--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিধৱা মহিলাক মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰা প্ৰথাক তীব্ৰ সমালোচনা কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। আদালতে কয় যে কোনো সভ্য সমাজত এনে পৰম্পৰা থাকিব নোৱাৰে। ইৰোড জিলাৰ এটা মন্দিৰ পৰিদৰ্শন কৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আৰক্ষীৰ সুৰক্ষা বিচাৰি এগৰাকী মহিলাৰ আবেদনৰ শুনানিৰ সময়ত আদালতে এই মন্তব্য কৰে।

লাইভ ল’ৰ বাতৰি অনুসৰি ন্যায়াধীশ আনন্দ ভেংকটেশৰ এখন বিচাৰপীঠে মহিলাগৰাকীয়ে কয় যে তেওঁৰ স্বামী মন্দিৰটোৰ পুৰোহিত আছিল, যাৰ মৃত্যু হৈছিল ২০১৭ চনৰ ২৮ আগষ্টত। তেওঁ আৰু কয় যে তেওঁ মন্দিৰৰ উৎসৱত অংশগ্ৰহণ কৰি পুত্ৰৰ সৈতে পূজা কৰিব বিচাৰে, কিন্তু কিছুমান মানুহে মহিলাগৰাকীক তেনে কৰাত বাধা দিছিল। কোৱা হৈছিল যে মহিলাগৰাকী বিধৱা হোৱাৰ বাবে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ সমান্তৰালকৈ মহিলাগৰাকীয়ে ৯ আৰু ১০ আগষ্টত মন্দিৰত অনুষ্ঠিত হ’বলগীয়া এই উৎসৱত অংশগ্ৰহণৰ বাবে নিৰাপত্তাৰক্ষীৰ দাবী উত্থাপন কৰে।

সমগ্ৰ বিষয়টোক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বিচাৰপীঠে কয় যে এই অৱস্থাত যুগ যুগ ধৰি চলি অহা বিশ্বাস আছে যে যদি কোনো বিধৱাই মন্দিৰত প্ৰৱেশ কৰে তেন্তে ইয়াৰ ফলত অশুদ্ধিৰ সৃষ্টি হ’ব। যদিও এই সকলোবোৰ মূৰ্খ বিশ্বাস ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে, তথাপিও কিছুমান গাঁৱত এই প্ৰথা অব্যাহত আছে। আদালতে আৰু কয় যে, এই নিয়মসমূহ পুৰুষে তেওঁলোকৰ সুবিধাৰ বাবে বনাইছে। 

ন্যায়াধীশ ভেংকটেশে আৰু কয় যে এগৰাকী মহিলাৰ নিজস্ব সুকীয়া পৰিচয় আছে আৰু বৈবাহিক অৱস্থাৰ ভিত্তিত কোনো ধৰণে হ্ৰাস কৰিব নোৱাৰি। বিচাৰপীঠে কয়, আইনৰ শাসনৰ দ্বাৰা পৰিচালিত সভ্য সমাজত এনে কেতিয়াও চলিব নোৱাৰে। কোনোবাই যদি কোনো বিধৱা মহিলাক মন্দিৰত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে এনে প্ৰচেষ্টা চলায় তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

বিচাৰপীঠে কয় যে, এগৰাকী মহিলাৰ নিজস্ব স্বতন্ত্ৰ পৰিচয় থাকে আৰু তেওঁৰ বৈবাহিক অৱস্থাৰ ভিত্তিত ইয়াক কোনো ধৰণে হ্ৰাস বা কাঢ়ি নিব নোৱাৰি। আৱেদনখনৰ সৈতে জড়িত আন পক্ষক সম্বোধন কৰি আদালতে কয় যে, আবেদনকাৰী আৰু তেওঁৰ পুত্ৰক উৎসৱত উপস্থিত হৈ প্ৰভুক পূজা কৰাত বাধা দিয়াৰ তেওঁলোকৰ কোনো অধিকাৰ নাই।

ইয়াৰ পাছতে আদালতে আৰক্ষীক নিৰ্দেশ দিয়ে যে যিসকলে আবেদনকাৰীক মন্দিৰত প্ৰৱেশ কৰাত বাধা দিয়াসকলক স্পষ্টভাৱে জনাই দিয়ে যে তেওঁলোকে তেওঁক আৰু তেওঁৰ পুত্ৰক মন্দিৰত প্ৰৱেশ কৰাত বাধা যাতে নিদিয়ে। যদি এনেকুৱা হয় তেন্তে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আদালতে কয় যে, মহিলা আবেদনকাৰী আৰু তেওঁৰ পুত্ৰই যাতে ৯ আৰু ১০ আগষ্টত মন্দিৰ উৎসৱত অংশগ্ৰহণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী