--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ পাকিস্তানৰ কোনো নিৰ্বাচনতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানে । আজি এই কথা স্পষ্ট কৰি দিয়ে দেশ খনৰ নিৰ্বাচন আয়োগে।পাকিস্তানৰ নিৰ্বাচন আয়োগে কয় যে  পৰৱৰ্তী পাঁচ বছৰৰ বাবে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ইমৰাণ খানে। পাকিস্তানৰ নিৰ্বাচন আয়োগে এই ঘোষণা কৰি কয়  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে শাসনত থাকোতে আন দেশৰ নেতাসকলৰ বিভিন্ন ধৰণৰ  উপহাৰ লৈছিল। 

তেওঁ সেই উপহাৰবোৰৰ বিষয়ে  তেওঁ নিৰ্বাচন আয়োগত মিছা তথ্য দিছিল। সেয়েহে তেওঁক  পাকিস্তানৰ আইন অনুসৰি পাঁচ বছৰৰ কাৰাদণ্ডও  বিহা হৈছিল। নিৰ্বাচন আয়োগে আজি  ইমৰানৰ বিৰুদ্ধে অপৰাধমূলক তদন্ত আৰম্ভ কৰাৰো নিৰ্দেশ দিয়ে। পাকিস্তানৰ নিয়ম অনুসৰি, যদি চৰকাৰৰ মুৰব্বীসকলে বিদেশী ব্যক্তিৰ পৰা মূল্যৱান উপহাৰ লাভ কৰে, তেন্তে সেইবোৰ 'তোশাখানা'ত ৰাখিব লাগে। অৱশ্যে, সেই ঠাইৰ পৰা উপহাৰ বিক্ৰী কৰিব পাৰি। ইমৰান খানৰ বিৰুদ্ধে বাৰে বাৰে বিদেশী উপহাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। তেওঁ সেইবোৰৰ  তথ্য লুকুৱাই ৰাখিছিল। 

ইমৰানৰ পত্নীৰ বিৰুদ্ধেও একেই অভিযোগ উত্থাপিত হৈছে। ইমৰান খানক এই বছৰৰ এপ্ৰিল মাহত চৰকাৰৰ পৰা অপসাৰণ কৰা  হৈছিল। সেই সময়তে তোশাখানা সম্পৰ্কীয় অভিযোগবোৰ পোহৰলৈ আহিছিল। পাকিস্তানৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে  এনেবোৰ অভিযোগৰ ভিত্তিতে  ইমৰান খানে পৰৱৰ্তী পাঁচ বছৰৰ বাবে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব বুলি ঘোষণা কৰে।

একে সময়তে, তথ্য গোপন কৰাৰ বাবে ইমৰানৰ বিৰুদ্ধে অপৰাধমূলক তদন্তও কৰা হ'ব। নিৰ্বাচন আয়োগৰ ৰায় ঘোষণাৰ পিছত ইমৰানৰ দলৰ নেতাসকল উত্তেজিত হৈ পৰা দেখা যায়। পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ নেতা ফাৱাদ চৌধুৰীয়ে কয় যে পাকিস্তানৰ নিৰ্বাচন আয়োগ (ইচিপি) শ্বাহবাজ শ্বৰীফৰ এজন "আজ্ঞাকাৰী সেৱক"। ইমৰান খানৰ বিৰুদ্ধে ৰায় তেওঁৰ নিৰ্দেশতে দিয়া হৈছে।

 ইতিমধ্যে হিংসাত্মক ঘটনাৰ আশংকা কৰি   পাকিস্তানৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত বৃহৎ সংখ্যক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে।  ইমৰান খানৰ দলৰ নেতাসকলে সমৰ্থকসকলক প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলৈ  আহ্বান জনাইছে।  উল্লেখ্য দেওবাৰে পিটিআইয়ে পাকিস্তানৰ কেইবাটাও উপ-নিৰ্বাচনত বিপুল বিজয় লাভ কৰিছিল। 

ইমৰান খানৰ দলে সাতখন আসনৰ ভিতৰত ছয়খন আসনত জিকিছিল। ইয়াৰ পিছতে ইমৰানে দেশ খনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ  দাবী জনাইছিল। কিন্তু নিৰ্বাচন আয়োগৰ এনে সিদ্ধান্তৰ বাবে ইমৰানৰ দল নিঃসন্দেহে চাপত থাকিব বুলি বিজ্ঞ মহলে কৈছে।অৱশ্যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেও নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পাৰিব ইমৰানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা