--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব ক্ৰিকেটৰ পেচ তাৰকাসকলৰ ভিতৰত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ ব্ৰেট লীৰ নাম সদায়ে উচ্চাৰিত হ'ব। বলিঙত দুৰন্ত গতি আৰু নিখুঁত লাইন-লেংথেৰে এসময়ত ক্ৰিকেট বিশ্বত একপ্ৰকাৰ ত্ৰাসৰ কাৰণ হৈ পৰিছিল লী। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত অষ্ট্ৰেলিয়াৰ এই প্ৰাক্তন তাৰকাগৰাকীয়ে ক্ৰিকেটৰ সৈতেই নিজকে জড়িত কৰি ৰাখিছে। এসময়ৰ এই দুৰন্ত পেচাৰগৰাকী বৰ্তমানৰ এগৰাকী উদীয়মান পেচাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। এই নৱ-উত্থিত পেচাৰগৰাকীৰ সন্দৰ্ভত লীয়ে শেহতীয়াকৈ কৰিছে এক বিশেষ মন্তব্য। 

এক সাক্ষাৎকাৰত ব্ৰেট লীয়ে এই যুৱ ক্ৰিকেটাৰগৰাকীক প্ৰতীকি অৰ্থত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গাড়ী বুলি অভিহিত কৰি তেওঁক দলত স্থান নিদিয়াত এই সৰ্বশ্ৰেষ্ঠ গাড়ীখনক গেৰেজত পেলাই থোৱা হৈছে বুলি মন্তব্য কৰিছে। ব্ৰেট লীৰ দৰে এগৰাকী মহান পেচাৰৰ পৰা প্ৰশংসিত হোৱা এই নৱোদিত তাৰকাগৰাকী হৈছে ভাৰতৰ স্পীডষ্টাৰ উমৰান মালিক। আইপিএলৰ জৰিয়তে ক্ৰিকেট বিশ্বৰ চিনাকি হৈ পৰা উমৰান সাম্প্ৰতিক সময়ৰ এগৰাকী অন্যতম তীব্ৰগতিত বল কৰিব পৰা বলাৰ। 

ধাৰাবাহিকভাৱে প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰতকৈও অধিক গতিত বল কৰাৰ সামৰ্থৰে উমৰান মালিকে ক্ৰিকেট বিশ্বক চমকিত কৰি তুলিছিল। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ দুৰন্ত প্ৰদৰ্শন আগবঢ়াই উমৰানে ক্ৰিকেট বিশেষজ্ঞসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই প্ৰদৰ্শনৰ সুবাদতে উমৰানৰ বাবে মুকলি হৈছিল ভাৰতৰ জাতীয় দলৰ দুৱাৰ। ভাৰতীয় দলৰ ছিনিয়ৰ খেলুৱৈসকলৰ অনুপস্থিতিত চলিত বৰ্ষতে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে উমৰানক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছিল। 

অৱশ্যে মাত্ৰ তিনিখন মেচ খেলাৰ পিছত তেওঁক দলৰ পৰা বাদ দিয়া হয়। বিশেষকৈ গতিৰ সমানে নিজৰ লাইন-লেংথ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম নোহোৱাৰ বাবে উমৰান যথেষ্ট খৰচী বিবেচিত হৈছিল। আগন্তুক টি-২০ বিশ্বকাপৰ বাবেও ভাৰতীয় দলত স্থান লাভত বিফল হয় যুৱ পেচাৰগৰাকী। বিশ্বকাপৰ পৰা উমৰানক বাদ দিয়া সন্দৰ্ভত নিজৰ অনুভৱ প্ৰকাশ কৰি ব্ৰেট লীয়ে যুৱ পেচাৰগৰাকীক বিশ্বকাপ ইভেণ্টৰ বাবে ভাৰতৰ দলত অন্তৰ্ভুক্ত কৰা উচিত আছিল বুলি মন্তব্য কৰে।

"উমৰান মালিকে প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত বলিং কৰিছে। মই ভাবোঁ, যেতিয়া আপোনাৰ ওচৰত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ গাড়ী থাকে আৰু তাৰ পাছতো আপুনি এই গাড়ীখন গেৰেজত এৰি দিয়ে, তেতিয়া সেই গাড়ীখন থকাৰ অৰ্থ কি? উমৰান মালিকক বিশ্বকাপৰ বাবে ভাৰতীয় দলত বাছনি কৰা উচিত আছিল।"- ক্ৰিকেট কেন্দ্ৰীক সাৎক্ষাৰটোত লীয়ে এইদৰে কয়।

লীয়ে লগতে উমৰানে তেওঁৰ তীব্ৰ গতিৰে অষ্ট্ৰেলিয়ান পিটছত বিপক্ষৰ বেটাৰক অসুবিধাত পেলোৱাৰ পূৰ্বৰ ৰেকৰ্ডো আঙুলিয়াই দিয়ে। "হয়, তেওঁ বয়সত সৰু আৰু অনভিজ্ঞ। কিন্তু তেওঁ প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত বল কৰে। সেয়েহে তেওঁক দলত অন্তৰ্ভুক্ত কৰি অষ্ট্ৰেলিয়াৰ দৰে বাউন্সী উইকেটত সুযোগ দিয়া  উচিত আছিল।"– লীয়ে লগতে কয়।

উল্লেখ্য যে, পিঠিৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হোৱা তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ অবিহনেই ভাৰতে টি-২০ বিশ্বকাপত অৱতীৰ্ণ হ’ব। বিচিচিআইয়ে এতিয়ালৈকে বুমৰাহৰ বিকল্প খেলুৱৈৰ নাম ঘোষণা কৰা নাই। বুমৰাহৰ লগতে ষ্টেণ্ডবাই তালিকাত থকা দীপক চাহাৰো আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হৈছে। এনে সময়তে উমৰানক লৈ ব্ৰেট লীৰ দৰে বিশ্ব ক্ৰিকেটৰ এগৰাকী স্বনামধন্য তাৰকাই কৰা মন্তব্য যথেষ্ট চৰ্চিত হৈ পৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?