--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেন্দ্ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে জম্মু-কাশ্মীৰৰ ৰাজনৈতিক মিত্ৰজোঁট গুপকাৰ এলায়েন্স। কেন্দ্ৰ শাসিত প্ৰদেশখনৰ পাঁচটা ৰাজনৈতিক দলৰ মিত্ৰজোঁট গুপকাৰ এলায়েন্সে কেন্দ্ৰই জম্মু-কাশ্মীৰত ব্যাপক উন্নয়ন সাধন কৰা বুলি কৰা দাবীক নস্যাৎ কৰিছে আৰু কৈছে যে, এয়া মিছাৰ সমষ্টিৰ বাহিৰে আন একো নহয়। শনিবাৰে কেন্দ্ৰৰ বিৰু্দ্ধে সৰৱ হৈ পৰা গুপকাৰ এলায়েন্সে কয় যে, প্ৰদেশখনৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত ইয়াত উন্নয়ন, শান্তি, চাকৰিৰ সুবিধা আৰু বিনিয়োগ হোৱা বুলি বিজেপিয়ে কৰা দাবীক মিছাৰ সমষ্টি আখ্যা দিছে গুপকাৰ এলায়েন্সে । বিজেপিৰ প্ৰতিটো দাবীক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাবলৈ গুপকাৰ সাজু বুলি মন্তব্য কৰি মিত্ৰজোঁটৰ নেতৃবৃন্দই কয় যে, তেওঁলোকে বিজেপিক উন্নয়নৰ কাহিনীৰ আঁৰৰ সত্য ইয়াৰ জৰিয়তে উদঙাই দিব। গুপকাৰ এলায়েন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাৰ নেতৃত্বত অনুষ্ঠিত এখন বৈঠকৰ অন্তত তেওঁলোকে এখন শ্বেতপত্ৰ প্ৰকাশ কৰে। এই বৈঠকত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটীৰ লগতে আন নেতাসকলো উপস্থিত আছিল। তেওঁলোকে প্ৰকাশ কৰা এই শ্বেতপত্ৰত তেওঁলোকে প্ৰকাশ কৰে যে, কেন্দ্ৰীয় চৰকাৰে যি নয়া কাশ্মীৰৰ কথা কৈছে সেয়া মিথ্যাচাৰৰ নামান্তৰ আৰু একধৰণৰ চলনাহে। এলায়েন্সৰ মুখপাত্ৰ এমৱাই তাৰিগামীয়ে কয়, বিজেপিৰ নতুন কাশ্মীৰৰ নেৰেটিভত ইউএপিএ, পিএছএ আৰু গ্ৰেপ্তাৰ কাৰ্য এক নিময়ত পৰিণত হৈছে, ই এক ব্যতিক্ৰম হৈ থকা নাই। তেওঁ কয় যে, ‘২০১৯চনৰ ৫ আগষ্টত যি হৈছিল সেয়া বলপূৰ্বকভাৱে জাপি দিয়া এটা সিদ্ধান্ত আছিল। ব্যাপক সৈন্য সমাৱেশ আৰু ফোন তথা ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ দৰে পদক্ষেপৰ জৰিয়তে জৰুৰী অৱস্থা সৃষ্টি কৰা হৈছিল। জনতাৰ মতামতো গ্ৰহণ কৰা হোৱা নাছিল।’ তেওঁ লগতে কয় যে, ‘কাশ্মীৰ, জম্মু আৰু লাডাখৰ বাসিন্দাৰ নীৰৱতাক ২০১৯চনৰ ৫ আগষ্টৰ সিদ্ধান্তৰ প্ৰতি সন্মতি বুলি ভুলকৈ নাভাবে যেন।’ ৩৭০ অনুচ্ছেদক ভাৰত আৰু জম্মু-কাশ্মীৰৰ জনগণৰ মাজৰ ভাৰতৰ সংবিধানৰ অন্তৰ্গত সাঁকো আছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, জম্মু-কাশ্মীৰৰ নাগৰিকে এই বিশেষ মৰ্যাদাৰ জৰিয়তে ভাৰতৰ সৈতে যি সম্পৰ্ক গঢ়ি তুলিছিল সেয়াও এই অনু্চ্ছেদ প্ৰত্যাহাৰৰ পাছতে ক্ষতিগ্ৰস্ত হৈছে। ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ ভাৰতৰ সংবিধান আৰু জম্মু-কাশ্মীৰৰ পৰিচয়ৰ প্ৰতি এক অপমান। উল্লেখ্য যে, কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বৰ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰা হৈছিল। তাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। জম্মু-কাশ্মীৰক একপ্ৰকাৰ পণবন্দী কৰি ৰাখি প্ৰত্যাহাৰ কৰা হৈছিল ৰাজ্যখনৰ বিশেষ মৰ্যাদা। কেৱল এয়াই নহয়, জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা আঁতৰাই কেন্দ্ৰশাসিত প্ৰদেশ কৰি তোলা হৈছিল জম্মু-কাশ্মীৰক। ইয়াৰ পাছৰে পৰা তাৰ ৰাজনৈতিক দলসমূহে এই মৰ্যাদা ঘূৰাই অনাৰ লগতে জম্মু-কাশ্মীৰৰ স্বকীয়তা ৰক্ষাৰ সংগ্ৰাম অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক