--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোণাল্ডো, মেছিৰ পাছতে স্থান লাভ কৰিছে কোহলীয়ে। ইনষ্টাগ্ৰামত সৰ্বাধিক ফলোৱাৰ্ছ থকা চেলিব্ৰেটীসকলৰ ভিতৰত অন্যতম হৈছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী। এইবাৰ কোহলীয়ে ইনষ্টাগ্ৰামৰ দ্বাৰা সৰ্বাধিক আয় কৰা চেলিব্ৰেটীৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে।

জানিব পৰা মতে, ইনষ্টাগ্ৰাম স্পনচ’ৰশ্বিপৰ যোগেৰে কোহলীয়ে ২০২১ চনত ৩৬.৭ মিলিয়ন ডলাৰ আয় কৰিছে। ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে ৮৫ মিলিয়ন ডলাৰ আৰু লিঅ’নেল মেছিয়ে ৭২ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে।

তেওঁলোকৰ পাছতে আছে কোহলী। বৰ্তমান টি২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়াত থকা কোহলীৰ বাবে নিশ্চয়কৈ ই ভাল খবৰ।

আনহাতে, ইনষ্টাগ্ৰামত এইদৰে সৰ্বাধিক আয় কৰা শীৰ্ষ দহজন চেলিব্ৰেটৰ ভিতৰত ৰোণাল্ডো, মেছি আৰু কোহলীৰ বাদে আন কোনো ক্ৰীড়াবিদ নাই। আন চেলিব্ৰেটীসকলৰ ভিতৰত আছে বিয়’ন্স, কেভিন হাৰ্ট, ডুৱা লিপা ইত্যাদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক