--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশৰ মাটিত পুনৰ জিলিকি উঠিছে অসমৰ দুই কন্যা৷ অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাৰ গৌৰৱময় চমকপ্ৰদ প্ৰদৰ্শনৰে ভাৰতে বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপত জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে৷ চীনৰ চেংডুত  অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ গ্ৰুপ ‘এ’ খেলত ভাৰতৰ মহিলা দলটোৱে প্ৰথমখন মেচত কানাডাৰ বিৰুদ্ধে ৪-১ ৰ ব্যৱধানত জয়লাভ কৰে৷ 

উল্লেখ্য যে শীৰ্ষস্থানৰ একক আৰু ডাবলছ খেলুৱৈৰ অনুপস্থিতিত এছিয়ান চেম্পিয়ন ভাৰতীয় দলক এইবাৰ উবেৰ কাপত নেতৃত্ব দিছে অসম কন্যা অস্মিতাই৷ ভাৰতীয় বেডমিণ্টনৰ নৱ তাৰকা অস্মিতাই প্ৰথমখন মেচতে অঘটন সৃষ্টি কৰি জয়ৰে ইতিবাচক আৰম্ভনি কৰে লগতে চাপত থকা যুৱ দলটোৰ শিবিৰলৈ আত্মবিশ্বাস-দৃঢ়তা লৈ আনে৷

বিশ্ব ৰেংকিঙৰ ৫৩ নং স্থানত থকা বাওঁহাতৰ শ্বাটলাৰগৰাকীয়ে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি একক শাখাৰ প্ৰথমখন মেচত কানাডাৰ মিচেল লিক ৪২ মিনিটৰ সংঘৰ্ষত ২৬-২৪, ২৪-২২ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি অঘটন ঘটায়৷ উল্লেখ্য যে লীৰ ৰেংকিং অস্মিতাতকৈ ২৮ টা স্থান ওপৰত৷ 

এই জয়ে ভাৰতীয় শিবিৰলৈ মানসিক দৃঢ়তা অনাৰ পাছতে প্ৰিয়া কনজেংবাম আৰু শ্ৰুতি মিশ্ৰৰ ডাবলছ যুটিয়ে কানাডাৰ কেথেৰিন চয় আৰু জেছলিন চ’ক ২১-১২, ২১-১০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷ ২-০ ত অগ্ৰগতি লয় ভাৰতীয় মহিলা দলে৷

ইয়াৰ পিছতে দ্বিতীয়খন একক শাখাৰ মেচত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰে আন এগৰাকী অসম কন্যা ঈশাৰাণী বৰুৱাই৷ যোৱা এবছৰ ধৰি ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক প্ৰতিযোগিতাত উজলি উঠা ঈশাৰাণীয়ে ২৯ মিনিটতে কানাডাৰ ৱেন ইউ জাংক ২১-১৩, ২১-১২ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় দলৰ অগ্ৰগতি ৩-০ কৰে৷

প্ৰথম তিনিখন গেমছ পৰাস্ত হোৱাৰ পাছত কানাডাই প্ৰত্যাৱৰ্তন কৰি প্ৰথম পইণ্ট লাভ কৰিবলৈ সক্ষম হয়৷ দ্বিতীয় ডাবলছ মেচত জেকী ডেণ্ট আৰু ক্ৰিষ্টাল লাইয়ে ভাৰতৰ ছিমৰন সিংহী আৰু ঋতিকা থাকাৰক ২১-১৯, ২১-১৫ ত পৰাস্ত কৰে৷ কিন্তু চতুৰ্থ মেচত পুনৰ ভাৰতীয় দলক বিজয় দি মেচ দখলৰ গৌৰৱ দিয়ে এছিয়ান টিম চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী ভাৰতীয় দলৰ তাৰকা অনমোল খাৰাবে৷ একক শাখাৰ মেচখনত ইলিয়ানা জাঙৰ বিৰুদ্ধে ২১-১৫, ২১-১১ ৰ ব্যৱধানত জয়লাভ কৰে অনমোলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু