--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবহু আশা কৰি তেওঁ টুইটাৰ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু দৰে-দামে মিলাৰ পিছতো এতিয়া আন কেতবোৰ কাৰকৰ বাবে টুইটাৰ ক্ৰয়ৰ আশা একপ্ৰকাৰ বাদেই দিছে বিশ্বৰ অন্যতম ধনী ব্যক্তি এলন মাস্কে৷শেহতীয়াকৈ  এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ বাবে কৰা  ৪৪ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ বাতিল কৰা বুলি জানিব পৰা গৈছে। টুইটাৰে ভুৱা একাউণ্টৰ সংখ্যাৰ বিষয়ে পৰ্যাপ্ত তথ্য প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ কৰিয়েই মাস্কে সেই  চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লৈছে৷

মাস্কৰ মতে টুইটাৰে তেওঁৰ সৈতে কৰা  সামগ্ৰিক চুক্তি  উলংঘন কৰিছে৷ মাস্কে টুইটাৰৰ পৰা ভুৱা একাউণ্টৰ তথ্য বিচাৰি আছিল যদিও টুইটাৰে সেয়া দিয়া নাছিল৷ মাস্কৰ অধিবক্তা  মাইক ৰিংলাৰে প্ৰকাশ কৰা মতে  মাস্কৰ ইচ্ছাৰ বিপৰীতে গৈ  টুইটাৰে চুক্তিখন বলবলৱৎ কৰিবলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে৷চুক্তি অনুসৰি এলন মাস্কে টুইটাৰৰ সৈতে বিত্তীয় লেনদেন সম্পূৰ্ণ নকৰিলে ১ বিলিয়ন ডলাৰ ক্ষতিপূৰণ দিব  লাগিব।টুইটাৰে ব্যৱহাৰকাৰীৰ ভিতৰত ৫ শতাংশতকৈও কম স্পাম আৰু বট একাউণ্ট আছে বুলি  দাবী কৰি আহিছে৷

কিন্তু এই সম্পৰ্কীয় তথ্য প্ৰদানত ব্যৰ্থ হৈছে৷  উল্লেখ্য   টুইটাৰ ক্ৰয় কৰোতে মাস্কৰ ব্যয় হ’লহেঁতেন নগদ ৪,৪৪০ কোটি ডলাৰ।
ভাৰতীয় মুদ্ৰাত প্ৰায় ৩,৩৬,৯৪১ কোটি ২২লাখ টকাত এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল৷  

টুইটাৰৰ মুখ্য কাৰ্যবাহী পৰাগ আগৰৱালে কয়, ‘’টুইটাৰৰ এটা উদ্দেশ্য আৰু প্ৰাসংগিকতা আছে। ই সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰে। আমাৰ গোটেই দলটোৰ বাবে মই বৰ গৌৰৱ অনুভৱ কৰিছো।‘’

উল্লেখ্য যে কিছুদিন পূৰ্বে এলন মাস্কে প্ৰায় ২২হাজাৰ কোটি ডলাৰৰ বিনিময়ত টুইটাৰৰৰ ৯.২ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। এইবাৰ সম্পূৰ্ণ মালিকীস্বত্বই তেওঁ ল’ব বিচাৰিছিল৷

এলন মাস্কে জনায় যে টুইটাৰৰ অংশীদাৰিত্ব ক্ৰয়ৰ সময়তে তেওঁ ভাৱিছিল যে টুইটাৰ গোটেই বিশ্বতে বাক্ স্বাধীনতাৰ প্ৰধান মাধ্যম হৈ উঠিব। কিন্তু বিনিয়োগৰ পিছত তেওঁ হেনো উপলব্ধি কৰিছে যে বৰ্তমান সময়ত টুইটাৰৰ বাবে সেয়া সম্ভৱ নহয়। সেয়ে ব্যক্তিগত মালিকীস্বত্বৰ কোম্পানী হিচাপে ইয়াৰ পৰিৱৰ্তন কৰাই এতিয়া তেওঁৰ লক্ষ্য আছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি