--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী শ্বাটলাৰ চাইনা নেহৱালে মঙলবাৰে হংকঙৰ এনগান য়িৰ বিৰুদ্ধে পোনপটীয়া ছেটত জয়েৰে বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ অভিযান আৰম্ভ কৰিছে। চাইনাই প্ৰথম ৰাউণ্ডত ৩৮ মিনিটৰ যুঁজত এনগান য়িক ২১-১৯, ২১-৯ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰলৈ অগ্ৰসৰ হয়।

চাইনাৰ লগতে মহিলাৰ ডাবলছত ভাৰতীয় যুটি ট্ৰিচা জলি আৰু গায়ত্ৰী গোপীচান্দেও জয়েৰে প্ৰতিযোগিতাখনত অভিযান আৰম্ভণি কৰিছে। ভাৰতীয় যুটিটোৱে প্ৰথম ৰাউণ্ডত মালয়েছিয়াৰ য়িন য়ুৱান লো আৰু ভালেৰী চিঅ'ৰ বিৰুদ্ধে ২১-১১ ২১-১৩ ব্যৱধানত সহজ বিজয় সাব্যস্ত কৰে।

অৱশ্যে মিক্সড ডাবলছত প্ৰথমখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে ভেংকট গৌৰৱ প্ৰশদ আৰু জুহি দেৱাংগনৰ যুটি। ইংলেণ্ডৰ গ্ৰেগৰী মেয়াৰ্ছ আৰু জেনি মূৰৰ বিপক্ষে প্ৰথম ৰাউণ্ডৰ মেচখনত ১০-২১ ২১-২৩ ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বিদায় লয় ভাৰতীয় যুটিটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু