--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজোপা গছতে ৩০০ প্ৰজাতিৰ  আম! কথাষাৰ শুনিবলৈয়েই কিবা আচহুৱা যেন লগা নাইনে? কিন্তু অবিশ্বাস্য হ’লেও এনে এজোপা আম গছেই আছে আমাৰ এই ভাৰতবৰ্ষত।এই ১২০ বছৰ পুৰণি আম গছজোপাত লাগে ৩০০ ভিন্ন স্বাদ আৰু গোন্ধৰ আম। এনে এজোপা আম গছেই তেওঁক খ্যাতি প্ৰদান কৰিছে। এক কথাত ক'বলৈ গ'লে ই এক আশ্চৰ্যকৰ গছ।  কমেও ৩০০ প্ৰজাতিৰ আম উৎপন্ন হোৱা  এই অদ্ভুত গছজোপা লক্ষ্ণৌৰ মালিহাবাদৰ বাসিন্দা কালিমুল্লা খানে চোৱাচিতা কৰে। যোৱা কেইটামান দশক ধৰি কালিমে প্ৰতিদিনে গছজোপাৰ যত্ন লৈ আহিছে। 

দেখাত সাধাৰণ আম গছৰ দৰেই লগা এই আম গছ জোপাত  সকলো ধৰণৰ আমৰ আশ্চৰ্যজনক সংমিশ্ৰণ ঘটোৱা হৈছে।  আম গছৰ সৈতে সম্পৰীক্ষা চলোৱাটো  কালিমৰ আসক্তিত পৰিণত হৈছে। খুব কম বয়সৰ পৰাই তেওঁ একেজোপা গছতে কিদৰে ভিন্ন প্ৰজাতিৰ আম উৎপন্ন কৰিব পাৰি তাৰেই চেষ্টাত ব্ৰতী হৈ আহিছিল।


 দুই  বিভিন্ন প্ৰজাতিৰ আম গছৰ কলম দি নতুন গছ বনোৱাৰ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত তেওঁ সফলো হৈছিল। তেওঁৰ চেষ্টাতে কমেও ৭ প্ৰকাৰৰ নতুন  প্ৰজাতিৰ আম পোৱা গৈছে। ১২০ বছৰ পুৰণি গছজোপাতো তেওঁ কলম পদ্ধতিৰে বিভিন্ন প্ৰজাতিৰ আম উৎপাদন কৰাত সফল হৈছে।১৯৮৭ চনত, তেওঁ ১২০ বছৰ পুৰণি আম গছজোপাত বিভিন্ন প্ৰকাৰৰ কাটিং গ্ৰাফ্টিং আৰম্ভ কৰিছিল। তেওঁআমৰ বিৰল প্ৰকাৰ বিলাক বিচাৰি সমগ্ৰ দেশৰ পৰা নমুনা সংগ্ৰহ কৰিছিল।

 এনেদৰে খানে গছজোপাত এতিয়া ৩০০ প্ৰকাৰতকৈও অধিক আম কাটিং গ্ৰাফ্টিংপদ্ধতিৰে উৎপাদন কৰিবলৈ সক্ষম হৈছে।

কলিমে নতুন প্ৰজাতিৰ আমবোৰৰ একো একোটা  নামো দিছে। উদাহৰণ স্বৰূপে, ১৯৯৪ চনত বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনৰ নামেৰে এটা নতুন আমৰ নাম ৰখা হৈছিল। সেয়া  তেওঁৰ প্ৰিয় আমবোৰৰ মাজৰে  এটা আছিল। প্ৰতিটো আমৰ ওজন এক কিলোগ্ৰামতকৈ বেছি আছিল। 

কলিমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শচীন তেণ্ডুলকাৰৰ নামেৰে আমৰ নাম দিছে।বিভিন্ন  পৰীক্ষা-নিৰীক্ষাৰে এজোপাত গছতে প্ৰায় ৩০০ প্ৰজাতিৰ আম উৎপাদন কৰিবলৈ সক্ষম হোৱা কালিমুল্লা খানক ভাৰতৰ ’মেংগো মেন’ বুলি কোৱা হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ