--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ সৃষ্টি হোৱা অভূতপূৰ্ব ৰাজনৈতিক অস্থিৰতাৰ পাছত অৱশেষত আজি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিলে বৰিছ জনছনে। বৰিছ জনছনৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ তুলি কেইবাগৰাকীও মন্ত্ৰীয়ে যোৱা তিনি দিনৰ ভিতৰত পদত্যাগ কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰীৰ পদ পৰা অব্যাহতি ল’বলৈ বাধ্য হ’ল জনছন। প্ৰধানমন্ত্ৰী পদৰ লগতে জনছনে ব্ৰিটেইনৰ কনজাৰ্ভেটিভ দলৰ নেতা পদৰ পৰাও পদত্যাগ কৰে। আজি আবেলি ১০ ডাউনিং ষ্ট্ৰীটৰ বাহিৰত পদত্যাগ ঘোষণা কৰে জনছনে।

পিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকীৰ পদত্যাগৰ আঁৰৰ আন এক ৰাজনৈতিক কৌশলৰ বিষয়ে সম্প্ৰতি তীব্ৰ চৰ্চা লাভ কৰিছে। বৰিছ জনছনক ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ পৰা উৎখাত কৰাৰ প্ৰচেষ্টাৰ আঁৰৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈছে এক অস্বাভাৱিক ভাৰত-পাকিস্তানী 'মিত্ৰতা'। শুনিবলৈ আচৰিত যেন লাগিলেও এই বিশেষ কৌশলী ৰাজনীতিৰ সূত্ৰৱেই বৰিছ জনছনৰ প্ৰস্থানৰ পথ মুকলি কৰে।

জনছনৰ বিৰোধিতাৰে যোৱা তিনিদিনত ৩ জন কেবিনেট মন্ত্ৰীসহ ৫০ জনতকৈও অধিক মন্ত্ৰী আৰু সহায়কে ব্ৰিটেইনৰ কাৰ্যকৰী চৰকাৰ ত্যাগ কৰিছিল। এনে পৰিস্থিতিত সম্পূৰ্ণ বিচ্ছিন্ন আৰু শক্তিহীন হৈ পৰা জনছনে এই বিৰোধিতাৰ ওচৰত নতি চিকাৰ কৰি আজি পদত্যাগ ঘোষণা কৰিবলৈ বাধ্য হয়।

জনছন বিৰোধী এই পদত্যাগী প্ৰতিবাদৰ আঁৰতেই আছিল ভাৰত-পাকিস্তানৰ এক অস্বাভাৱিক মিত্ৰতা। অৱশ্যে এই মিত্ৰতা চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ প্ৰত্যক্ষ বা আনুষ্ঠানিক মিত্ৰতা নহয়। বা ইয়াৰ সৈতে কোনোধৰণে জড়িতও নহয় দেশ দুখন। দৰাচলতে জনছন বিৰোধী স্থিতিৰে পদত্যাগ কৰা কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত প্ৰথম আছিল সাংসদ ঋষি সুনক আৰু চাজিদ জাভিদ। তেওঁলোকৰ পদত্যাগৰ পিছতে বৰিছ জনছন চৰকাৰৰ পৰা মন্ত্ৰীসকলে ব্যাপকভাৱে পদত্যাগ কৰিছিল।

পোন প্ৰথমে চাজিদ জাভিদে স্বাস্থ্য সচিব পদৰ পৰা পদত্যাগ কৰাৰ পিছত ঋষি সুনকে চেঞ্চেলৰ পদ ত্যাগ কৰিছিল। উল্লেখ্য যে সুনকৰ এই পদবী মন্ত্ৰীসভাৰ দ্বিতীয় আটাইতকৈ শক্তিশালী পদ। লক্ষ্যণীয়ভাৱে দুই পদত্যাগী নেতা জাভিদ আৰু সুনক মূলত: ক্ৰমে পাকিস্তান আৰু ভাৰতীয় বংশোদ্ভূত। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই জনছনৰ পদত্যাগৰ আঁৰত ভাৰত-পাকিস্তানৰ মিত্ৰতাৰ সূত্ৰ জড়িত আছে বুলি উল্লেখ কৰা হৈছে।

উল্লেখ্য যে মঙলবাৰে ব্ৰিটেইনৰ ৰাজকোষৰ চেঞ্চেলৰ পদৰ পৰা পদত্যাগ কৰা ঋষি সুনক প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ কেবিনেটৰ আটাইতকৈ বিশিষ্ট ব্যক্তি আছিল। ২০১৫ চনত সংসদলৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত ব্ৰিটেইনৰ ৰাজনীতিত দ্ৰুত উত্থান ঘটিছিল সুনকৰ।

এতিয়া জনছনৰ পদত্যাগৰ পিছত সুনকেই ব্ৰিটেইনৰ সম্ভাব্য প্ৰধানমন্ত্ৰী হ’ব বুলি সম্প্ৰতি যথেষ্ট চৰ্চা চলিছে। যদি সঁচাকৈয়ে সুনক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয়, তেতিয়াহ’লে দেশখনৰ ইতিহাসত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভূত ৰাজনীতিবিদ হিচাপে বিবেচিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাহৰ জনমূৰি ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে 'মিছন ১ কে' অভিযান
Axiom-4 মুকলি কৰাৰ পিছতে সুভাংশু শুক্লাৰ বাবে প্ৰধানমন্ত্ৰীৰ মোদীৰ বিশেষ বাৰ্তা
স্নায়ুজনিত ৰোগত আক্ৰান্ত বলীউডৰ ভাইজান
এই ৩ টা ফল দৈনিক খালে ছাল জিলিকি উঠে
বহনক্ষম উন্নয়ন, শীৰ্ষৰ ১০০ দেশৰ তালিকাত ভাৰত
কুঁৱাত পৰা গৰু পোৱালিক বচাবলৈ গৈ ৫ জনৰ মৃত্যু
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
গভীৰ সংকটত পাকিস্তানৰ কৃষক
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...