--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ শিক্ষাৰ্থী৷ চিকিৎসা বিজ্ঞানত অধ্যয়নৰ বাবে যোৱা বহু শিক্ষাৰ্থীয়ে ভাৰতলৈ ঘূৰি অহাৰ চেষ্টা চলাইছে৷ ইতিমধ্যে শতাধিক ছাত্ৰ-ছাত্ৰী ঘূৰি আহিছে যদিও ইউক্ৰেইনত আবদ্ধ বহু শিক্ষাৰ্থীয়ে খোজকাঢ়িয়েই সীমান্ত পাৰ কৰিছে৷ মঙলবাৰে ৰাছিয়াই ইউক্ৰেইনৰ খাৰকিভত চলোৱা মিছাইল আক্ৰমণত নিহত হয় এগৰাকী ভাৰতীয় শিক্ষাৰ্থী৷ [caption id="attachment_134522" align="alignnone" width="300"]প্ৰহ্লাদ যোশী প্ৰহ্লাদ যোশী[/caption] এনে উদ্বিগ্নতাৰ মাজতে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ এক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে৷ 'বিদেশত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা ৯০ শতাংশ ভাৰতীয় শিক্ষাৰ্থী মেডিকেলৰ যোগ্যতা অৰ্জনকাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাত ব্যৰ্থ হৈছে'- এই মন্তব্য কৰিছে মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে কয় যে 'শিক্ষাৰ্থীসকলে কিয় চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ গৈছে সেই বিষয়ে বিতৰ্ক কৰাৰ এইটো সঠিক সময় নহয়।' যিসকলে বিদেশত চিকিৎসা ডিগ্ৰী লাভ কৰে, তেওঁলোকে ভাৰতত মেডিকেল অনুশীলন কৰিবলৈ বিদেশী চিকিৎসা স্নাতক পৰীক্ষাত (এফএমজিই) উত্তীৰ্ণ হ'ব লাগিব। ইউক্ৰেইনত হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী আবদ্ধ হৈ থকাৰ সময়তে এই মন্তব্য কৰে যোশীয়ে৷ বৃহস্পতিবাৰৰ পৰা যেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত সামৰিক অভিযান আৰম্ভ হৈছিল, তেতিয়াৰ পৰাই দেশ এৰিবলৈ আগ্ৰহী শিক্ষাৰ্থীসকলে ভিডিঅ'যোগে উদ্ধাৰৰ আহ্বান জনাই আহিছে৷ উল্লেখ্য যে, ২৪ ঘণ্টাত ইউক্ৰেইনৰ পৰা ১,৩০০ ভাৰতীয়ক ঘূৰাই অনা হ'ল৷ বৰ্তমান ইউক্ৰেইনৰ ৰাজধানী কিয়েভত কোনো ভাৰতীয় নাগৰিক নাই বুলি জনাইছে চৰকাৰী সূত্ৰই৷ অৱশ্যে বৰ্তমানেও ৰাষ্ট্ৰখনৰ আন স্থানত আবদ্ধ হৈ থকা পৰা সকলো ভাৰতীয় আহিবলৈ সক্ষম হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন