--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বকাপৰ ফাইনেলত ভাৰতীয় ক্ৰিকেট দলৰ পৰাজয়ৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সূৰ্যকুমাৰ যাদৱে৷ 

ভাৰতীয় বেটছমেন সূৰ্যকুমাৰ যাদৱে শনিবাৰে বিশ্বকাপৰ ফাইনেলৰ পৰাজয়ৰ পাছত ড্ৰেছিং ৰূমলৈ গৈ প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা তেওঁৰ অনুপ্ৰেৰণামূলক কথাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে দলটোৱে অহা বছৰ টি-২০ বিশ্বকাপত একে মনোভাবেৰে নিজক প্ৰদৰ্শন অব্যাহত ৰাখিব।

যোৱা দেওবাৰে বিশ্বকাপৰ ফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত ছয় উইকেটত পৰাজিত হয় আৰু ১২ বছৰৰ পাছত এদিনীয়া বিশ্বকাপ ট্ৰফী জিকাৰ সপোন ভংগ হয়। এই পৰাজয়ৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলক সান্ত্বনা দিবলৈ দলটোৰ ড্ৰেছিং ৰুমত উপস্থিত হয়।

সূৰ্যকুমাৰে বৰ্তমান অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাত দলটোক নেতৃত্ব দি আছে। সূৰ্যকুমাৰে কয়, আমি বিশ্বকাপৰ ফাইনেলৰ ঠিক পাছতে ড্ৰেছিং ৰুমত বহি আছিলোঁ আৰু তাৰ পাছত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ড্ৰেছিং ৰুমলৈ আহি আমাৰ সকলোকে অনুপ্ৰেৰণামূলক কথা কৈছিল। তেওঁ প্ৰতিজন খেলুৱৈক লগ পাইছিল আৰু আমাক খেলখনত হোৱাৰ দৰে আগবাঢ়ি যাবলৈ কৈছিল আৰু আমি আগবাঢ়িব লাগিব। 

তেওঁ লগতে কয়, এই পৰাজয় পাহৰিবলৈ আমাক কিছু সময় লাগিব৷ কিন্তু পাঁচ-ছয় মিনিটৰ বাবে সকলোকে অনুপ্ৰেৰণামূলক কথা কোৱা আৰু তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হৈ আমাক লগ কৰাটো এটা ডাঙৰ কথা। আমি তেওঁলোকৰ কথা মনোযোগেৰে শুনিছিলোঁ, তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰিছিলোঁ আৰু আমি তেওঁলোকৰ পৰামৰ্শ অনুসৰণ কৰিবলৈ চেষ্টা কৰিম৷

উল্লেখ্য যে অহা বছৰ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত ভাৰতে আইচিচি (আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ) ট্ৰফী জিকাৰ সুযোগ পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক