--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচিত্ৰ দেশ ভাৰত। ভাৰতৰ চুকে-কোণে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে। তেওঁলোকৰ নিজৰ নিজৰ পৰম্পৰা তথা ৰীতি-নীতি আদি আছে। আমাৰ দেশৰে এটা সম্প্ৰদায়ৰ মাজত আজিও প্ৰচলন হৈ আছে কন্যাৰ বিয়াত বিষাক্ত সাপ যৌতুক হিচাবে দিয়াৰ পৰম্পৰা! হয়, সেই পৰম্পৰা ৰক্ষা কৰিয়েই সম্প্ৰদায়টোৱে বিবাহ কাৰ্য সম্পাদন কৰি আহিছে। এডাল নহয়, দুডাল নহয়, ২১ ডালকৈ অতি বিষাক্ত সাপ সম্প্ৰদায়টোৱে ছোৱালীৰ বিয়াৰ সময়ত দৰাক উপহাৰ হিচাবে দিয়ে।

বিয়াত বিষধৰ সাপ উপহাৰ হিচাবে আগবঢ়োৱা সম্প্ৰদায়টো হৈছে  মধ্য প্ৰদেশৰ  গৌৰীয় সম্প্ৰদায়। এই সম্প্ৰদায়ৰ মাজত  জোৱাইয়েকক বিয়াৰ সময়ত  যৌতুক হিচাপে   ২১ ডাল বিষধৰ সাপ দিয়াৰ পৰম্পৰা আজিও অব্যাহত আছে। 
সম্প্ৰদায়টোৰ মাজত এই প্ৰথা বহু যুগ যুগ ধৰি চলি আহিছে।

সম্প্ৰদায়টোৰ  লোকসকলে বিশ্বাস কৰে যে যদি  ছোৱালীৰ বিয়াত সাপ উপহাৰ হিচাবে দিয়া নহয় তেন্তে   কন্যাৰ সংসাৰ বেছিদিন টিকি নাথাকিব।সেয়ে কন্যাৰ বিয়া ঠিক হোৱাৰ পাছতেই কন্যাৰ পিতৃয়ে জোৱাইয়েকক উপহাৰ দিবলৈ হাবিত সাপ ধৰাৰ অভিযান আৰম্ভ কৰি দিয়ে। গৌৰীয় সম্প্ৰদায়ৰ লোকসকলে সাপক তেওঁলোকৰ পৰিয়ালৰে সদস্য বুলি গণ্য কৰে। তেওঁলোকে সেয়ে সাপক ভয় কৰাৰ সলনি সাপৰ সৈতে সহাৱস্থানহে কৰি আহিছে।

আনকি সম্প্ৰদায়টোৰ  শিশুসকলেও সাপক ভয় নকৰে। বিষাক্ত সাপৰ সৈতে শিশুসকলে  খেলি থকাহে দেখা যায়।দৰাচলতে  সম্প্ৰদায়টোৰ প্ৰধান বৃত্তি হৈছে সাপ ধৰা আৰু সেই সাপৰ খেল  দেখুৱাই জীৱিকা অৰ্জন কৰা।

বিয়াত কন্যাৰ পিতৃয়ে সাপ উপহাৰ দিয়াৰ কাৰণটো হ'ল   জোৱাইয়েকে যাতে সেই সাপৰ জৰিয়তে ধন উপাৰ্জন কৰি পৰিয়াল চলাব পাৰে।সম্প্ৰদায়টোৰ লোকসকলে সাপক দেৱতাৰ দৰে জ্ঞান কৰে। 

কিবা কাৰণত সম্প্ৰদায়টোৰ কাৰোৱাৰ ঘৰত সাপৰ মৃত্যু হ'লে গোটেই পৰিয়ালটোৱে মুণ্ডন কৰাৰ লগতে আন লোকক মাতি আনি ভোজ খুৱাব লাগে। বি.আত সাপ উপহাৰ দিয়াৰ পৰম্পৰা সঁচাকৈয়ে আচৰিত নহয়নে বাৰু?

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ