--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত এতিয়া পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উৎকণ্ঠা অব্যাহত আছে৷ ইতিমধ্যে, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব আৰু গোৱাত কেইবাটাও পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে৷ মণিপুৰত অহা ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন৷ নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহত এতিয়ালৈ ১০০০ কোটি৷টকাৰো অধিক নগদ ধন, বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সুৰা জব্দ কৰা হৈছে৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ এক বিবৃতি অনুসৰি, ৫১০.৯১ কোটি টকা জব্দৰে পঞ্জাব তালিকাৰ শীৰ্ষত আছে৷ তাৰ পাছতে আছে উত্তৰ প্ৰদেশ৷ উত্তৰ প্ৰদেশৰ পৰা জব্দ কৰা হৈছে ৩০৭.৯২ কোটি টকা৷ একেদৰে মণিপুৰৰ পৰা ৩০৭.৯২ কোটি, মণিপুৰৰ পৰা ১৬৭.৮৩ কোটি, উত্তৰাখণ্ডৰ পৰা ১৮.৮১ কোটি আৰু গোৱাৰ পৰা ১২.৭৩ কোটি টকা জব্দ কৰা হৈছে৷ পাঁচখন ৰাজ্যত জব্দকৃত ১,০১৮ কোটি টকা ২০১৭ত কৰা মুঠ ২৯৯.৮৪ কোটি টকাতকৈ চাৰিগুণ অধিক৷ পাঁচখন ৰাজ্যৰ পৰা জব্দকৃত নগদ ধনৰ পৰিমাণ আছিল ১৪০.২৯ কোটি টকা৷ একেদৰে, ৯৯.৮৪ কোটি টকা মূল্যৰ ৮২ লাখ লিটাৰতকৈও অধিক সুৰা জব্দ কৰা হৈছিল। আনহাতে, ৰাজ্যকেইখনপ পৰা ৫৬৯.৫২ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য, ১১৫.০৫৪ কোটি টকা মূল্যৰ মূল্যৱান ধাতু আৰু ৯৩.৫ কোটি টকাৰ বিনামূলীয়া সামগ্ৰীও জব্দ কৰা হৈছিল৷ পাঁচখন ৰাজ্যত চলোৱা অভিযানৰ বাবে আয়োগে ২২৮জন ব্যয় পৰ্যবেক্ষক নিয়োজিত কৰিছিল আৰু যিসকল ট্ৰেক ৰেকৰ্ডত ভাল ফলাফল প্ৰদৰ্শন কৰা বিশেষ ব্যয় পৰ্যবেক্ষকক কাৰ্যকৰী নিৰীক্ষণৰ বাবে ডমেইন বিশেষজ্ঞতা হিচাপেও নিযুক্ত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক