--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুৰুষ ক্ৰিকেটাৰসকলৰ সমানেই মাননি লাভ কৰিব মহিলা ক্ৰিকেটাৰসকলেও। বিচিচিআইয়ে শেহতীয়াকৈ এই সিদ্ধান্ত লৈছে।

বৃহস্পতিবাৰে বিচিচিআইৰ সচিব জয় শ্বাহে ঘোষণা কৰে যে ব’ৰ্ডৰ স’তে বন্দোৱস্ত থকা পুৰুষ আৰু মহিলা খেলুৱৈ, উভয়ে সমান পৰিমাণে একোখন মেচৰ মাননি লাভ কৰিব।

পুৰুষৰ সমানেই মহিলাসকলকো এই পদক্ষেপৰ দ্বাৰা ক্ৰিকেটৰ পথাৰত গুৰুত্ব প্ৰদান কৰা হৈছে। বিচিচিআইয়ে এটা টুইটযোগে কয় যে লিংগ বৈষম্য দূৰ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে। তদুপৰি ২০২৩ চনত মহিলা আইপিএলো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে বিচিচিআইয়ে টীম ইণ্ডিয়াৰ খেলুৱৈসকলক প্ৰতিখন টেষ্টৰ বাবদ ১৫ লাখ, এদিনীয়াৰ বাবদ ৬ লাখ আৰু আন্তৰ্জাতিক টি২০ৰ বাবদ ৩ লাখ টকাকৈ মাননি প্ৰদান কৰি আহিছে।

অৱশ্যে উভয় লিংগৰ ক্ৰিকেটাৰক এনেদৰে সমান মাননি প্ৰদান কৰাত কেৱল ভাৰতেই নহয়, নিউজিলেণ্ডে একেই পদক্ষেপ হাতত লৈছে। চলিত বৰ্ষৰ প্ৰথমফালে নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে এই ঘোষণা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক