--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাজনৈতিক সংকটে গা কৰি উঠা ব্ৰিটেইনত চলিত মাহৰ ভিতৰতে এগৰাকী নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ জোৰদাৰ কুছকাৱাজ চলিছে। এনেসময়তে প্ৰধানমন্ত্ৰীৰ পদৰ দাবীদাৰ হিচাবে ভালে কেইগৰাকী ব্যক্তিৰ নাম উচ্চাৰিত হৈছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাবে পুনৰ চৰ্চালৈ আহিছে দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ নাম। প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে বিচাৰে যে ঋষি চুনাকে দলটোক বচাবলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী  পদৰ দৌৰৰ পৰা আঁতৰি থাকক। 

লিজ ট্ৰাছৰ অপসাৰণৰ পিছৰে পৰা শেহতীয়াকৈ দুজন লোকৰ নাম প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে চৰ্চা হৈছে– বৰিছ জনচন আৰু ঋষি চুনাক। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে জনপ্ৰিয়তাৰ ক্ষেত্ৰত চুনাকৰ তুলনাত জনছন বহুগণে বেছি আগবঢ়া। জনছনে দাবী কৰিছে যে কেৱল তেওঁৰ নেতৃত্বতহে ২০২৪ চনত কনজাৰ্ভেটিভ পাৰ্টি ক্ষমতালৈ ঘূৰি আহিব পাৰিব। গতিকে এইবাৰ দলৰ কথা মনত ৰাখি চুনাকে প্ৰধানমন্ত্ৰী পদৰ দৌৰৰ পৰা আঁতৰি থকা ভাল বুলি জনছনে পাকে-প্ৰকাৰে বুজাই আহিছে।লিজ ট্ৰাছে মাত্ৰ ৪৪ দিনৰ পিছতে  প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছে।তেতিয়াৰে পৰাই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ১০ ডাউনিং ষ্ট্ৰীটলৈ উভতি যাবলৈ চেষ্টা কৰি আহিছে।

 ট্ৰাছে পদত্যাগ কৰাৰ পিছত জনছনে খৰখেদাকৈ কেৰিবিয়ান দ্বীপপুঞ্জৰ পৰা উভতি আহিছে। দলটোত তেওঁৰ সমৰ্থকৰ সংখ্যা  কম নহয়। কিন্তু তেওঁৰ উভতি অহাৰ পথত আটাইতকৈ ডাঙৰ কণ্টক হৈ থিয় দিছে ভাৰতীয় মূলৰ ঋষি চুনাকে। বৰিছ জনছনে দলটোৰ ভালৰ বাবেই  তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দী চুনাকক যুঁজৰ পৰা আঁতৰাবলৈ এক ৰণনীতি প্ৰস্তুত কৰিছে। অৱশ্যে, ঋষিয়ে জনছনৰ এনে আবেদনৰ প্ৰতি সঁহাৰি দিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

লিজ ট্ৰাছে মাত্ৰ ডেৰ মাহ শাসনত থাকিয়েই   পদ ত্যাগ কৰিছে। তথাপিও তেওঁ চৰকাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন লাভ কৰিব। সূত্ৰ অনুসৰি তেওঁ গোটেই জীৱন চৰকাৰৰ পৰা ১,২৮,০০০ ডলাৰ লাভ কৰি থাকিব। লিজ ট্ৰাছক এই ধন  ৰাজহুৱা শুল্ক ব্যয় ভাট্টা পুঁজিৰ পৰা দিয়া হ'ব।এটা সূত্ৰই দাবী কৰে যে ঋষি চুনাকৰ পক্ষত  ১০০ জন সাংসদৰ সমৰ্থন আছে। দেশ খনত ৩১ অক্টোবৰৰ পূৰ্বে এজন নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক