--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত বনাম পাকিস্তানৰ মেচ মানেই ক্ৰিকেট বিশ্বত এক অনামী উত্তেজনা। কেৱল দেশ দুখনৰ ভিতৰতেই নহয়, এই উত্তেজনাই স্পৰ্শ কৰে সমগ্ৰ ক্ৰিকেট বিশ্বকে। কিন্তু আইচিচিৰ প্ৰধান প্ৰধান টুৰ্ণামেণ্ট সমূহ তথা এছিয়া কাপৰ বাদে দুয়োখন দেশৰ মাজত ক্ৰিকেট মেচ উপভোগ কৰাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে ক্ৰিকেট অনুৰাগীসকল। মূলত: ৰাজনৈতিক কাৰকৰ প্ৰভাৱৰ ফলশ্ৰুতিত দীৰ্ঘদিন ধৰি দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাৰ পৰা আঁতৰি আছে দুই চুবুৰীয়া ক্ৰিকেট শক্তি। এনে ৰাজনৈতিক কাৰণতে দেশ দুখনে পাৰস্পৰিক ভূমিত কোনো ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই।

কিন্তু এইবাৰ এই পৰম্পৰা আঁতৰ কৰাৰ মন মেলিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। অহা বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপত অংশগ্ৰহণৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ভাৰতীয় ক্ৰিকেট দলক প্ৰেৰণ কৰিব নে নকৰে, এই লৈ যথেষ্ট চৰ্চা চলি আহিছে। এনে চৰ্চাৰ মাজতে বিচিচিআই- এ মহাদেশীয় টুৰ্ণামেণ্টখনৰ বাবে পাকিস্তানলৈ দল প্ৰেৰণৰ বাবে সন্মতি প্ৰকাশ কৰিছে। অৱশ্যে ব’ৰ্ডৰ এই ইচ্ছাই চৰকাৰৰ সন্মতি পোৱাৰ পিছতহে চূড়ান্ত ৰূপ ল’ব। 

বিচিচিআই- এ আগন্তুক বাৰ্ষিক সাধাৰণ সভাৰ পূৰ্বে প্ৰতিখন ৰাজ্যিক সংস্থালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰখনৰ জৰিয়তে পাকিস্তান ভ্ৰমণ সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি জানিব পৰা গৈছিল। ১৮ অক্টোবৰত পুনৰ বিচিচিআইৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ’ব। এই সাধাৰণ সভাত এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছিল।

উল্লেখ্য যে এছিয়ান ক্ৰিকেট কাউন্সিলে পাকিস্তানক ২০২৩ চনত ৫০ অভাৰৰ এছিয়া কাপ আয়োজনৰ স্বত্ব দিছিল। এছিয়া কাপৰ পিছতে ভাৰতত বিশ্বকাপ অনুষ্ঠিত হ'ব। এনে অৱস্থাত দেশ দুখনে এছিয়া কাপ আৰু বিশ্বকাপত ভাগ লোৱাৰ ক্ষেত্ৰত কেনে সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

স্মৰ্তব্য যে, ভাৰত আৰু পাকিস্তানে ২০১২-১৩ বৰ্ষৰ পৰা কোনো দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাত অৱতীৰ্ণ হোৱা নাই। ২০১২ চনত পাকিস্তানে তিনিখনকৈ টি-২০ আৰু এদিনীয়া মেচৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। ইফালে ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতে ২০০৫-০৬ বৰ্ষত দ্বিপাক্ষিক শৃংখলাৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল। অৱশ্যে, ২০০৮ চনত এছিয়া কাপৰ বাবে ভাৰতে শেষবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু