--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৃণামূলক ভাষণ ৰোধ কৰাত ব্যৰ্থ হৈছে ৰাজ্যসমূহ। যিদিনা ধৰ্ম ৰাজনীতিৰ লগত মিহলি হোৱা বন্ধ হ’ব আৰু যিদিনা ৰাজনীতিবিদসকলে ধৰ্মৰ নামত ৰাজনীতি কৰাৰ ধাৰা বন্ধ কৰিব, সেইদিনা শেষ হ’ব ঘৃণামূলক ভাষণৰ ধাৰা। বুধবাৰে এই কথা সদৰী কৰে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কে এম জোচেফ আৰু ন্যায়াধীশ বি ভি নাগাৰত্নৰ বিচাৰপীঠে আজি এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল। ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যই এফআইআৰ দাখিল কৰাত ব্যৰ্থ হোৱাক লৈ এই আবেদন দাখিল কৰা হৈছে। এই প্ৰসংগত বিচাৰপীঠে উত্তপ্ত সুৰত মন্তব্য আগবঢ়ায় যে, "ঘৃণামূলক ভাষণ সংক্ৰামক ৰোগৰ দৰে।" কিন্তু ৰাজ্য চৰকাৰসমূহে এই ধাৰাক ৰোধ কৰিবলৈ সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাত ব্যৰ্থ হ’ল। একাংশ বিচ্ছিন্নতাবাদী শক্তিয়ে টেলিভিছনত ঘৃণামূলক ভাষণ প্ৰচাৰ অব্যাহত ৰাখিছে যদিও কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়। যি মুহূৰ্তত ৰাজনীতি আৰু ধৰ্ম ইটোৱে সিটোৰ পৰা পৃথক হ’ব, সেই মুহূৰ্ততে ঘৃণামূলক ভাষণৰ ধাৰাও শেষ হ’ব। ৰাজনীতিবিদসকলে যি মুহূৰ্তত শব্দৰে ধৰ্মক ৰাজনীতিলৈ টানি নিবলৈ চেষ্টা নকৰিব, সেই মুহূৰ্ততে ঘৃণামূলক ভাষণ বন্ধ হৈ যাব।'' আবেদনখনৰ পৰৱৰ্তী শুনানি ২৮ এপ্ৰিলত।

কেৱল সেয়াই নহয়, ন্যায়াধীশ কে এম জোচেফ আৰু ন্যায়াধীশ বি ভি নাগাৰত্নেৰ জনসাধাৰণৰ প্ৰতি প্ৰশ্ন – ঘৃণামূলক ভাষণৰ এই বিপদজনক ধাৰাটোৰ পৰা মানুহে নিজকে কিয় ৰখাব নোৱাৰে? বিচাৰপীঠৰ ভাষাত, “প্ৰতিদিনে আমি বিচ্ছিন্নতাবাদী-জাতীয় বিৰোধী শক্তিসমূহে টিভিৰ পৰ্দা আৰু ৰাজহুৱা মঞ্চত মুকলি ঘৃণামূলক ভাষণ দিয়া দেখিবলৈ পাওঁ। ইজনে সিজনৰ বিৰুদ্ধে ক্ষোভ উলিয়াই দিয়ে। এই ধাৰাটো মানুহে কিয় মানি লৈছে? ভাৰতীয় নাগৰিকে কিয় এনে এটা সংকল্প লোৱা নাই যে তেওঁলোকে কাকো আন কোনো নাগৰিক বা গোট বা সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিজনক ভাষণ দিবলৈ বা দিয়াৰ অধিকাৰ নিদিয়ে?''

এনে পৰিপ্ৰেক্ষিতত ন্যায়াধীশ বি ভি নাগাৰত্নে প্ৰাক্তন প্ৰধানমন্ত্ৰী দুগৰাকী প্ৰয়াত জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ীৰ উদাহৰণ দাঙি ধৰে। তেওঁ ক’লে, “আমি কোন দিশত আগবাঢ়িছো? পণ্ডিত জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ীৰ দৰে মহান বক্তাসকলৰ কথা ভাবি চাওক। আগতে দূৰৈৰ গাঁৱৰ পৰা মানুহ আহিছিল তেওঁলোকৰ কথা শুনিবলৈ। পাহৰি নাযাব যে, অসহিষ্ণুতা শিক্ষা আৰু জ্ঞানৰ অভাৱৰ পৰাই জন্ম হয়।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত