--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাগৰাকীৰ ওজন ১৬০ কেজি। আৰু বিচনাৰ পৰা মজিয়াত পৰি যোৱাৰ লগে লগে পৰিয়ালটো দিশহাৰা হৈ পৰিল। তেওঁক ওপৰলৈ টানিবলৈ বহু চেষ্টা কৰি অৱশেষত পৰিয়ালৰ লোকে হাৰ মানিলে। বহু প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পাছত দুৰ্যোগ প্ৰশমন বিভাগক ফোন কৰা হয়। দুৰ্যোগ প্ৰশমন বিভাগো আহি তাত উপস্থিত হয়। বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হয় এই ঘটনা।

মহিলাগৰাকীৰ বয়স ৬২ বছৰ। তেওঁ পৰিয়ালৰ সৈতে ৱাগবিল অঞ্চলৰ এটা ফ্লেটত থাকে। শাৰীৰিক অসুখ আৰু অতিৰিক্ত ওজনৰ বাবে তেওঁ সঠিকভাৱে লৰচৰ কৰিব পৰা নাছিল বুলি পৰিয়ালৰ সূত্ৰই দাবী কৰিছে। বৃহস্পতিবাৰে পুৱা কেনেবাকৈ বিচনাৰ পৰা বাগৰি পৰে মহিলাগৰাকী। আৰু সেইবাবেই বিচলিত হৈ পৰিল পৰিয়ালৰ লোক। উঠাবলৈ চেষ্টা কৰিছিল। কিন্তু কোনো লাভ নহ’ল।

মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়। এই বিষয়ে পৌৰনিগমৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাত খবৰ দিয়া হয়। দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যই মহিলাগৰাকীৰ ঘৰলৈ ততাতৈয়াকৈ উপস্থিত হয়। ইয়াৰ পিছত তেওঁলোকৰ সহায়ত মহিলাগৰাকীক পুনৰ মজিয়াৰ পৰা বিচনাখনলৈ তুলি দিয়া হ’ল। মহিলাগৰাকীক কোনো ক্ষতি নোহোৱাকৈ বিচনাত শুৱাই দিয়াৰ পিছতে পৰিয়ালৰ লোকে স্বস্তিৰ উশাহ লয়।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী ইয়াচিন তৰৱীয়ে কয় যে আমি বহু উদ্ধাৰ অভিযান কৰিছো। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে এনে কাণ্ডৰ সাক্ষী হৈছো।" তৰ্ৱীয়ে কয় যে মহিলাগৰাকীক কোনো ক্ষতি নোহোৱাকৈ বিচনাত শুৱাই দিয়া হৈছে। ইয়াৰ বাহিৰেও পৰিলেও তেওঁৰ শৰীৰত কোনো আঘাত হোৱা নাছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক