--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত বনাম পাকিস্তানৰ মেচ মানেই ক্ৰিকেট বিশ্বত এক অনামী উত্তেজনা। কেৱল দেশ দুখনৰ ভিতৰতেই নহয়, এই উত্তেজনাই স্পৰ্শ কৰে সমগ্ৰ ক্ৰিকেট বিশ্বকে। কিন্তু আইচিচিৰ প্ৰধান প্ৰধান টুৰ্ণামেণ্ট সমূহ তথা এছিয়া কাপৰ বাদে দুয়োখন দেশৰ মাজত ক্ৰিকেট মেচ উপভোগ কৰাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে ক্ৰিকেট অনুৰাগীসকল। মূলত: ৰাজনৈতিক কাৰকৰ প্ৰভাৱৰ ফলশ্ৰুতিত দীৰ্ঘদিন ধৰি দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাৰ পৰা আঁতৰি আছে দুই চুবুৰীয়া ক্ৰিকেট শক্তি। এনে ৰাজনৈতিক কাৰণতে দেশ দুখনে পাৰস্পৰিক ভূমিত কোনো ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই।

কিন্তু এইবাৰ এই পৰম্পৰা আঁতৰ কৰাৰ মন মেলিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। অহা বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপত অংশগ্ৰহণৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ভাৰতীয় ক্ৰিকেট দলক প্ৰেৰণ কৰিব নে নকৰে, এই লৈ যথেষ্ট চৰ্চা চলি আহিছে। এনে চৰ্চাৰ মাজতে বিচিচিআই- এ মহাদেশীয় টুৰ্ণামেণ্টখনৰ বাবে পাকিস্তানলৈ দল প্ৰেৰণৰ বাবে সন্মতি প্ৰকাশ কৰিছে। অৱশ্যে ব’ৰ্ডৰ এই ইচ্ছাই চৰকাৰৰ সন্মতি পোৱাৰ পিছতহে চূড়ান্ত ৰূপ ল’ব। 

বিচিচিআই- এ আগন্তুক বাৰ্ষিক সাধাৰণ সভাৰ পূৰ্বে প্ৰতিখন ৰাজ্যিক সংস্থালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰখনৰ জৰিয়তে পাকিস্তান ভ্ৰমণ সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি জানিব পৰা গৈছিল। ১৮ অক্টোবৰত পুনৰ বিচিচিআইৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ’ব। এই সাধাৰণ সভাত এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছিল।

উল্লেখ্য যে এছিয়ান ক্ৰিকেট কাউন্সিলে পাকিস্তানক ২০২৩ চনত ৫০ অভাৰৰ এছিয়া কাপ আয়োজনৰ স্বত্ব দিছিল। এছিয়া কাপৰ পিছতে ভাৰতত বিশ্বকাপ অনুষ্ঠিত হ'ব। এনে অৱস্থাত দেশ দুখনে এছিয়া কাপ আৰু বিশ্বকাপত ভাগ লোৱাৰ ক্ষেত্ৰত কেনে সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

স্মৰ্তব্য যে, ভাৰত আৰু পাকিস্তানে ২০১২-১৩ বৰ্ষৰ পৰা কোনো দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাত অৱতীৰ্ণ হোৱা নাই। ২০১২ চনত পাকিস্তানে তিনিখনকৈ টি-২০ আৰু এদিনীয়া মেচৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। ইফালে ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতে ২০০৫-০৬ বৰ্ষত দ্বিপাক্ষিক শৃংখলাৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল। অৱশ্যে, ২০০৮ চনত এছিয়া কাপৰ বাবে ভাৰতে শেষবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক