--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজোপা গছতে ৩০০ প্ৰজাতিৰ  আম! কথাষাৰ শুনিবলৈয়েই কিবা আচহুৱা যেন লগা নাইনে? কিন্তু অবিশ্বাস্য হ’লেও এনে এজোপা আম গছেই আছে আমাৰ এই ভাৰতবৰ্ষত।এই ১২০ বছৰ পুৰণি আম গছজোপাত লাগে ৩০০ ভিন্ন স্বাদ আৰু গোন্ধৰ আম। এনে এজোপা আম গছেই তেওঁক খ্যাতি প্ৰদান কৰিছে। এক কথাত ক'বলৈ গ'লে ই এক আশ্চৰ্যকৰ গছ।  কমেও ৩০০ প্ৰজাতিৰ আম উৎপন্ন হোৱা  এই অদ্ভুত গছজোপা লক্ষ্ণৌৰ মালিহাবাদৰ বাসিন্দা কালিমুল্লা খানে চোৱাচিতা কৰে। যোৱা কেইটামান দশক ধৰি কালিমে প্ৰতিদিনে গছজোপাৰ যত্ন লৈ আহিছে। 

দেখাত সাধাৰণ আম গছৰ দৰেই লগা এই আম গছ জোপাত  সকলো ধৰণৰ আমৰ আশ্চৰ্যজনক সংমিশ্ৰণ ঘটোৱা হৈছে।  আম গছৰ সৈতে সম্পৰীক্ষা চলোৱাটো  কালিমৰ আসক্তিত পৰিণত হৈছে। খুব কম বয়সৰ পৰাই তেওঁ একেজোপা গছতে কিদৰে ভিন্ন প্ৰজাতিৰ আম উৎপন্ন কৰিব পাৰি তাৰেই চেষ্টাত ব্ৰতী হৈ আহিছিল।

 দুই  বিভিন্ন প্ৰজাতিৰ আম গছৰ কলম দি নতুন গছ বনোৱাৰ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত তেওঁ সফলো হৈছিল। তেওঁৰ চেষ্টাতে কমেও ৭ প্ৰকাৰৰ নতুন  প্ৰজাতিৰ আম পোৱা গৈছে। ১২০ বছৰ পুৰণি গছজোপাতো তেওঁ কলম পদ্ধতিৰে বিভিন্ন প্ৰজাতিৰ আম উৎপাদন কৰাত সফল হৈছে।১৯৮৭ চনত, তেওঁ ১২০ বছৰ পুৰণি আম গছজোপাত বিভিন্ন প্ৰকাৰৰ কাটিং গ্ৰাফ্টিং আৰম্ভ কৰিছিল। তেওঁআমৰ বিৰল প্ৰকাৰ বিলাক বিচাৰি সমগ্ৰ দেশৰ পৰা নমুনা সংগ্ৰহ কৰিছিল।

 এনেদৰে খানে গছজোপাত এতিয়া ৩০০ প্ৰকাৰতকৈও অধিক আম কাটিং গ্ৰাফ্টিংপদ্ধতিৰে উৎপাদন কৰিবলৈ সক্ষম হৈছে।

কলিমে নতুন প্ৰজাতিৰ আমবোৰৰ একো একোটা  নামো দিছে। উদাহৰণ স্বৰূপে, ১৯৯৪ চনত বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনৰ নামেৰে এটা নতুন আমৰ নাম ৰখা হৈছিল। সেয়া  তেওঁৰ প্ৰিয় আমবোৰৰ মাজৰে  এটা আছিল। প্ৰতিটো আমৰ ওজন এক কিলোগ্ৰামতকৈ বেছি আছিল। 

কলিমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শচীন তেণ্ডুলকাৰৰ নামেৰে আমৰ নাম দিছে।বিভিন্ন  পৰীক্ষা-নিৰীক্ষাৰে এজোপাত গছতে প্ৰায় ৩০০ প্ৰজাতিৰ আম উৎপাদন কৰিবলৈ সক্ষম হোৱা কালিমুল্লা খানক ভাৰতৰ ’মেংগো মেন’ বুলি কোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা