--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৃণামূলক ভাষণ ৰোধ কৰাত ব্যৰ্থ হৈছে ৰাজ্যসমূহ। যিদিনা ধৰ্ম ৰাজনীতিৰ লগত মিহলি হোৱা বন্ধ হ’ব আৰু যিদিনা ৰাজনীতিবিদসকলে ধৰ্মৰ নামত ৰাজনীতি কৰাৰ ধাৰা বন্ধ কৰিব, সেইদিনা শেষ হ’ব ঘৃণামূলক ভাষণৰ ধাৰা। বুধবাৰে এই কথা সদৰী কৰে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কে এম জোচেফ আৰু ন্যায়াধীশ বি ভি নাগাৰত্নৰ বিচাৰপীঠে আজি এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল। ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যই এফআইআৰ দাখিল কৰাত ব্যৰ্থ হোৱাক লৈ এই আবেদন দাখিল কৰা হৈছে। এই প্ৰসংগত বিচাৰপীঠে উত্তপ্ত সুৰত মন্তব্য আগবঢ়ায় যে, "ঘৃণামূলক ভাষণ সংক্ৰামক ৰোগৰ দৰে।" কিন্তু ৰাজ্য চৰকাৰসমূহে এই ধাৰাক ৰোধ কৰিবলৈ সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাত ব্যৰ্থ হ’ল। একাংশ বিচ্ছিন্নতাবাদী শক্তিয়ে টেলিভিছনত ঘৃণামূলক ভাষণ প্ৰচাৰ অব্যাহত ৰাখিছে যদিও কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়। যি মুহূৰ্তত ৰাজনীতি আৰু ধৰ্ম ইটোৱে সিটোৰ পৰা পৃথক হ’ব, সেই মুহূৰ্ততে ঘৃণামূলক ভাষণৰ ধাৰাও শেষ হ’ব। ৰাজনীতিবিদসকলে যি মুহূৰ্তত শব্দৰে ধৰ্মক ৰাজনীতিলৈ টানি নিবলৈ চেষ্টা নকৰিব, সেই মুহূৰ্ততে ঘৃণামূলক ভাষণ বন্ধ হৈ যাব।'' আবেদনখনৰ পৰৱৰ্তী শুনানি ২৮ এপ্ৰিলত।

কেৱল সেয়াই নহয়, ন্যায়াধীশ কে এম জোচেফ আৰু ন্যায়াধীশ বি ভি নাগাৰত্নেৰ জনসাধাৰণৰ প্ৰতি প্ৰশ্ন – ঘৃণামূলক ভাষণৰ এই বিপদজনক ধাৰাটোৰ পৰা মানুহে নিজকে কিয় ৰখাব নোৱাৰে? বিচাৰপীঠৰ ভাষাত, “প্ৰতিদিনে আমি বিচ্ছিন্নতাবাদী-জাতীয় বিৰোধী শক্তিসমূহে টিভিৰ পৰ্দা আৰু ৰাজহুৱা মঞ্চত মুকলি ঘৃণামূলক ভাষণ দিয়া দেখিবলৈ পাওঁ। ইজনে সিজনৰ বিৰুদ্ধে ক্ষোভ উলিয়াই দিয়ে। এই ধাৰাটো মানুহে কিয় মানি লৈছে? ভাৰতীয় নাগৰিকে কিয় এনে এটা সংকল্প লোৱা নাই যে তেওঁলোকে কাকো আন কোনো নাগৰিক বা গোট বা সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিজনক ভাষণ দিবলৈ বা দিয়াৰ অধিকাৰ নিদিয়ে?''

এনে পৰিপ্ৰেক্ষিতত ন্যায়াধীশ বি ভি নাগাৰত্নে প্ৰাক্তন প্ৰধানমন্ত্ৰী দুগৰাকী প্ৰয়াত জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ীৰ উদাহৰণ দাঙি ধৰে। তেওঁ ক’লে, “আমি কোন দিশত আগবাঢ়িছো? পণ্ডিত জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ীৰ দৰে মহান বক্তাসকলৰ কথা ভাবি চাওক। আগতে দূৰৈৰ গাঁৱৰ পৰা মানুহ আহিছিল তেওঁলোকৰ কথা শুনিবলৈ। পাহৰি নাযাব যে, অসহিষ্ণুতা শিক্ষা আৰু জ্ঞানৰ অভাৱৰ পৰাই জন্ম হয়।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক