--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানপুৰত সংঘটিত হৈছে এক  হৃদয় বিদাৰক  ঘটনা৷ কানপুৰৰ  এজন লোকে অবৈধ সম্পৰ্ক থকাৰ সন্দেহত তেওঁৰ পত্নীক ব্লেডেৰে আক্ৰমণ কৰি  নাক কাটি পেলোৱাৰ লগতে মাকক উদ্ধাৰ কৰিবলৈ অহা কন্যাকো শ্বাসৰুদ্ধ কৰি হত্যা কৰে৷  ইয়াৰ পিছত লোক জনে আত্মহত্যা কৰে৷ এই ঘটনাত লোকজনৰ কন্যা  আৰু সোকজনৰ  মৃত্যু হয়, আনহাতে পত্নী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়৷ আহত পত্নীক ইতিমধ্যে  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

হৃদয়বিদাৰক ঘটনাটো কানপুৰৰ হনুমন্ত বিহাৰ গাল্লা মাণ্ডিত সংঘটিত হৈছে। তাত বাস কৰা ছোটে শ্বাহৰ তেওঁৰ পত্নীৰ সৈতে যোৱা কিছুদিন ধৰি বিবাদ হৈ আছিল৷ ফলত প্তনীয়ে মাকৰ ঘৰলৈ গুচি গৈছিল৷ তিনিদিন আগতে তেওঁ  ছোটে শ্বাহৰ সৈতে থাকিবলৈ আহিছিল। ছোটে শ্বাহে আমোলিৰ জিলা পঞ্চায়তৰ সদস্য ব্ৰিজেশ পেটেল ওৰফে গব্বৰৰ গাড়ী চলাইছিল। তেওঁ তেওঁৰ পত্নী ৰুখচাৰ, জীয়ৰী আৰ্জু আৰু দুই পুত্ৰ আৰিফ আৰু আৰ্যনক এৰি থৈ গৈছে।

ৰুখছাৰৰ মতে ছোটে শ্বাহে তেওঁক আন কাৰোবাৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল। যাৰ বাবে তেওঁ তেওঁৰ স্বামীৰ পৰা পৃথকে থাকিবলৈ মাকৰ ঘৰলৈ গৈছিল৷ কিন্তু পৰিয়ালৰ বুজনিত  তেওঁ তিনি  দিন আগতে তেওঁৰ স্বামীৰ সৈতে থাকিবলৈ আহিছিল।  ঘৰত উপস্থিত হোৱাৰ  পিছতে পুনৰ স্বামীৰ সৈতে তেওঁৰ বিবাদ আৰম্ভ হৈছিল৷  খঙতে  ছোটে শ্বাহে ঘৰত পৰি থকা ব্লেডেৰে ৰুখচাৰক আক্ৰমণ কৰিছিল আৰু নাকটো কাটি পেলাইছিল৷

কাজিয়াৰ শব্দ শুনি জীয়েক অৰ্জুৱে ৰুখচাৰক  ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ছোটে শ্বাহে নিজৰ কন্যাক  শ্বাসৰুদ্ধ কৰি হত্যা কৰে৷  ইয়াৰ পিছত তেওঁ নিজকে ফাঁচী লগাই আত্মহত্যা কৰে৷  দিছিল। জিলা পঞ্চায়তৰ সদস্যজনে ছোটে শ্বাহৰ মোবাইলত ফোন কৰিছিল কিন্তু কোনো সঁহাৰি পোৱা নাছিল৷  পিছত তেওঁ তেওঁৰ দুজন সহকৰ্মীক ছোটে শ্বাহৰ  খবৰ ল’বলৈ তেওঁৰ ঘৰলৈ পঠিয়াইছিল। তেতিয়াই তেওঁলোকে ঘটনাটো দেখি আচৰিত হৈ পৰে আৰু আৰক্ষীক খবৰ দিয়ে৷ 

আৰক্ষীয়ে ফৰেনচিক দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ  ৰুখচাৰক উদ্ধাৰ কৰি  চিকিৎসালয়ত ভৰ্তি কৰোৱায়   আৰু দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন