--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ শিক্ষাৰ্থী৷ চিকিৎসা বিজ্ঞানত অধ্যয়নৰ বাবে যোৱা বহু শিক্ষাৰ্থীয়ে ভাৰতলৈ ঘূৰি অহাৰ চেষ্টা চলাইছে৷ ইতিমধ্যে শতাধিক ছাত্ৰ-ছাত্ৰী ঘূৰি আহিছে যদিও ইউক্ৰেইনত আবদ্ধ বহু শিক্ষাৰ্থীয়ে খোজকাঢ়িয়েই সীমান্ত পাৰ কৰিছে৷ মঙলবাৰে ৰাছিয়াই ইউক্ৰেইনৰ খাৰকিভত চলোৱা মিছাইল আক্ৰমণত নিহত হয় এগৰাকী ভাৰতীয় শিক্ষাৰ্থী৷ [caption id="attachment_134522" align="alignnone" width="300"]প্ৰহ্লাদ যোশী প্ৰহ্লাদ যোশী[/caption] এনে উদ্বিগ্নতাৰ মাজতে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ এক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে৷ 'বিদেশত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা ৯০ শতাংশ ভাৰতীয় শিক্ষাৰ্থী মেডিকেলৰ যোগ্যতা অৰ্জনকাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাত ব্যৰ্থ হৈছে'- এই মন্তব্য কৰিছে মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে কয় যে 'শিক্ষাৰ্থীসকলে কিয় চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ গৈছে সেই বিষয়ে বিতৰ্ক কৰাৰ এইটো সঠিক সময় নহয়।' যিসকলে বিদেশত চিকিৎসা ডিগ্ৰী লাভ কৰে, তেওঁলোকে ভাৰতত মেডিকেল অনুশীলন কৰিবলৈ বিদেশী চিকিৎসা স্নাতক পৰীক্ষাত (এফএমজিই) উত্তীৰ্ণ হ'ব লাগিব। ইউক্ৰেইনত হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী আবদ্ধ হৈ থকাৰ সময়তে এই মন্তব্য কৰে যোশীয়ে৷ বৃহস্পতিবাৰৰ পৰা যেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত সামৰিক অভিযান আৰম্ভ হৈছিল, তেতিয়াৰ পৰাই দেশ এৰিবলৈ আগ্ৰহী শিক্ষাৰ্থীসকলে ভিডিঅ'যোগে উদ্ধাৰৰ আহ্বান জনাই আহিছে৷ উল্লেখ্য যে, ২৪ ঘণ্টাত ইউক্ৰেইনৰ পৰা ১,৩০০ ভাৰতীয়ক ঘূৰাই অনা হ'ল৷ বৰ্তমান ইউক্ৰেইনৰ ৰাজধানী কিয়েভত কোনো ভাৰতীয় নাগৰিক নাই বুলি জনাইছে চৰকাৰী সূত্ৰই৷ অৱশ্যে বৰ্তমানেও ৰাষ্ট্ৰখনৰ আন স্থানত আবদ্ধ হৈ থকা পৰা সকলো ভাৰতীয় আহিবলৈ সক্ষম হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ