--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চোৰাংকৈ সোণ সৰবৰাহ কৰাৰ নিত্য নতুন কৌশল অৱলম্বন কৰিছে চোৰাং ব্যৱসায়ীয়েষ৷ এইবাৰ শুল্ক বিভাগৰ চকুত ধূলি দি ভাৰতলৈ সোণ সৰবৰাহ কৰাৰ এক অভিনৱ কৌশল অৱলম্বন কৰিলে এজন লোকে৷ লোকজনে পেটৰ ভিৰত সোণ লুকুৱাই আনিছিল যদিও মুম্বাই বিমান বন্দৰত শুল্ক বিষয়াসকলে তেওঁক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য বিদেশৰ পৰা ভাৰতলৈ অহা চোৰাং ব্যৱসায়ীসকলে প্ৰায়ে ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বাবে অভিনৱ  পদ্ধতি ব্যৱহাৰ কৰে। কিন্তু এইবাৰ সোণ সৰবৰাহ কৰিবলৈও তেনে পদ্ধতিয়েই গ্ৰহণ কৰা দেখা গৈছে৷ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শুল্ক বিভাগে এজন যাত্ৰীক পেটৰ ভিতৰত লুকুৱাই অনা সোণসহ গ্ৰেপ্তাৰ কৰিছে৷ 

 ইণ্টিজাৰ আলী নামৰ এই যাত্ৰীজনে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে তেওঁৰ পেটৰ ভিতৰত লুকুৱাই অনা  সোণ  খিনি জব্দ কৰা হয়। শুল্ক বিভাগে সন্দেহ কৰিছিল যে অভিযুক্তজনে অবৈধভাৱে সোণ আনিব পাৰে৷    

অনুসন্ধানৰ সময়ত অভিযুক্ত ইণ্টিজাৰে প্লাষ্টিকৰ ফইলত বান্ধি পেটৰ ভিতৰত লুকুৱাই অনা ৭ টুকুৰা (২৪০ গ্ৰাম) সোণ উদ্ধাৰ কৰে৷ লোকজনে সোণ খিনি  গিলি দিয়াৰ কথা স্বীকাৰ কৰিছে।জেজে চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী ডাঃ অজয় ভাণ্ডাৰৱাৰৰ নেতৃত্বত এটা দলে  সোণ খিনি বিশেষ পদ্ধতিৰে উলিয়াই অনাৰ ব্যৱস্থা কৰে৷  





 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস