--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ মৰবি জিলাৰ মাচি নদীৰ ওপৰত এখন দলং খহি পৰাৰ ফলত কমেও ১৩৫ জন লোকৰ মৃত্যু হৈছিল। অভিযোগ অনুসৰি  দলংখনৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ আগতে মুকলি কৰা হৈছিল। ফলত সংঘটিত হৈছিল সেই মৰ্মান্তিক দুৰ্ঘটনাটো।গুজৰাটৰ মৰবিৰ মাচু নদীত সংঘটিত দলং দুৰ্ঘটনাত নিহতসকলক ক্ষতিপূৰণ আদায় দিবলৈ  মুঠ ৫.৪ কোটি টকা ব্যয় কৰা হৈছে। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ঘটনাটোৰ পিছত মৰবিলৈ গৈছিল।  মোদীৰ ভ্ৰমণৰ  অনুষ্ঠান পৰিচালনাৰ বাবেই কেৱল ৫.৫ কোটি টকা ব্যয় হৈছিল।

অৰ্থাৎ দলং দুৰ্ঘটনাত নিহতৰ পৰিয়ালে ক্ষতিপূৰণৰ নামত পালে মুঠ ৫.৪ কোটি টকা। আনহাতে খবৰ ল’বলৈ যোৱা মোদীৰ কেই ঘণ্টামানৰ ভ্ৰমণৰ বাদত খৰচ কৰা হ’ল ৫.৫ কোটি টকা!  বিৰোধীয়ে দাবী কৰা অনুসৰি তথ্যৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদনৰ উত্তৰ এই তথ্য পোৱা গৈছে।  কোৱা হৈছে যে গুজৰাট চৰকাৰে মোদীৰ মৰবি ভ্ৰমণৰ নামত মাত্ৰ  কেইঘণ্টামানৰ বাবে সৰ্বমুঠ প্ৰায় ৩০ কোটি টকা ব্যয় কৰিছে। আনহাতে, বিজেপিয়ে দাবী কৰে যে তথ্যৰ অধিকাৰ আইনৰ অধীনত এনে কোনো তথ্য কোনেও জানিব বিচৰা নাই। এয়া সকলো ভুৱা তথ্য।

৩০ অক্টোবৰত গুজৰাটৰ মৰবি জিলাৰ মাচি নদীৰ ওপৰত এখন ওলমি থকা দলং খহি পৰাৰ ফলত ১৩৫ জন লোকৰ মৃত্যু হয়।  ফলস্বৰূপে  গুজৰাটৰ বিধানসভা  নিৰ্বাচনৰ পূৰ্বে মোদী অস্বস্তিত পৰিছিল। ঘটনাটোৰ সময়ত প্ৰধানমন্ত্ৰী গুজৰাটত উপস্থিত থকা স্বত্বেও দুৰ্ঘটনাটোৰ দুদিন পিছতহে তেওঁ   কিয় ঘটনাস্থলীলৈ গৈছিল তাকে লৈও প্ৰশ্ন উত্থাপিত হৈছিল।

তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ সাকেত গোখলেই টুইটত কৈছে যে ১৩৫ জন মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ প্ৰশাসনে ৫ কোটি টকা খৰচ হৈছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবেই  ৰাতিটোৰ ভিতৰতে ৰাস্তা মেৰামতি কৰাৰ বাবে ১১ কোটি টকা ব্যয় কৰা হৈছে। মোদীৰ এই ভ্ৰমণত মৰ্বিৰ চিকিৎসালয়ৰ মেৰামতিৰ বাবদ ৮ কোটি টকা ব্যয় হৈছিল ( পেইণ্টিং, পৰিষ্কাৰ কৰা, নতুন বিচনা আৰু বিচনা চাদৰ আদিৰ বাবে)। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে ৩ কোটি টকা, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে ২.৫ কোটি টকা, অনুষ্ঠান ব্যৱস্থাপনা খণ্ডত ২ কোটি টকা আৰু গুজৰাট প্ৰশাসনে ৫০ লাখ টকা এই ভ্ৰমণৰ ফটো তোলাৰ বাবে ব্যয় কৰিছে।

ইপিনে  বিজেপিৰ গুজৰাট গোটে চাকেতক আক্ৰমণ কৰি টুইটাৰত লিখিছে, "তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কোনেও এনে তথ্য জানিব বিচৰা নাছিল। এয়া সকলো মিছা । মমতা বেনাৰ্জীৰ পৰা আৰম্ভ কৰি দলটোৰ মুখপাত্ৰলৈকে – তৃণমূল মিথ্যাচাৰীৰ দল। ''

উল্লেখ্য মৰবিত দলং খহি পৰাত ১৩৫ জন লোকৰ মৃত্যু হোৱাৰ পিছত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ দুৰ্ঘটনাত আহত সকলক চিকিৎসা প্ৰদান কৰি থকা তথা নিহত সকলৰ মৃতদেহ ৰখা চিকিৎসালয় খনলৈ গৈছিল। মোদীৰ ভ্ৰমণৰ বাবেই  চিকিৎসালয় খন নতুনকৈ ৰং কৰা হৈছিল।কিন্তু পূৰ্বে অৱহেলিত হৈ থকা চিকিৎসালয় খনত মোদীৰ আগমণৰ বাবেই  ৰং কৰাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

বিৰোধীয়ে মৰবিৰ চিকিৎসালয়ত ৰং কৰাৰ কথাটোকলৈ মোদীৰ চৰকাৰক উভতি ধৰিছিল। বিৰোধীয়ে কৈছিল যে  প্ৰধানমন্ত্ৰী চিকিৎসালয়লৈ আহিব বাবেই চিকিৎসালয়ৰ  দেৱালবোৰ ৰাতিটোৰ ভিতৰতে ৰং কৰা হৈছে ,যাতে সমগ্ৰ দেশৰ দুৰ্বল অৱস্থাটো উন্মোচিত নহয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক