--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰক্তক্ষয়ী যুদ্ধত বিধ্বস্ত হৈ পৰিছে ইজৰাইল। এনে সময়তে বুধবাৰে ইজৰাইল ভ্ৰমণ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেনে। বিডেনৰ পিছত এইবাৰ ইজৰাইল ভ্ৰমণ কৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে। 

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে ইজৰাইলত উপস্থিত হোৱাৰ কথা  তেওঁৰ এক্স হেণ্ডেলত প্ৰকাশ কৰে। তেওঁ কয়  যে তেওঁ সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিব আৰু এইক্ষেত্ৰত ইজৰাইলক সদায় সমৰ্থন কৰি যাব। 

ছুনাকে লিখিছে "মই ইজৰাইলত আছোঁ।  শোকত থকা এখন দেশ। মই তেওঁলোকৰ বাবে শোক প্ৰকাশ কৰিছো। মই সন্ত্ৰাসবাদ নামৰ চয়তানৰ বিৰুদ্ধে তেওঁলোকৰ কাষত থিয়  দিছোঁ। আজি আৰু চিৰকাল থিয় হৈ থাকিম"। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে বুধবাৰে ইজৰাইল  ভ্ৰমণ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ সৈতে এখন বৈঠকত মিলিত হৈ সংকটৰ সময়ত আমেৰিকাই ইজৰাইলক সহায় কৰিব বুলি কথা দিছে। 

ইপিনে গাজাৰ চিকিৎসালয়ত হোৱা আক্ৰমণে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছে। হামাছে এই আক্ৰমণৰ বাবে ইজৰাইলী সামৰিক বাহিনীকে দোষাৰোপ কৰিছে, কিন্তু তেল আভিভে কৈছে  যে এয়া পেলেষ্টাইনী  উগ্ৰপন্থীৰে কাম। ইজৰাইলৰ সেই সুৰ বিডেনৰ কণ্ঠতো প্ৰতিধ্বনিত হৈছে । হোৱাইট হাউচে এক বিবৃতিত কৈছে : "ইজৰাইল এই নিৰ্মম আক্ৰমণত জড়িত নহয়। "

হামাছে ৭ অক্টোবৰৰ পুৱতি নিশা ইজৰাইলৰ বিৰুদ্ধে  ৰকেট আক্ৰমণ চলাইছিল। ২০ মিনিটৰ ভিতৰতে ৫,০০০ ৰকেট ইজৰাইলী ভূখণ্ডত নিক্ষেপ কৰা হৈছিল। কেৱল সেয়াই নহয় , হামাছৰ সদস্যই সিদিনাই ইজৰাইলত  প্ৰৱেশ কৰিছিল। ইয়াৰ পিছতে ইজৰাইল-হামাছৰ যুদ্ধ আৰম্ভ হয়। এই যুঁজত এতিয়ালৈকে ৪,০০০ৰৰো অধিক লোক নিহত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ