--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এখন ফটো আৰু দুটা অঘটন৷ ফটোয়েই যেন কাল হ'ল দুগৰাকী বিধায়কৰ৷ ফটো উঠিবলৈ গৈ বাগৰি পৰিল বিধায়ক দুগৰাকী৷ ঘটনাৰ সবিশেষ এনেধৰণৰ-- আজি অন্ত পৰিল বিধানসভাৰ শীতকালীন অধিৱেশন৷ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হ'ল অসম বিধানসভাৰ চৌহদ৷ নানা ৰঙী ফুল, কাৰ্পেটেৰে সু-সজ্জিত কৰিলে বিধানসভাৰ ভিতৰ তথা বাহিৰচ’ৰা৷ ডিঙিত গামোচা পিন্ধি শাসক-বিৰোধীও উপস্থিত হ'ল সদনত৷ সকলো ঠিকেই চলিল৷ কিন্তু তাৰমাজতেই ঘটিল এই অঘটন৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে ফটো ছেছনৰ সময়ত ঢলি পৰে বিধায়ক ফণী তালুকদাৰ৷ মূৰ ঘূৰাই ঢলি পৰে বিধায়কগৰাকী৷


ইপিনে, বিধানসভাৰ চৌহদত পৰি আহত হয় বিধায়ক কৃষ্ণেন্দু পাল৷ ফটো উঠিবলৈ গৈ ভৰি পিছল খাই বিধানসভাৰ চৌহদত বাগৰি পৰে তেওঁ৷ যাৰ ফলত হাতত গুৰুতৰভাৱে আঘাত হয় বিধায়কগৰাকী৷ ইতিমধ্যেই পালক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ ইয়াৰ বিপৰীতে বিধায়ক ফণী তালুকদাৰ চিকিৎসালয়লৈ যাবলৈ অমান্তি হয়৷ অৱশেষত ধমক দি তেওঁক চিকিৎসালয়লৈ পঠিওৱাৰ ব্যৱস্থা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

গুৱাহাটী মেডিকেল কলেজত ফণী তালুকদাৰক চিকিৎসা প্ৰদান কৰা হয়৷ আজি ৫ টা দিনে শাসক-বিৰোধীয়ে উত্তাল কৰি তুলিছিল সদনৰ মজিয়া৷ বিধানসভাৰ অধিৱেশনৰ অন্তিমটো দিনটোত লোকসভাৰ অধ্যক্ষ ওম বিৰলা উপস্থিত থকাত বিধানসভাত আজি একপ্ৰকাৰ উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছে তাৰ মাজতে দুই বিধায়কৰ এই অঘটনে কিছু উদ্বেগৰো সৃষ্টি কৰে। যেন 'দিনটো গ'লেও ক্ষণটো নাযায়'-এই কথাযাৰেই ফলিয়ালে ফণী তালুকদাৰ আৰু কৃষ্ণেন্দু পালৰ ক্ষেত্ৰত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ