--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুৰুষ ক্ৰিকেটাৰসকলৰ সমানেই মাননি লাভ কৰিব মহিলা ক্ৰিকেটাৰসকলেও। বিচিচিআইয়ে শেহতীয়াকৈ এই সিদ্ধান্ত লৈছে।

বৃহস্পতিবাৰে বিচিচিআইৰ সচিব জয় শ্বাহে ঘোষণা কৰে যে ব’ৰ্ডৰ স’তে বন্দোৱস্ত থকা পুৰুষ আৰু মহিলা খেলুৱৈ, উভয়ে সমান পৰিমাণে একোখন মেচৰ মাননি লাভ কৰিব।

পুৰুষৰ সমানেই মহিলাসকলকো এই পদক্ষেপৰ দ্বাৰা ক্ৰিকেটৰ পথাৰত গুৰুত্ব প্ৰদান কৰা হৈছে। বিচিচিআইয়ে এটা টুইটযোগে কয় যে লিংগ বৈষম্য দূৰ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে। তদুপৰি ২০২৩ চনত মহিলা আইপিএলো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে বিচিচিআইয়ে টীম ইণ্ডিয়াৰ খেলুৱৈসকলক প্ৰতিখন টেষ্টৰ বাবদ ১৫ লাখ, এদিনীয়াৰ বাবদ ৬ লাখ আৰু আন্তৰ্জাতিক টি২০ৰ বাবদ ৩ লাখ টকাকৈ মাননি প্ৰদান কৰি আহিছে।

অৱশ্যে উভয় লিংগৰ ক্ৰিকেটাৰক এনেদৰে সমান মাননি প্ৰদান কৰাত কেৱল ভাৰতেই নহয়, নিউজিলেণ্ডে একেই পদক্ষেপ হাতত লৈছে। চলিত বৰ্ষৰ প্ৰথমফালে নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে এই ঘোষণা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু