--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পোহৰলৈ আহিছে ইজৰাইলৰ আৰক্ষী বাহিনীৰ ভাৰতীয় সংযোগ! ইজৰাইল-হামাছৰ যুদ্ধৰ সময়তেই চৰ্চালৈ আহিছে দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাৰ প্ৰসংগ। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে দুই পক্ষৰ যুদ্ধক লৈ মতৰ ভিন্নতা আছে কেৰালাতো। কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে ইজৰাইলী সেনাৰে থকা কেৰালাৰ সম্পৰ্কৰ কথা। 

সম্প্ৰতি ইজৰাইলী সেনাৰ বাবেই ব্যস্ত হৈ পৰিছে কেৰালাৰ এখন সৰু ঠাই। ইজৰাইলী সেনাৰ বাবে ইউনিফৰ্ম প্ৰস্তুতৰ কাম চলিছে এইখন ঠাইত। দক্ষিণ কেৰালাৰ কন্নুৰত প্ৰস্তুত হয় ইজৰাইলী সেনাৰ ইউনিফৰ্ম। হামাছৰে যুদ্ধৰ কিছু দিন পূৰ্বেই ইউনিফৰ্ম প্ৰস্তুতৰ বাবে ঠিকা লাভ কৰিছিল কেৰালাৰ বস্ত্ৰ প্ৰতিষ্ঠানটোৱে। বিগত ৮ টাকৈ বছৰেই কেৰালাৰ এই প্ৰতিষ্ঠানটোৱে ইজৰাইলক যোগান ধৰি আহিছে ইউনিফৰ্ম। 

মাৰিয়ান এপাৰেল প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ সৈতে ৮বছৰ আগতেই চুক্তিত সাক্ষৰ কৰিছিল ইজৰাইল চৰকাৰে। ইয়াৰ পাছৰে পৰাই উক্ত প্ৰতিষ্ঠানটোৱে বছৰি ইজৰাইলক যোগান ধৰি আহিছে ১ লাখকৈ ইউনিফৰ্ম। বিশেষকৈ কেৰালাৰ এই প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰে ইজৰাইলী সেনাৰ ফুল শ্লিভ চাৰ্ট। লগতে ইজৰাইলী সেনাৰ প্ৰতীক চিহ্নও প্ৰস্তুত কৰে মাৰিয়ান এপাৰেল প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে। ২০০৬ চনত স্থাপন হোৱা প্ৰতিষ্ঠানটোত প্ৰায় ১৫শ লোকে কাম কৰে। মুঠ কৰ্মচাৰীৰ ৯৫ শতাংশই হৈছে মহিলা। পূৰ্বৰ দৰে এইবাৰো ইজৰাইল চৰকাৰে ইউনিফৰ্ম যোগানৰ প্ৰস্তাৱ দিছিল কেৰালাৰ প্ৰতিষ্ঠানটোক। সেই সূত্ৰেই এইবাৰো প্ৰতিষ্ঠানটোৱে লক্ষাধিক ইউনিফৰ্মৰ যোগান ধৰিছে ইজৰাইলক।




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ