--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত এতিয়া পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উৎকণ্ঠা অব্যাহত আছে৷ ইতিমধ্যে, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব আৰু গোৱাত কেইবাটাও পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে৷ মণিপুৰত অহা ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন৷ নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহত এতিয়ালৈ ১০০০ কোটি৷টকাৰো অধিক নগদ ধন, বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সুৰা জব্দ কৰা হৈছে৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ এক বিবৃতি অনুসৰি, ৫১০.৯১ কোটি টকা জব্দৰে পঞ্জাব তালিকাৰ শীৰ্ষত আছে৷ তাৰ পাছতে আছে উত্তৰ প্ৰদেশ৷ উত্তৰ প্ৰদেশৰ পৰা জব্দ কৰা হৈছে ৩০৭.৯২ কোটি টকা৷ একেদৰে মণিপুৰৰ পৰা ৩০৭.৯২ কোটি, মণিপুৰৰ পৰা ১৬৭.৮৩ কোটি, উত্তৰাখণ্ডৰ পৰা ১৮.৮১ কোটি আৰু গোৱাৰ পৰা ১২.৭৩ কোটি টকা জব্দ কৰা হৈছে৷ পাঁচখন ৰাজ্যত জব্দকৃত ১,০১৮ কোটি টকা ২০১৭ত কৰা মুঠ ২৯৯.৮৪ কোটি টকাতকৈ চাৰিগুণ অধিক৷ পাঁচখন ৰাজ্যৰ পৰা জব্দকৃত নগদ ধনৰ পৰিমাণ আছিল ১৪০.২৯ কোটি টকা৷ একেদৰে, ৯৯.৮৪ কোটি টকা মূল্যৰ ৮২ লাখ লিটাৰতকৈও অধিক সুৰা জব্দ কৰা হৈছিল। আনহাতে, ৰাজ্যকেইখনপ পৰা ৫৬৯.৫২ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য, ১১৫.০৫৪ কোটি টকা মূল্যৰ মূল্যৱান ধাতু আৰু ৯৩.৫ কোটি টকাৰ বিনামূলীয়া সামগ্ৰীও জব্দ কৰা হৈছিল৷ পাঁচখন ৰাজ্যত চলোৱা অভিযানৰ বাবে আয়োগে ২২৮জন ব্যয় পৰ্যবেক্ষক নিয়োজিত কৰিছিল আৰু যিসকল ট্ৰেক ৰেকৰ্ডত ভাল ফলাফল প্ৰদৰ্শন কৰা বিশেষ ব্যয় পৰ্যবেক্ষকক কাৰ্যকৰী নিৰীক্ষণৰ বাবে ডমেইন বিশেষজ্ঞতা হিচাপেও নিযুক্ত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য