--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পোহৰলৈ আহিছে ইজৰাইলৰ আৰক্ষী বাহিনীৰ ভাৰতীয় সংযোগ! ইজৰাইল-হামাছৰ যুদ্ধৰ সময়তেই চৰ্চালৈ আহিছে দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাৰ প্ৰসংগ। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে দুই পক্ষৰ যুদ্ধক লৈ মতৰ ভিন্নতা আছে কেৰালাতো। কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে ইজৰাইলী সেনাৰে থকা কেৰালাৰ সম্পৰ্কৰ কথা। 

সম্প্ৰতি ইজৰাইলী সেনাৰ বাবেই ব্যস্ত হৈ পৰিছে কেৰালাৰ এখন সৰু ঠাই। ইজৰাইলী সেনাৰ বাবে ইউনিফৰ্ম প্ৰস্তুতৰ কাম চলিছে এইখন ঠাইত। দক্ষিণ কেৰালাৰ কন্নুৰত প্ৰস্তুত হয় ইজৰাইলী সেনাৰ ইউনিফৰ্ম। হামাছৰে যুদ্ধৰ কিছু দিন পূৰ্বেই ইউনিফৰ্ম প্ৰস্তুতৰ বাবে ঠিকা লাভ কৰিছিল কেৰালাৰ বস্ত্ৰ প্ৰতিষ্ঠানটোৱে। বিগত ৮ টাকৈ বছৰেই কেৰালাৰ এই প্ৰতিষ্ঠানটোৱে ইজৰাইলক যোগান ধৰি আহিছে ইউনিফৰ্ম। 

মাৰিয়ান এপাৰেল প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ সৈতে ৮বছৰ আগতেই চুক্তিত সাক্ষৰ কৰিছিল ইজৰাইল চৰকাৰে। ইয়াৰ পাছৰে পৰাই উক্ত প্ৰতিষ্ঠানটোৱে বছৰি ইজৰাইলক যোগান ধৰি আহিছে ১ লাখকৈ ইউনিফৰ্ম। বিশেষকৈ কেৰালাৰ এই প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰে ইজৰাইলী সেনাৰ ফুল শ্লিভ চাৰ্ট। লগতে ইজৰাইলী সেনাৰ প্ৰতীক চিহ্নও প্ৰস্তুত কৰে মাৰিয়ান এপাৰেল প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে। ২০০৬ চনত স্থাপন হোৱা প্ৰতিষ্ঠানটোত প্ৰায় ১৫শ লোকে কাম কৰে। মুঠ কৰ্মচাৰীৰ ৯৫ শতাংশই হৈছে মহিলা। পূৰ্বৰ দৰে এইবাৰো ইজৰাইল চৰকাৰে ইউনিফৰ্ম যোগানৰ প্ৰস্তাৱ দিছিল কেৰালাৰ প্ৰতিষ্ঠানটোক। সেই সূত্ৰেই এইবাৰো প্ৰতিষ্ঠানটোৱে লক্ষাধিক ইউনিফৰ্মৰ যোগান ধৰিছে ইজৰাইলক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান