--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ কোনো আস্থা নাই। গতিকে ব’ৰ্ডে বিৰাট কোহলী, ৰোহিত শৰ্মাক সেই দেশত খেলিবলৈ পঠিয়াই নিদিয়ে। পাকিস্তানৰ ক্ৰিকেট বিষয়াসকলে নিৰাপত্তাৰ বিষয়টোক ভাৰতৰ অজুহাত বুলি অভিহিত কৰিছে। কিন্তু সেই নিৰাপত্তাৰ বাবেই অহা বছৰৰ পাকিস্তান ছুপাৰ লীগ (পি এছ এল) আন এখন দেশলৈ স্থানান্তৰিত হৈছে।

২০২৪ চনৰ পি এছ এল ইউ এ ই বা দক্ষিণ আফ্ৰিকাত হ’ব পাৰে। নিৰাপত্তাজনিত চিন্তাত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ বিষয়াসকলে প্ৰতিযোগিতাখন আন এখন দেশলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে।

অহা বছৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচন। সেই কামত ব্যস্ত থাকিব নিৰাপত্তাৰক্ষী। সেয়ে পাকিস্তান চৰকাৰে পিচিবিক অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত পিএছএল আয়োজনৰ অনুমতি নিদিলে। পিচিবিৰ বিষয়াসকলক জনোৱা হৈছে যে সেই সময়ত প্ৰতিযোগিতাখনৰ বাবে নিৰাপত্তাৰক্ষী যোগান ধৰাটো সম্ভৱ নহয়।

যদি আন সময়ত পি এছ এল আয়োজন কৰা হয় তেন্তে বিদেশী ক্ৰিকেটাৰ উপলব্ধ নহ’ব। কাৰণ, প্ৰতিটো ফ্ৰেঞ্চাইজি লীগৰ নিৰ্দিষ্ট সময় থাকে। পেছাদাৰী ক্ৰিকেটাৰে এনে চুক্তি কৰে। গতিকে প্ৰতিযোগিতাৰ সময় হঠাতে সলনি হ’লে বিদেশী ক্ৰিকেটাৰ উপলব্ধ নহ’ব। বিদেশী লীগত খেলা পাকিস্তানী ক্ৰিকেটাৰক লৈও অনিশ্চয়তা আহিব।

এই পৰিস্থিতিত ফেব্ৰুৱাৰী-মাৰ্চ মাহত বা পাকিস্তানৰ মাটিত আন যিকোনো সময়ত পি এছ এল আয়োজন কৰাটো কঠিন। সেয়েহে সংযুক্ত আৰব আমিৰশ্বাহী বা দক্ষিণ আফ্ৰিকাত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰা হৈছে। ক্ৰিকেটাৰসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাহিৰেও পিচিবি কৰ্তৃপক্ষই প্ৰতিযোগিতাৰ আকৰ্ষণ বজাই ৰাখিবলৈ আন কোনো উপায় নাই। 

সাধাৰণতে ১৯ বা ২০ ফেব্ৰুৱাৰীৰ পৰা ২০ বা ২১ মাৰ্চলৈকে পি এছ এল অনুষ্ঠিত হয়। সেয়ে পাকিস্তানী ক্ৰিকেট বিষয়াসকলে দুয়োখন দেশৰ ব’ৰ্ড আৰু ফ্ৰেঞ্চাইজিৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা আৰম্ভ কৰিছে।

পি এছ এল আগতে কেতিয়াও পাকিস্তানৰ বাহিৰলৈ যোৱা নাছিল। ২০২১ চনত Covid-19 মহামাৰীৰ সময়ত পাকিস্তানৰ মাটিতে PSL অনুষ্ঠিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক