--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ পাকিস্তানৰ কোনো নিৰ্বাচনতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানে । আজি এই কথা স্পষ্ট কৰি দিয়ে দেশ খনৰ নিৰ্বাচন আয়োগে।পাকিস্তানৰ নিৰ্বাচন আয়োগে কয় যে  পৰৱৰ্তী পাঁচ বছৰৰ বাবে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ইমৰাণ খানে। পাকিস্তানৰ নিৰ্বাচন আয়োগে এই ঘোষণা কৰি কয়  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে শাসনত থাকোতে আন দেশৰ নেতাসকলৰ বিভিন্ন ধৰণৰ  উপহাৰ লৈছিল। 

তেওঁ সেই উপহাৰবোৰৰ বিষয়ে  তেওঁ নিৰ্বাচন আয়োগত মিছা তথ্য দিছিল। সেয়েহে তেওঁক  পাকিস্তানৰ আইন অনুসৰি পাঁচ বছৰৰ কাৰাদণ্ডও  বিহা হৈছিল। নিৰ্বাচন আয়োগে আজি  ইমৰানৰ বিৰুদ্ধে অপৰাধমূলক তদন্ত আৰম্ভ কৰাৰো নিৰ্দেশ দিয়ে। পাকিস্তানৰ নিয়ম অনুসৰি, যদি চৰকাৰৰ মুৰব্বীসকলে বিদেশী ব্যক্তিৰ পৰা মূল্যৱান উপহাৰ লাভ কৰে, তেন্তে সেইবোৰ 'তোশাখানা'ত ৰাখিব লাগে। অৱশ্যে, সেই ঠাইৰ পৰা উপহাৰ বিক্ৰী কৰিব পাৰি। ইমৰান খানৰ বিৰুদ্ধে বাৰে বাৰে বিদেশী উপহাৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। তেওঁ সেইবোৰৰ  তথ্য লুকুৱাই ৰাখিছিল। 

ইমৰানৰ পত্নীৰ বিৰুদ্ধেও একেই অভিযোগ উত্থাপিত হৈছে। ইমৰান খানক এই বছৰৰ এপ্ৰিল মাহত চৰকাৰৰ পৰা অপসাৰণ কৰা  হৈছিল। সেই সময়তে তোশাখানা সম্পৰ্কীয় অভিযোগবোৰ পোহৰলৈ আহিছিল। পাকিস্তানৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে  এনেবোৰ অভিযোগৰ ভিত্তিতে  ইমৰান খানে পৰৱৰ্তী পাঁচ বছৰৰ বাবে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব বুলি ঘোষণা কৰে।

একে সময়তে, তথ্য গোপন কৰাৰ বাবে ইমৰানৰ বিৰুদ্ধে অপৰাধমূলক তদন্তও কৰা হ'ব। নিৰ্বাচন আয়োগৰ ৰায় ঘোষণাৰ পিছত ইমৰানৰ দলৰ নেতাসকল উত্তেজিত হৈ পৰা দেখা যায়। পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ নেতা ফাৱাদ চৌধুৰীয়ে কয় যে পাকিস্তানৰ নিৰ্বাচন আয়োগ (ইচিপি) শ্বাহবাজ শ্বৰীফৰ এজন "আজ্ঞাকাৰী সেৱক"। ইমৰান খানৰ বিৰুদ্ধে ৰায় তেওঁৰ নিৰ্দেশতে দিয়া হৈছে।

 ইতিমধ্যে হিংসাত্মক ঘটনাৰ আশংকা কৰি   পাকিস্তানৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত বৃহৎ সংখ্যক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে।  ইমৰান খানৰ দলৰ নেতাসকলে সমৰ্থকসকলক প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলৈ  আহ্বান জনাইছে।  উল্লেখ্য দেওবাৰে পিটিআইয়ে পাকিস্তানৰ কেইবাটাও উপ-নিৰ্বাচনত বিপুল বিজয় লাভ কৰিছিল। 

ইমৰান খানৰ দলে সাতখন আসনৰ ভিতৰত ছয়খন আসনত জিকিছিল। ইয়াৰ পিছতে ইমৰানে দেশ খনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ  দাবী জনাইছিল। কিন্তু নিৰ্বাচন আয়োগৰ এনে সিদ্ধান্তৰ বাবে ইমৰানৰ দল নিঃসন্দেহে চাপত থাকিব বুলি বিজ্ঞ মহলে কৈছে।অৱশ্যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেও নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পাৰিব ইমৰানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ