--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিদেশৰ লীগসমূহত খেলিবলৈ পঠাব লাগে ভাৰতৰ ক্ৰিকেটাৰসকলক। এই মত পোষণ কৰিছে প্ৰাক্তন তাৰকা অনিল কুম্বলেই।

 

টি২০ বিশ্বকাপৰ চেমিফাইনেলত পৰাজিত হোৱাৰ পাছত বিষয়টো লৈ যথেষ্ট চৰ্চা চলি আছে। বহুতে মত প্ৰকাশ কৰিছে যে আইপিএলৰ দৰে বিভিন্ন দেশত থকা লীগসমূহত ভাৰতৰ ক্ৰিকেটাৰসকলক খেলিবলৈ দিব লাগে।

 

এই মতক সমৰ্থন কৰি এটা ক্ৰিকেট ৱেবচাইটত কুম্বলেই কয় যে ২০২৮ চনৰ টি২০ বিশ্বকাপৰ পূৰ্বেই ভাৰতীয় ক্ৰিকেটাৰসকলক বিদেশত খেলিবলৈ সুবিধা দিব লাগে।

 

এইক্ষেত্ৰত তেওঁ ইংলেণ্ডৰ ক্ৰিকেটাৰসকলৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে আইপিএলত বিদেশৰ ক্ৰিকেটাৰসকলে খেলি ভাৰতীয় খেলুৱৈসকলৰ বিষয়ে বহুতো কথা শিকিছে। সেয়ে ভাৰতীয় খেলুৱৈসকলক বিদেশৰ লগত লীগত খেলিবলৈ দি এই সুযোগটো কিয় দিয়া হোৱা নাই?

 

''বিদেশত খেলাৰ অভিজ্ঞতাই অৱশ্যেই সহায়ক হয়।’’- কুম্বলেই কয়- ''মোৰ ভাৱ হয় এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা।’’

 

উল্লেখ্য যে বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়েও এই সম্পৰ্কে মত দাঙি ধৰিছিল। কিন্তু তেওঁ সম্পূৰ্ণ বিপৰীত ধৰণে ভাষ্য আগবঢ়াইছিল। কৈছিল যে বিদেশৰ লীগত ভাৰতৰ ক্ৰিকেটাৰসকলে ভাল দৰ লাভ কৰিব কিন্তু দেশৰ ঘৰুৱা ট্ৰফীসমূহ শেষ হৈ যাব।

 

''সকলোৱে বিদেশত খেলিবলৈ গ’লে ৰঞ্জী ট্ৰফীসহ ঘৰুৱা প্ৰতিযোগিতাসমূহ শেষ হৈ যাব। অনেক ক্ৰিকেটাৰ বিদেশত খেলিবলৈ ইচ্ছুক। কিন্তু সেয়া হ’লে আমাৰ পৰিণতি ৱেষ্ট ইণ্ডিজৰ দৰে হৈ যাব পাৰে।’’- দ্ৰাৱিড়ে কৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু