--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপৰিৱৰ্তনীয় অৱস্থাত ইজৰাইল-পেলেষ্টাইনৰ পৰিস্থিতি৷ ১২দিনৰ পাছতো ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ অব্যাহত আছে। ইফালে গাজাৰ চিকিৎসালয়ত হোৱা আক্ৰমণে সকলোকে স্তম্ভিত কৰি তুলিছে। হামাছে দাবী কৰিছে যে এই আক্ৰমণত প্ৰায় ৫০০ লোকৰ মৃত্যুৰ বাবে ইজৰাইল দায়ী। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে হামাছৰ ৰকেটৰ ফলত চিকিৎসালয়খনত বিস্ফোৰণ ঘটিছে।

ইফালে বুধবাৰে টেল আভিভত উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। ইয়াত প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে বাইডেনক বিমানবন্দৰত আদৰণি জনায়। ইয়াৰ পাছত দুয়োজন নেতাই এখন বৈঠক অনুষ্ঠিত কৰে। এই সন্দৰ্ভত বাইডেনে কয় যে তেওঁ যি দেখিছে তাৰ ভিত্তিত জানিব পাৰিছে যে গাজা চিকিৎসালয়ত বিস্ফোৰণ ঘটনাটো আন এটা দলে সংঘটিত কৰিছিল, ইজৰাইলৰ সেনাই নহয়। ইয়াৰ পাছত গাজাৰ চিকিৎসালয়ত সংঘটিত হোৱা বিস্ফোৰণৰ বাবে কোন দায়ী সেই লৈ প্ৰশ্ন উত্থাপন হৈছে৷

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গাজাৰ জনসাধাৰণক খাদ্য, পানী, ঔষধ আৰু বাসস্থানৰ প্ৰয়োজন। আজি মই ইজৰাইলৰ কেবিনেটক গাজাৰ সাধাৰণ নাগৰিকক জীৱন ৰক্ষাকাৰী মানৱীয় সাহায্য প্ৰদানৰ বাবে সন্মতি দিবলৈ আহ্বান জনালো। বাইডেনে কয় যে ইজৰাইলে ইজিপ্তৰ মাজেৰে মানৱীয় সাহায্য যাবলৈ অনুমতি দিবলৈ সন্মত হৈছে।তেওঁ কয় যে সাহায্য হামাছলৈ নহয়, সাধাৰণ নাগৰিকৰ ওচৰলৈ যাব লাগে। গাজাত হামাছে নিৰীহ লোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে টেল আভিভত কয় যে আমেৰিকাই গাজা আৰু পশ্চিম পাৰত বসবাস কৰা জনসাধাৰণক ১০ কোটি ডলাৰৰ পুঁজি আগবঢ়াব। ইয়াৰ দ্বাৰা লোকসলে মানৱীয় সাহায্য লাভ কৰিব।

গাজাত সাধাৰণ জনতাই সন্মুখীন হোৱা সংকটৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয় যে ইজিপ্তলৈ মানৱীয় সাহায্য যাবলৈ দিয়া হ’ব। দৰাচলতে যুদ্ধ আৰম্ভ হোৱাৰ পৰাই গাজা ষ্ট্ৰিপত বসবাস কৰা লাখ লাখ লোক খাদ্য, পানীয়, ঔষধ আৰু বিদ্যুতৰ সংকটৰ সন্মুখীন হৈছে।

ইফালে চিকিৎসালয় বিস্ফোৰণৰ পিছত জৰ্ডানৰ আম্মানত ৰাষ্ট্ৰপতি বাইডেন আৰু আৰব নেতাৰ মাজত অনুষ্ঠিত হোৱা প্ৰস্তাৱিত বৈঠক বাতিল কৰা হৈছে। গাজা হাস্পতালত হোৱা এই আক্ৰমণক গৰিহণা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ পাছত আৰম্ভ হোৱা যুদ্ধত এতিয়ালৈকে প্ৰায় ৫০০০ লোকে প্ৰাণ হেৰুৱাইছে। আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি গাজাত ৩৪৫০ জন আৰু ইজৰাইলত ১৪০০ লোকৰ মৃত্যু হৈছে। প্ৰায় ২০০ জন লোক হামাছৰ পণবন্দী।

গাজাৰ আল আহলি হাস্পতালত সংঘটিত হোৱা বিস্ফোৰণত প্ৰায় ৪৭১ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে অধিকাংশই মহিলা আৰু শিশু। এই আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলে নিজৰ চকুৰে যি দেখিছিল সেই কথা বৰ্ণনা কৰিছে। চিকিৎসালয়খনৰ অস্থিৰোগ অস্ত্ৰোপচাৰৰ মুৰব্বী ফাডেল নাইমে জনোৱা মতে, বৃহৎ বিস্ফোৰণৰ শব্দ শুনি তেওঁ চিকিৎসালয়ত উপস্থিত হৈ অংগচ্ছেদ হোৱা মৃতদেহ আৰু আহত লোকক বিচাৰি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement