--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ হৈ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মনু ভাকেৰ আৰু নীৰজ চোপ্ৰাই। এনে সময়তে চৰ্চালৈ আহিছে যে দুই জনপ্ৰিয় তাৰকা খেলুৱৈ নীৰজ চোপ্ৰা আৰু মনু ভাকেৰ বিবাহপাশত আৱদ্ধ হ’ব। এই খবৰ ছ’চিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে।

মনু ভাকৰ আৰু তেওঁৰ মাতৃ সুমেধা ভাকৰে নীৰজ চোপ্ৰাক লগ কৰিছিল, এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে। ইয়াৰ পাছতেই ছ’চিয়েল মিডিয়া চাইটত তেওঁলোকৰ সম্পৰ্কক লৈ উৰাবাতৰি ওলাবলৈ ধৰিলে।

ভাইৰেল হোৱা এটা ভিডিঅ’ত মনু ভাকেৰক নীৰজ চোপ্ৰাৰ সৈতে কথা পাতি থকা দেখা গৈছে আনটো ভিডিঅ’ত মনু ভাকেৰৰ মাতৃ সুমেধা ভাকেৰেক নীৰজ চোপ্ৰাৰ সৈতে কথা পাতি থকা দেখা গৈছে। 

তেওঁলোকৰ বিবাহৰ উৰাবাতৰিৰ মাজতে মনু ভাকৰৰ পিতৃয়ে এই বাতৰিক ভুৱা বুলি অভিহিত কৰিছে। এই সন্দৰ্ভত মনুৰ পিতৃ ৰাম কিষানে কয়, "মনু এতিয়াও বহুত সৰু... তেওঁৰ বিয়াৰ বয়স হোৱা নাই। আমি এতিয়াই এই বিষয়ে চিন্তা কৰা নাই।" ইয়াৰ বাহিৰেও তেওঁ কয় যে, “মনুৰ মাতৃয়ে নীৰজক নিজৰ ল’ৰাৰ দৰেই গণ্য কৰে।” 

ইয়াৰ লগতে নীৰজ চোপ্ৰাৰ খুড়াক সুৰেন্দ্ৰ চোপ্ৰাই উৰাবাতৰিটোক অস্বীকাৰ কৰি কয় যে "যেনেকৈ নীৰজে পদক অনাৰ খবৰ সমগ্ৰ দেশবাসীয়ে গম পাইছিল ঠিক তেনেকৈয়ে তেওঁৰ যেতিয়া বিয়া হ’ব তেতিয়া সকলোৱে গম পাব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু