--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাগৰাকীৰ ওজন ১৬০ কেজি। আৰু বিচনাৰ পৰা মজিয়াত পৰি যোৱাৰ লগে লগে পৰিয়ালটো দিশহাৰা হৈ পৰিল। তেওঁক ওপৰলৈ টানিবলৈ বহু চেষ্টা কৰি অৱশেষত পৰিয়ালৰ লোকে হাৰ মানিলে। বহু প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পাছত দুৰ্যোগ প্ৰশমন বিভাগক ফোন কৰা হয়। দুৰ্যোগ প্ৰশমন বিভাগো আহি তাত উপস্থিত হয়। বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হয় এই ঘটনা।

মহিলাগৰাকীৰ বয়স ৬২ বছৰ। তেওঁ পৰিয়ালৰ সৈতে ৱাগবিল অঞ্চলৰ এটা ফ্লেটত থাকে। শাৰীৰিক অসুখ আৰু অতিৰিক্ত ওজনৰ বাবে তেওঁ সঠিকভাৱে লৰচৰ কৰিব পৰা নাছিল বুলি পৰিয়ালৰ সূত্ৰই দাবী কৰিছে। বৃহস্পতিবাৰে পুৱা কেনেবাকৈ বিচনাৰ পৰা বাগৰি পৰে মহিলাগৰাকী। আৰু সেইবাবেই বিচলিত হৈ পৰিল পৰিয়ালৰ লোক। উঠাবলৈ চেষ্টা কৰিছিল। কিন্তু কোনো লাভ নহ’ল।

মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়। এই বিষয়ে পৌৰনিগমৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাত খবৰ দিয়া হয়। দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যই মহিলাগৰাকীৰ ঘৰলৈ ততাতৈয়াকৈ উপস্থিত হয়। ইয়াৰ পিছত তেওঁলোকৰ সহায়ত মহিলাগৰাকীক পুনৰ মজিয়াৰ পৰা বিচনাখনলৈ তুলি দিয়া হ’ল। মহিলাগৰাকীক কোনো ক্ষতি নোহোৱাকৈ বিচনাত শুৱাই দিয়াৰ পিছতে পৰিয়ালৰ লোকে স্বস্তিৰ উশাহ লয়।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী ইয়াচিন তৰৱীয়ে কয় যে আমি বহু উদ্ধাৰ অভিযান কৰিছো। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে এনে কাণ্ডৰ সাক্ষী হৈছো।" তৰ্ৱীয়ে কয় যে মহিলাগৰাকীক কোনো ক্ষতি নোহোৱাকৈ বিচনাত শুৱাই দিয়া হৈছে। ইয়াৰ বাহিৰেও পৰিলেও তেওঁৰ শৰীৰত কোনো আঘাত হোৱা নাছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ