--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এখন ফটো আৰু দুটা অঘটন৷ ফটোয়েই যেন কাল হ'ল দুগৰাকী বিধায়কৰ৷ ফটো উঠিবলৈ গৈ বাগৰি পৰিল বিধায়ক দুগৰাকী৷ ঘটনাৰ সবিশেষ এনেধৰণৰ-- আজি অন্ত পৰিল বিধানসভাৰ শীতকালীন অধিৱেশন৷ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হ'ল অসম বিধানসভাৰ চৌহদ৷ নানা ৰঙী ফুল, কাৰ্পেটেৰে সু-সজ্জিত কৰিলে বিধানসভাৰ ভিতৰ তথা বাহিৰচ’ৰা৷ ডিঙিত গামোচা পিন্ধি শাসক-বিৰোধীও উপস্থিত হ'ল সদনত৷ সকলো ঠিকেই চলিল৷ কিন্তু তাৰমাজতেই ঘটিল এই অঘটন৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে ফটো ছেছনৰ সময়ত ঢলি পৰে বিধায়ক ফণী তালুকদাৰ৷ মূৰ ঘূৰাই ঢলি পৰে বিধায়কগৰাকী৷


ইপিনে, বিধানসভাৰ চৌহদত পৰি আহত হয় বিধায়ক কৃষ্ণেন্দু পাল৷ ফটো উঠিবলৈ গৈ ভৰি পিছল খাই বিধানসভাৰ চৌহদত বাগৰি পৰে তেওঁ৷ যাৰ ফলত হাতত গুৰুতৰভাৱে আঘাত হয় বিধায়কগৰাকী৷ ইতিমধ্যেই পালক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ ইয়াৰ বিপৰীতে বিধায়ক ফণী তালুকদাৰ চিকিৎসালয়লৈ যাবলৈ অমান্তি হয়৷ অৱশেষত ধমক দি তেওঁক চিকিৎসালয়লৈ পঠিওৱাৰ ব্যৱস্থা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

গুৱাহাটী মেডিকেল কলেজত ফণী তালুকদাৰক চিকিৎসা প্ৰদান কৰা হয়৷ আজি ৫ টা দিনে শাসক-বিৰোধীয়ে উত্তাল কৰি তুলিছিল সদনৰ মজিয়া৷ বিধানসভাৰ অধিৱেশনৰ অন্তিমটো দিনটোত লোকসভাৰ অধ্যক্ষ ওম বিৰলা উপস্থিত থকাত বিধানসভাত আজি একপ্ৰকাৰ উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছে তাৰ মাজতে দুই বিধায়কৰ এই অঘটনে কিছু উদ্বেগৰো সৃষ্টি কৰে। যেন 'দিনটো গ'লেও ক্ষণটো নাযায়'-এই কথাযাৰেই ফলিয়ালে ফণী তালুকদাৰ আৰু কৃষ্ণেন্দু পালৰ ক্ষেত্ৰত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু