--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচিত্ৰ দেশ ভাৰত। ভাৰতৰ চুকে-কোণে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে। তেওঁলোকৰ নিজৰ নিজৰ পৰম্পৰা তথা ৰীতি-নীতি আদি আছে। আমাৰ দেশৰে এটা সম্প্ৰদায়ৰ মাজত আজিও প্ৰচলন হৈ আছে কন্যাৰ বিয়াত বিষাক্ত সাপ যৌতুক হিচাবে দিয়াৰ পৰম্পৰা! হয়, সেই পৰম্পৰা ৰক্ষা কৰিয়েই সম্প্ৰদায়টোৱে বিবাহ কাৰ্য সম্পাদন কৰি আহিছে। এডাল নহয়, দুডাল নহয়, ২১ ডালকৈ অতি বিষাক্ত সাপ সম্প্ৰদায়টোৱে ছোৱালীৰ বিয়াৰ সময়ত দৰাক উপহাৰ হিচাবে দিয়ে।

বিয়াত বিষধৰ সাপ উপহাৰ হিচাবে আগবঢ়োৱা সম্প্ৰদায়টো হৈছে  মধ্য প্ৰদেশৰ  গৌৰীয় সম্প্ৰদায়। এই সম্প্ৰদায়ৰ মাজত  জোৱাইয়েকক বিয়াৰ সময়ত  যৌতুক হিচাপে   ২১ ডাল বিষধৰ সাপ দিয়াৰ পৰম্পৰা আজিও অব্যাহত আছে। 
সম্প্ৰদায়টোৰ মাজত এই প্ৰথা বহু যুগ যুগ ধৰি চলি আহিছে।

সম্প্ৰদায়টোৰ  লোকসকলে বিশ্বাস কৰে যে যদি  ছোৱালীৰ বিয়াত সাপ উপহাৰ হিচাবে দিয়া নহয় তেন্তে   কন্যাৰ সংসাৰ বেছিদিন টিকি নাথাকিব।সেয়ে কন্যাৰ বিয়া ঠিক হোৱাৰ পাছতেই কন্যাৰ পিতৃয়ে জোৱাইয়েকক উপহাৰ দিবলৈ হাবিত সাপ ধৰাৰ অভিযান আৰম্ভ কৰি দিয়ে। গৌৰীয় সম্প্ৰদায়ৰ লোকসকলে সাপক তেওঁলোকৰ পৰিয়ালৰে সদস্য বুলি গণ্য কৰে। তেওঁলোকে সেয়ে সাপক ভয় কৰাৰ সলনি সাপৰ সৈতে সহাৱস্থানহে কৰি আহিছে।

আনকি সম্প্ৰদায়টোৰ  শিশুসকলেও সাপক ভয় নকৰে। বিষাক্ত সাপৰ সৈতে শিশুসকলে  খেলি থকাহে দেখা যায়।দৰাচলতে  সম্প্ৰদায়টোৰ প্ৰধান বৃত্তি হৈছে সাপ ধৰা আৰু সেই সাপৰ খেল  দেখুৱাই জীৱিকা অৰ্জন কৰা।

বিয়াত কন্যাৰ পিতৃয়ে সাপ উপহাৰ দিয়াৰ কাৰণটো হ'ল   জোৱাইয়েকে যাতে সেই সাপৰ জৰিয়তে ধন উপাৰ্জন কৰি পৰিয়াল চলাব পাৰে।সম্প্ৰদায়টোৰ লোকসকলে সাপক দেৱতাৰ দৰে জ্ঞান কৰে। 

কিবা কাৰণত সম্প্ৰদায়টোৰ কাৰোৱাৰ ঘৰত সাপৰ মৃত্যু হ'লে গোটেই পৰিয়ালটোৱে মুণ্ডন কৰাৰ লগতে আন লোকক মাতি আনি ভোজ খুৱাব লাগে। বি.আত সাপ উপহাৰ দিয়াৰ পৰম্পৰা সঁচাকৈয়ে আচৰিত নহয়নে বাৰু?

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক