--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ হৈ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মনু ভাকেৰ আৰু নীৰজ চোপ্ৰাই। এনে সময়তে চৰ্চালৈ আহিছে যে দুই জনপ্ৰিয় তাৰকা খেলুৱৈ নীৰজ চোপ্ৰা আৰু মনু ভাকেৰ বিবাহপাশত আৱদ্ধ হ’ব। এই খবৰ ছ’চিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে।

মনু ভাকৰ আৰু তেওঁৰ মাতৃ সুমেধা ভাকৰে নীৰজ চোপ্ৰাক লগ কৰিছিল, এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে। ইয়াৰ পাছতেই ছ’চিয়েল মিডিয়া চাইটত তেওঁলোকৰ সম্পৰ্কক লৈ উৰাবাতৰি ওলাবলৈ ধৰিলে।

ভাইৰেল হোৱা এটা ভিডিঅ’ত মনু ভাকেৰক নীৰজ চোপ্ৰাৰ সৈতে কথা পাতি থকা দেখা গৈছে আনটো ভিডিঅ’ত মনু ভাকেৰৰ মাতৃ সুমেধা ভাকেৰেক নীৰজ চোপ্ৰাৰ সৈতে কথা পাতি থকা দেখা গৈছে। 

তেওঁলোকৰ বিবাহৰ উৰাবাতৰিৰ মাজতে মনু ভাকৰৰ পিতৃয়ে এই বাতৰিক ভুৱা বুলি অভিহিত কৰিছে। এই সন্দৰ্ভত মনুৰ পিতৃ ৰাম কিষানে কয়, "মনু এতিয়াও বহুত সৰু... তেওঁৰ বিয়াৰ বয়স হোৱা নাই। আমি এতিয়াই এই বিষয়ে চিন্তা কৰা নাই।" ইয়াৰ বাহিৰেও তেওঁ কয় যে, “মনুৰ মাতৃয়ে নীৰজক নিজৰ ল’ৰাৰ দৰেই গণ্য কৰে।” 

ইয়াৰ লগতে নীৰজ চোপ্ৰাৰ খুড়াক সুৰেন্দ্ৰ চোপ্ৰাই উৰাবাতৰিটোক অস্বীকাৰ কৰি কয় যে "যেনেকৈ নীৰজে পদক অনাৰ খবৰ সমগ্ৰ দেশবাসীয়ে গম পাইছিল ঠিক তেনেকৈয়ে তেওঁৰ যেতিয়া বিয়া হ’ব তেতিয়া সকলোৱে গম পাব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ