--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানপুৰত সংঘটিত হৈছে এক  হৃদয় বিদাৰক  ঘটনা৷ কানপুৰৰ  এজন লোকে অবৈধ সম্পৰ্ক থকাৰ সন্দেহত তেওঁৰ পত্নীক ব্লেডেৰে আক্ৰমণ কৰি  নাক কাটি পেলোৱাৰ লগতে মাকক উদ্ধাৰ কৰিবলৈ অহা কন্যাকো শ্বাসৰুদ্ধ কৰি হত্যা কৰে৷  ইয়াৰ পিছত লোক জনে আত্মহত্যা কৰে৷ এই ঘটনাত লোকজনৰ কন্যা  আৰু সোকজনৰ  মৃত্যু হয়, আনহাতে পত্নী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়৷ আহত পত্নীক ইতিমধ্যে  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

হৃদয়বিদাৰক ঘটনাটো কানপুৰৰ হনুমন্ত বিহাৰ গাল্লা মাণ্ডিত সংঘটিত হৈছে। তাত বাস কৰা ছোটে শ্বাহৰ তেওঁৰ পত্নীৰ সৈতে যোৱা কিছুদিন ধৰি বিবাদ হৈ আছিল৷ ফলত প্তনীয়ে মাকৰ ঘৰলৈ গুচি গৈছিল৷ তিনিদিন আগতে তেওঁ  ছোটে শ্বাহৰ সৈতে থাকিবলৈ আহিছিল। ছোটে শ্বাহে আমোলিৰ জিলা পঞ্চায়তৰ সদস্য ব্ৰিজেশ পেটেল ওৰফে গব্বৰৰ গাড়ী চলাইছিল। তেওঁ তেওঁৰ পত্নী ৰুখচাৰ, জীয়ৰী আৰ্জু আৰু দুই পুত্ৰ আৰিফ আৰু আৰ্যনক এৰি থৈ গৈছে।

ৰুখছাৰৰ মতে ছোটে শ্বাহে তেওঁক আন কাৰোবাৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল। যাৰ বাবে তেওঁ তেওঁৰ স্বামীৰ পৰা পৃথকে থাকিবলৈ মাকৰ ঘৰলৈ গৈছিল৷ কিন্তু পৰিয়ালৰ বুজনিত  তেওঁ তিনি  দিন আগতে তেওঁৰ স্বামীৰ সৈতে থাকিবলৈ আহিছিল।  ঘৰত উপস্থিত হোৱাৰ  পিছতে পুনৰ স্বামীৰ সৈতে তেওঁৰ বিবাদ আৰম্ভ হৈছিল৷  খঙতে  ছোটে শ্বাহে ঘৰত পৰি থকা ব্লেডেৰে ৰুখচাৰক আক্ৰমণ কৰিছিল আৰু নাকটো কাটি পেলাইছিল৷

কাজিয়াৰ শব্দ শুনি জীয়েক অৰ্জুৱে ৰুখচাৰক  ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ছোটে শ্বাহে নিজৰ কন্যাক  শ্বাসৰুদ্ধ কৰি হত্যা কৰে৷  ইয়াৰ পিছত তেওঁ নিজকে ফাঁচী লগাই আত্মহত্যা কৰে৷  দিছিল। জিলা পঞ্চায়তৰ সদস্যজনে ছোটে শ্বাহৰ মোবাইলত ফোন কৰিছিল কিন্তু কোনো সঁহাৰি পোৱা নাছিল৷  পিছত তেওঁ তেওঁৰ দুজন সহকৰ্মীক ছোটে শ্বাহৰ  খবৰ ল’বলৈ তেওঁৰ ঘৰলৈ পঠিয়াইছিল। তেতিয়াই তেওঁলোকে ঘটনাটো দেখি আচৰিত হৈ পৰে আৰু আৰক্ষীক খবৰ দিয়ে৷ 

আৰক্ষীয়ে ফৰেনচিক দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ  ৰুখচাৰক উদ্ধাৰ কৰি  চিকিৎসালয়ত ভৰ্তি কৰোৱায়   আৰু দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ