ডিজিটেল ডেস্ক: ‘বৈচিত্ৰৰ মাজত ঐক্য’- বিশ্ব ৰাজনীতিত এই পৰিচয়ৰ বাবে ভাৰতবৰ্ষই এক সুকীয়া স্থান দখল কৰি আহিছে। সাংবিধানিক ভেঁটিত গঢ় লৈ উঠা ভাৰতৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰই এই ‘বৈচিত্ৰৰ মাজত ঐক্য’ৰ পৰিচয়ত সোণত সুৱগা চৰাইছিল। কিন্তু হঠাত ভাৰতৰ সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ মূল আধাৰ সংবিধানৰ ওপৰত নামি আহে নিৰন্তৰ আক্ৰমণ। ২০১৪ চনত ধৰ্মীয় ৰাজনীতিৰ মুকলি পৃষ্ঠপোষক বিজেপিয়ে দেশৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে ভাৰতীয় সমাজ ব্যৱস্থাটোত এক উদ্বেগজনক পৰিৱেশে মূৰ দাঙি উঠে। দেশৰ সাংবিধানিক চৰিত্ৰক মুকলিকৈ উপহাস কৰি বিজেপি তথা বিজেপিৰ আদৰ্শগত আধাৰ আৰ এছ এছ আৰু ইহঁতৰ পোষ্যপুত্ৰ সদৃশ হিন্দুত্ববাদী সংগঠনসমূহে দেশত বাধাহীনভাৱে চটিয়াই দিছে সাম্প্ৰদায়িক বিষবাষ্প। এনে পৰিস্থিতিত দেশৰ বিভিন্ন প্ৰান্তত ক্ৰমশ উদ্ভৱ হ’বলৈ ধৰে সাম্প্ৰদায়িক সংঘাতৰ দৰে উদ্বেগজনক ঘটনা। ভাৰতৰ সেই ‘বৈচিত্ৰৰ মাজত ঐক্য’ নীতিৰ ঠাইত সম্প্ৰতি ফুটি উঠে এক সম্পূৰ্ণ পৃথক চৰিত্ৰ। লজ্জানত হ’বলগীয়া হৈছে বিশ্ব সম্প্ৰদায়ৰ সমুখত।
শাসকীয় বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত হিন্দুত্ববাদী মনোভাৱ পোষণ কৰা একাংশ ব্যক্তি তথা সংগঠনে দেশত সম্প্ৰতি মুকলিকৈয়ে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি আহিছে। হিন্দুত্ববাদী সংগঠনসমূহৰ এনে আগ্ৰাসী চৰিত্ৰৰ ফলশ্ৰুতিত প্ৰকাশ্যেই পৰস্পৰ পৰিপূৰক ৰূপে বৃদ্ধি পাইছে মুছলমান মৌলবাদী শক্তিও।
সম্প্ৰতি দেশৰ ৰাজনীতিত এনেদৰে সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব পৰা বিশেষ কেইটামান ঘটনাই তোলপাৰ লগাই আছে। বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাৰ প্ৰফেট মহম্মদ সম্পৰ্কে মন্তব্যৰ বাবে দেশৰ লগতে সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত নিন্দাৰ সন্মুখীন হোৱাৰ পৰিণতিত নুপুৰ শৰ্মাক নিলম্বন কৰিবলৈ বাধ্য হৈছিল বিজেপি।
নুপুৰ শৰ্মা বিতৰ্কতে ভেজা দি সংঘটিত হৈছিল উদয়পুৰৰ নৃশংস হত্যাকাণ্ড। এই ভয়াৱহ হত্যাকাণ্ডই সমগ্ৰ দেশতে খলকনি তুলিছিল। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদ প্ৰতিষ্ঠানৰ অনুসন্ধানমূলক প্ৰতিবেদনৰ পাছত এই হত্যাকাণ্ড ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিযোগ উঠিছিল।
ইয়াৰ পিছতে বাতৰিৰ শীৰ্ষলৈ আহিছিল উত্তৰ প্ৰদেশৰ আন এক ঘটনা। ৰাজ্যখনৰ চম্ভলৰ এক ব্যস্ত এলেকাত থকা এখন ৰেষ্টুৰেণ্টৰ পৰা দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তালিব হুছেইন নামৰ এজন ব্যক্তিক। তালিবৰ বিৰুদ্ধে উত্থাপিত হৈছিল হিন্দু দেৱ-দেৱীৰ ফটো সম্বলিত বাতৰি কাকতৰ টুকুৰাত মাংস মেৰিয়াই বিক্ৰী কৰাৰ অভিযোগ।
তালিবে এনে কৰ্মৰ দ্বাৰা হিন্দু ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে তালিবক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু তালিবৰ পুত্ৰ তাবিশে উল্লেখ কৰা মতে কাকত সমূহত কোনো মাংস মেৰিওৱা হোৱা নাছিল। সেই স্থানত পৰম্পৰাগতভাৱে চলি অহাৰ দৰেই কাকতসমূহত ৰুটীহে মেৰিয়াই দিয়া হৈছিল বুলি তাবিশে দাবী কৰিছিল।
এনেধৰণৰ কেইবাটাও সাম্প্ৰদায়িক বাদ-বিবাদে দেশৰ ৰাজনীতি খলকনি তুলি থকাৰ সময়তে আন এক বিতৰ্কিত মন্তব্যৰে জ্বলা জুইত ঘিঁউ ঢালিছে কৰ্ণাটকৰ এগৰাকী হিন্দুত্ববাদী নেতাই। মুছলমান ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ কোৰাণ সন্দৰ্ভত এক উদ্বেগ সৃষ্টিকাৰী মন্তব্য কৰিছে এই কট্টৰ ধৰ্মীয় নেতাগৰাকীয়ে। হিন্দু জাগৰণ বেদিক নামৰ এটা হিন্দুত্ববাদী সংগঠনৰ নেতাগৰাকীয়ে কোৰাণক সন্ত্ৰাসবাদীয়ে পঢ়া গ্ৰন্থ আখ্যা দিছে।
ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহাইয়া লাল হত্যাকাণ্ডৰ প্ৰতিবাদৰ বাবে সমবেত হোৱা একাংশ লোকৰ সন্মুখত ভাষণ প্ৰদান কৰি কেশৱ মূৰ্তিয়ে কয়, "কোৰাণত মানুহক হত্যা কৰিবলৈ কোৱা হৈছে। গতিকে, আপুনি নাভাবেনে যিসকলে কোৰাণ পঢ়িছে তেওঁলোকেও একেটা অনুসৰণ কৰিব? যিসকলে কোৰাণ পঢ়ে তেওঁলোক একো একোজন সন্ত্ৰাসবাদী।”
কেশৱ মূৰ্তিৰ এই ভাষণৰ দৃশ্য সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এনে তীব্ৰ ঘৃণামূলক বক্তব্যৰ বিৰুদ্ধে অঞ্জুমান-ই-ইছলামিয়া নামৰ এটা সংগঠনে কোলাৰ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত কোলাৰ আৰক্ষীয়ে হিন্দু জাগৰণ বেদিক নামৰ সংগঠনটোৰ ৰাজ্যিক আহ্বায়ক কেশৱ মূৰ্তি আৰু আন কিছু লোকৰ বিৰুদ্ধে কোৰাণ আৰু মুছলমানসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰিছে।
কেশৱ মূৰ্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৫৩ এ (সম্প্ৰদায়ৰ মাজত শত্ৰুতা বৃদ্ধি কৰা), ১৫৩ বি (সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ উদ্দেশ্যৰে উচতনি) আৰু ২৯৫ এ (ধৰ্মীয় অনুভূতিত আঘাত সনা)ৰ অধীনত ৰুজু কৰা হৈছে।
উল্লেখ্য যে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা এনে বিতৰ্কিত স্থিতিৰ পাছতো এই হিন্দুত্ববাদী লোকসকল শাসকপক্ষৰ অনুগ্ৰহত কোনো আইনী শাস্তিৰো সন্মুখীন নোহোৱাকৈ মুক্তভাৱে ঘূৰি ফুৰাৰ নজিৰ আছে। গতিকে এতিয়া এনে উচতনিমূলক বক্তব্যৰ পাছত কেশৱ মূৰ্তিৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষ্যণীয় হ’ব।