--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰক্তক্ষয়ী যুদ্ধত বিধ্বস্ত হৈ পৰিছে ইজৰাইল। এনে সময়তে বুধবাৰে ইজৰাইল ভ্ৰমণ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেনে। বিডেনৰ পিছত এইবাৰ ইজৰাইল ভ্ৰমণ কৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে। 

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে ইজৰাইলত উপস্থিত হোৱাৰ কথা  তেওঁৰ এক্স হেণ্ডেলত প্ৰকাশ কৰে। তেওঁ কয়  যে তেওঁ সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিব আৰু এইক্ষেত্ৰত ইজৰাইলক সদায় সমৰ্থন কৰি যাব। 

ছুনাকে লিখিছে "মই ইজৰাইলত আছোঁ।  শোকত থকা এখন দেশ। মই তেওঁলোকৰ বাবে শোক প্ৰকাশ কৰিছো। মই সন্ত্ৰাসবাদ নামৰ চয়তানৰ বিৰুদ্ধে তেওঁলোকৰ কাষত থিয়  দিছোঁ। আজি আৰু চিৰকাল থিয় হৈ থাকিম"। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে বুধবাৰে ইজৰাইল  ভ্ৰমণ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ সৈতে এখন বৈঠকত মিলিত হৈ সংকটৰ সময়ত আমেৰিকাই ইজৰাইলক সহায় কৰিব বুলি কথা দিছে। 

ইপিনে গাজাৰ চিকিৎসালয়ত হোৱা আক্ৰমণে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছে। হামাছে এই আক্ৰমণৰ বাবে ইজৰাইলী সামৰিক বাহিনীকে দোষাৰোপ কৰিছে, কিন্তু তেল আভিভে কৈছে  যে এয়া পেলেষ্টাইনী  উগ্ৰপন্থীৰে কাম। ইজৰাইলৰ সেই সুৰ বিডেনৰ কণ্ঠতো প্ৰতিধ্বনিত হৈছে । হোৱাইট হাউচে এক বিবৃতিত কৈছে : "ইজৰাইল এই নিৰ্মম আক্ৰমণত জড়িত নহয়। "

হামাছে ৭ অক্টোবৰৰ পুৱতি নিশা ইজৰাইলৰ বিৰুদ্ধে  ৰকেট আক্ৰমণ চলাইছিল। ২০ মিনিটৰ ভিতৰতে ৫,০০০ ৰকেট ইজৰাইলী ভূখণ্ডত নিক্ষেপ কৰা হৈছিল। কেৱল সেয়াই নহয় , হামাছৰ সদস্যই সিদিনাই ইজৰাইলত  প্ৰৱেশ কৰিছিল। ইয়াৰ পিছতে ইজৰাইল-হামাছৰ যুদ্ধ আৰম্ভ হয়। এই যুঁজত এতিয়ালৈকে ৪,০০০ৰৰো অধিক লোক নিহত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত