--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাজনৈতিক সংকটে গা কৰি উঠা ব্ৰিটেইনত চলিত মাহৰ ভিতৰতে এগৰাকী নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ জোৰদাৰ কুছকাৱাজ চলিছে। এনেসময়তে প্ৰধানমন্ত্ৰীৰ পদৰ দাবীদাৰ হিচাবে ভালে কেইগৰাকী ব্যক্তিৰ নাম উচ্চাৰিত হৈছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাবে পুনৰ চৰ্চালৈ আহিছে দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ নাম। প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে বিচাৰে যে ঋষি চুনাকে দলটোক বচাবলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী  পদৰ দৌৰৰ পৰা আঁতৰি থাকক। 

লিজ ট্ৰাছৰ অপসাৰণৰ পিছৰে পৰা শেহতীয়াকৈ দুজন লোকৰ নাম প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে চৰ্চা হৈছে– বৰিছ জনচন আৰু ঋষি চুনাক। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে জনপ্ৰিয়তাৰ ক্ষেত্ৰত চুনাকৰ তুলনাত জনছন বহুগণে বেছি আগবঢ়া। জনছনে দাবী কৰিছে যে কেৱল তেওঁৰ নেতৃত্বতহে ২০২৪ চনত কনজাৰ্ভেটিভ পাৰ্টি ক্ষমতালৈ ঘূৰি আহিব পাৰিব। গতিকে এইবাৰ দলৰ কথা মনত ৰাখি চুনাকে প্ৰধানমন্ত্ৰী পদৰ দৌৰৰ পৰা আঁতৰি থকা ভাল বুলি জনছনে পাকে-প্ৰকাৰে বুজাই আহিছে।লিজ ট্ৰাছে মাত্ৰ ৪৪ দিনৰ পিছতে  প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছে।তেতিয়াৰে পৰাই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ১০ ডাউনিং ষ্ট্ৰীটলৈ উভতি যাবলৈ চেষ্টা কৰি আহিছে।

 ট্ৰাছে পদত্যাগ কৰাৰ পিছত জনছনে খৰখেদাকৈ কেৰিবিয়ান দ্বীপপুঞ্জৰ পৰা উভতি আহিছে। দলটোত তেওঁৰ সমৰ্থকৰ সংখ্যা  কম নহয়। কিন্তু তেওঁৰ উভতি অহাৰ পথত আটাইতকৈ ডাঙৰ কণ্টক হৈ থিয় দিছে ভাৰতীয় মূলৰ ঋষি চুনাকে। বৰিছ জনছনে দলটোৰ ভালৰ বাবেই  তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দী চুনাকক যুঁজৰ পৰা আঁতৰাবলৈ এক ৰণনীতি প্ৰস্তুত কৰিছে। অৱশ্যে, ঋষিয়ে জনছনৰ এনে আবেদনৰ প্ৰতি সঁহাৰি দিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

লিজ ট্ৰাছে মাত্ৰ ডেৰ মাহ শাসনত থাকিয়েই   পদ ত্যাগ কৰিছে। তথাপিও তেওঁ চৰকাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন লাভ কৰিব। সূত্ৰ অনুসৰি তেওঁ গোটেই জীৱন চৰকাৰৰ পৰা ১,২৮,০০০ ডলাৰ লাভ কৰি থাকিব। লিজ ট্ৰাছক এই ধন  ৰাজহুৱা শুল্ক ব্যয় ভাট্টা পুঁজিৰ পৰা দিয়া হ'ব।এটা সূত্ৰই দাবী কৰে যে ঋষি চুনাকৰ পক্ষত  ১০০ জন সাংসদৰ সমৰ্থন আছে। দেশ খনত ৩১ অক্টোবৰৰ পূৰ্বে এজন নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক