--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ২০২৪-২০২৫ বৰ্ষৰ প্ৰথম ৰাউণ্ডৰ দুলীপ ট্ৰফীৰ দল ঘোষণা কৰে। এই প্ৰতিযোগিতাৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে শুভমান গিল, অভিমন্য ইয়াশ্বৰন, ৰুতুৰাজ গাইকৱাদ আৰু শ্ৰেয়াছ আয়াৰক। 

২০২৪ চনৰ ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দুলীপ ট্ৰফী ২০২৪-২০২৫। অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ আৰু বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে সুহৃদ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। 

ইয়াৰ ওপৰিও শ্ৰেয়াছ আয়াৰে ভাৰতীয় টেষ্ট মেচত দুৰ্দান্ত প্ৰদৰ্শন কৰি পুনৰ ঘুৰি অহাৰ সুযোগ লাভ কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে আয়াৰে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট খেলিছিল, য’ত তেওঁৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল। ইয়াৰ পিছত তেওঁ বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিতো স্থান পাবলৈ অক্ষম হৈছিল।

বিচিচিআইৰ ঘোষনাক্ৰমে দলৰ খেলুৱৈসকলক চাৰিটা শ্ৰেনীত বিভক্ত কৰা হৈছে —
টিম এ : শুবমান গিল (অধিনায়ক), মায়ংক আগৰৱাল, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, কে এল ৰাহুল, তিলক ভাৰ্মা, শিৱম ডুবে, তনুষ কোটিয়ান, কুলদীপ যাদৱ, আকাশ দীপ, প্ৰসিধ কৃষ্ণ, খলিল আহমেদ, আৱেশ খান, বিদ্বত কাৱেৰাপ্পা, কুমাৰ কুশাগ্ৰা , শাস্বত ৰাৱত।

টিম বি : অভিমন্যু ইশ্বৰন (অধিনায়ক), যশস্বী জয়ছোৱাল, সৰফৰাজ খান, ঋষভ পন্ত, মুছিৰ খান, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ চিৰাজ, যশ দয়াল, মুকেশ কুমাৰ, ৰাহুল চহৰ, আৰ ছাই কিশোৰ, মোহিত অৱাস্তি,এন জগদীসন (উইকেটকীপাৰ)।

টিম চি : ৰুতুৰাজ গাইকৱাদ (অধিনায়ক), সাই সুদৰ্শন, ৰজত পাটিদাৰ, অভিষেক পোৰেল (উইকেটকীপাৰ), সূৰ্য্যকুমাৰ যাদৱ, বাবা ইন্দৰজীত, হৃতিক শৌকিন, মানৱ সুথাৰ, উমৰাণ মালিক, বিষক বিজয়কুমাৰ, অংশুল খাম্বোজ, হিমাংশু চৌহান, মায়ংক মাৰ্কণ্ডে, আৰিয়ান জুৱাল .(উইকেটকীপাৰ), সন্দীপ ৱাৰিয়ৰ।

টিম ডি : শ্ৰেয়াছ আয়াৰ (অধিনায়ক), অথৰ্ব টাইডে, যশ ডুবে, দেৱদত্ত পদিকল, ঈশান কিষাণ (উইকেটকীপাৰ), ৰিকি ভূই, সৰণশ জৈন, অক্ষৰ পেটেল, আৰ্ষদীপ সিং, আদিত্য ঠাকৰে, হৰ্ষিত ৰাণা, তুষাৰ দেশপাণ্ডে, আকাশ সেনগুপ্ত, কে এছ ভাৰত .(উইকেটকীপাৰ), সৌৰভ কুমাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ