন কৰাত, নাছাৰ মুখপাত্র বেথানী স্টিভেনে কয় যে নাছা ইয়াৰ অভিযানসমূহ সম্পূর্ণ কৰাত প্রতিশ্রুতিবদ্ধ আৰু সীমিত সংখ্যক তথা অগ্রাধিকাৰমূলক বাজেটেৰে নাছাই কাম কৰি যোৱাৰ পৰিকল্পনা কৰিছে।


উল্লেখযোগ্য যে ২০২৬ চনৰ বাজেটত হোৱাইট হাউছে নাছালৈ আবণ্টিত ধনৰ ২৫ শতাংশ কৰ্তন কৰাৰ ফলতেই এই দুই সহস্রাধিক কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব আৰু ইয়াৰ ফলত নাছাৰ কৰ্মশক্তি ৫০০০লৈ হ্রাস পাব। যদি ট্রাম্প প্রশাসনৰ এই প্রস্তাৱক আমেৰিকাৰ সংসদে অনুমোদন জনাই তেনেহ'লে ১৯৬০ চনৰ পাছত নাছালৈ মার্কিন প্রশাসনে প্রদান কৰা এইখন নিম্নতম বাজেট হ'ব। ৰাষ্ট্ৰপতি ট্রাম্পে হোৱাইট হাউছলৈ দ্বিতীয়বাৰ অহাৰ পাছত নাছাৰ কৰ্মশক্তি ১৮০০০-ৰ পৰা ৫০০০ হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ মাজতে ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ চৰকাৰৰ পৰিবহণ সচিব ছীন ডাফীক অস্থায়ীভাবে নাছাৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়ে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু