--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিদেশৰ লীগসমূহত খেলিবলৈ পঠাব লাগে ভাৰতৰ ক্ৰিকেটাৰসকলক। এই মত পোষণ কৰিছে প্ৰাক্তন তাৰকা অনিল কুম্বলেই।

 

টি২০ বিশ্বকাপৰ চেমিফাইনেলত পৰাজিত হোৱাৰ পাছত বিষয়টো লৈ যথেষ্ট চৰ্চা চলি আছে। বহুতে মত প্ৰকাশ কৰিছে যে আইপিএলৰ দৰে বিভিন্ন দেশত থকা লীগসমূহত ভাৰতৰ ক্ৰিকেটাৰসকলক খেলিবলৈ দিব লাগে।

 

এই মতক সমৰ্থন কৰি এটা ক্ৰিকেট ৱেবচাইটত কুম্বলেই কয় যে ২০২৮ চনৰ টি২০ বিশ্বকাপৰ পূৰ্বেই ভাৰতীয় ক্ৰিকেটাৰসকলক বিদেশত খেলিবলৈ সুবিধা দিব লাগে।

 

এইক্ষেত্ৰত তেওঁ ইংলেণ্ডৰ ক্ৰিকেটাৰসকলৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে আইপিএলত বিদেশৰ ক্ৰিকেটাৰসকলে খেলি ভাৰতীয় খেলুৱৈসকলৰ বিষয়ে বহুতো কথা শিকিছে। সেয়ে ভাৰতীয় খেলুৱৈসকলক বিদেশৰ লগত লীগত খেলিবলৈ দি এই সুযোগটো কিয় দিয়া হোৱা নাই?

 

''বিদেশত খেলাৰ অভিজ্ঞতাই অৱশ্যেই সহায়ক হয়।’’- কুম্বলেই কয়- ''মোৰ ভাৱ হয় এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা।’’

 

উল্লেখ্য যে বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়েও এই সম্পৰ্কে মত দাঙি ধৰিছিল। কিন্তু তেওঁ সম্পূৰ্ণ বিপৰীত ধৰণে ভাষ্য আগবঢ়াইছিল। কৈছিল যে বিদেশৰ লীগত ভাৰতৰ ক্ৰিকেটাৰসকলে ভাল দৰ লাভ কৰিব কিন্তু দেশৰ ঘৰুৱা ট্ৰফীসমূহ শেষ হৈ যাব।

 

''সকলোৱে বিদেশত খেলিবলৈ গলে ৰঞ্জী ট্ৰফীসহ ঘৰুৱা প্ৰতিযোগিতাসমূহ শেষ হৈ যাব। অনেক ক্ৰিকেটাৰ বিদেশত খেলিবলৈ ইচ্ছুক। কিন্তু সেয়া হলে আমাৰ পৰিণতি ৱেষ্ট ইণ্ডিজৰ দৰে হৈ যাব পাৰে।’’- দ্ৰাৱিড়ে কৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক