--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ ক্ৰীড়া জগতত ক্ৰিকেট খেল সন্নিৱিষ্ট হোৱাৰ পৰা এতিয়ালৈকে কেইবাগৰাকীও তাৰকা অফ স্পিনাৰে ক্ৰিকেট ইতিহাসত নিজৰ ছাপ এৰি যাবলৈ সক্ষম হৈছে। ইংলেণ্ডৰ কিংবদন্তী অফ স্পিনাৰ জিম লেকাৰৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ ছাকলেইন মুস্তাক, শ্ৰীলংকাৰ মুট্টিয়া মুৰুলীধৰণহৈ বৰ্তমানৰ ভাৰতীয় অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনলৈকে নিজৰ স্পীন যাদুৰে প্ৰতিপক্ষৰ বেটাৰক বিপাঙত পেলাইছে। সাধাৰণতে স্পীন বলিং সহায়ক এছিয়া মহাদেশত স্পীন বলাৰৰ সংখ্যা সৰহ যদিও ‘চেনা কাণ্ট্ৰী’সমূহতো বহুকেইগৰাকী স্পিনাৰে ২২ গজৰ যুঁজত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

এনে বহু অফ স্পিনাৰৰ মাজৰ পৰা সৰ্বকালৰ শ্ৰেষ্ঠ অফস্পিনাৰৰ বাছনি কৰা একা নিতান্তই দুৰূহ কাপ। কিন্তু তাৰ মাজৰ পৰা বিশেষ কেইগৰাকীমান তাৰকা এই তালিকাত আগবাঢ়ি থকাৰ সম্ভাৱনা অধিক। বিশেষকৈ টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বকালৰ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী বলাৰ হিচাপে মুৰুলীধৰণে এক অনন্য খ্যাতি অৰ্জন কৰিছে। সেইদৰে টেষ্ট ক্ৰিকেটত দুবাৰকৈ এটা ইনিংছৰ দহটা উইকেট দখলকাৰী ইংলেণ্ডৰ কিংবদন্তী জিম লেকাৰ বা পাকিস্তানৰ স্পিন যাদুকৰ মুস্তাকৰ নামো স্বাভাৱিকতেই বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ অফস্পিনাৰৰ তালিকাত শীৰ্ষতে থাকিব। 

সেইদৰে ইংলেণ্ডৰ গ্ৰেম ছোৱান, ৱেষ্ট ইণ্ডিজৰ সুনীল নাৰাইণ, ভাৰতৰ হৰভজন সিং তথা ৰবিচন্দ্ৰন অশ্বিনো এই তালিকাত স্বাভাৱিকতেই থাকিব। এনে বহু তাৰকা-মহাতাৰকাৰ মাজত ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অফ স্পিনাৰ কোন- এনে এক প্ৰশ্ন উত্থাপন কৰা হৈছিল ৱেষ্ট ইণ্ডিজৰ আক্ৰমণাত্মক বেটাৰ ক্ৰিছ গেইলক। গেইলে কেৰিয়াৰত লেকাৰ অথবা মুস্তাকৰ সন্মুখীন হোৱা নাছিল যদিও মুৰুলীধৰণৰ পৰা অশ্বিনলৈকে প্ৰতিগৰাকী বলাৰৰে সন্মুখীন হৈছে। 

মাৰমুখী বেটিঙেৰে বিপক্ষৰ বলিং আক্ৰমণৰ মূৰৰ কামোৰণি হৈ পৰা গেইলে এই নিৰ্দিষ্ট প্ৰশ্নটোৰ উত্ৰত এক আশ্চৰ্যজনক উত্তৰ দিয়ে। গেইলৰ উত্তৰত নাছিল লেকাৰ, মুস্তাক, মুৰুলীধৰণ নাইবা অশ্বিনৰ নাম। তাৰ পৰিৱৰ্তে গেইলে নিজকে সৰ্বকালৰ শ্ৰেষ্ঠ অফস্পিনাৰ হিচাপে উভিহিত কৰে। 'ইউনিভাৰ্ছ বছ' খ্যাত গেইলৰ এই উত্তৰে সম্প্ৰতি ক্ৰিকেট প্ৰেমীৰ মাজত আমোদৰ সৃষ্টি কৰিছে। 

ক্ৰিকেট সম্পৰ্কীয় তথ্যৰ জনপ্ৰিয় ৱেবচাইট ইএছপিএন ক্ৰিকইনফোৰ সৈতে বাৰ্তালাপত গেইলে কয়, “মোৰ বলিং স্বাভাৱিক। নিশ্চিতভাৱে মই বলিং কৰিব লাগিব। মই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অফ স্পিনাৰ।” মুৰলীধৰণ এই বিষয়ত তেওঁৰ প্ৰতিদ্বন্দিতালৈও নাহে বুলি মন্তব্য কৰে  গেইলে। আনহাতে সম্প্ৰতি এগৰাকী মিতব্যয়ী বলাৰ  হিচাপে খ্যাতি থকা সুনীল নাৰাইণো মিতব্যয়ী স্পেলৰ ক্ষেত্ৰত গেইলৰ কাষ চাপিব নোৱাৰে বুলি মন্তব্য কৰে গেইলে। 

উল্লেখ্য যে অহা  মাহত ৪৩ বছৰত ভৰি দিবলগীয়া গেইলে এতিয়াও ২২ গজৰ যুঁজত নিজৰ যুঁজ অব্যাহত ৰাখিছে। যি বয়সত আন ক্ৰিকেটাৰে খেলৰ পৰা সন্যাস লৈ পৰিয়ালক সময় দিয়াৰ চেষ্টা কৰে নাইবা এগৰাকী ধাৰাভাষ্যকাৰ বা প্ৰশিক্ষক হিচাপে নতুন কেৰিয়াৰ গঢ়াত মনোনিৱেশ কৰে, সেই বয়সত অৱসৰৰ কোনো ইঙ্গিতেই দিয়া নাই 'ইউনিভাৰ্ছ বছ'- এ। মাৰমুখী বেটাৰগৰাকী বৰ্তমান ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’বলগীয়া ক্ৰিকেটৰ এক নতুন সংস্কৰণ ৬০ বলৰ ক্ৰিকেট টুৰ্ণামেণ্ট  '6ixty’ ত অংশগ্ৰহণৰ বাবে সাজু হৈছে। 

দীৰ্ঘদিন খেলপথাৰৰ পৰা বাহিৰত থকাৰ পিছত পুনৰ এই টুৰ্ণামেণ্টখনৰ জৰিয়তে খেলপথাৰলৈ উভতি আহি অত্যন্ত উৎসাহী বুলি মন্তব্য কৰে ক্ৰিছ গেইলে। গেইলে যোৱা বছৰ ইউএইত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ সময়তে ৱেষ্ট ইণ্ডিজৰ হৈ অন্তিমবাৰৰ বাবে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছিল। তাৰ পিছত তেওঁ অৱসৰ লোৱাৰ সম্ভাৱনা আছে বুলি জল্পনা-কল্পনা চলিছিল যদিও গেইলে এই সম্ভাৱনা নাকচ কৰিছিল।  ৪২ বছৰীয়া খেলুৱৈগৰাকীয়ে এতিয়া ‘6ixty’ টুৰ্ণামেণ্টৰ এগৰাকী এম্বেচাডৰ হিচাপে প্ৰতিযোগিতাখনৰ প্ৰচাৰ চলাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement