--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এগৰাকী ছাত্ৰ নেতাৰ পৰা লোকসভাৰ অধ্যক্ষলৈ এক বৰ্ণাঢ্য পৰিক্ৰমাৰে বাট বুলিছে ওম বিৰলাই৷ ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) জ্যেষ্ঠ নেতা তথা কোটা লোকসভা সমষ্টিৰ সাংসদ ওম বিৰলাই ১৭ বছৰ বয়সত স্কুলত পঢ়ি থাকোতেই ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল৷ ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) চৰকাৰৰ দ্বিতীয় কাৰ্যকালত সৰ্বসন্মতিক্ৰমে বিৰলাক লোকসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হয়৷

২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা কোটা সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা বিৰলা ৰাজস্থানৰ এগৰাকী প্ৰখ্যাত ৰাজনৈতিক নেতা। ৫৯ বছৰীয়া বিৰলা ৰাজস্থানৰ এগৰাকী কৃষিবিদ আৰু সমাজকৰ্মী আছিল।

কেনেকৈ আৰম্ভ হৈছিল ওম বিৰলাৰ ৰাজনৈতিক জীৱন…

১৯৭৯ চনত কোটাৰ গুমানপুৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰসন্থাৰ সভাপতি হোৱাৰ সময়ত বিৰলাৰ ৰাজনৈতিক কেৰিয়াৰ ১৭ বছৰ বয়সত আৰম্ভ হৈছিল। ওম বিৰলা ৰাজস্থান বিধানসভাৰ তিনিবাৰৰ বিধায়ক আছিল। তেওঁ প্ৰথমবাৰৰ বাবে ২০১৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

বাণিজ্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বিৰলাই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ অব্যাহত ৰাখি ৰাজস্থান কলেজ অব্ কমাৰ্চ, কোটাৰ যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত হয়। তেওঁ একেৰাহে ৬ বছৰ ৰাজস্থানৰ ভাৰতীয় জনতা যুৱ-মৰ্চাৰ ৰাজ্যিক সভাপতি হোৱাৰ আগতে চাৰি বছৰৰ বাবে কোটাত ভাৰতীয় জনতা যুৱ-মৰ্চাৰ জিলা সভাপতি আছিল। বিৰলা ৬ বছৰৰ বাবে ভাৰতীয় যুৱ-মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতিও আছিল।

সংসদৰ ৱেবছাইটত তেওঁৰ প্ৰ’ফাইলত বিৰলাই কৈছে, তেওঁ ৰাম জন্মভূমি আন্দোলনত সক্ৰিয়ভাৱে জড়িত আছিল৷

ৰাষ্ট্ৰীয় বিজেপিৰ এগৰাকী ভদ্ৰলোক হিচাপে পৰিচিত ওম বিৰলা৷ অবিতৰ্কিত আৰু সৰল ভাৱমূৰ্তিৰ এইগৰাকী নেতাৰ পৰা সাম্প্ৰদায়িক আৰু বিভেদকামী মন্তব্য শুনিবলৈ পোৱা নাযায়৷ অটল বিহাৰী বাজপেয়ীৰ আদৰ্শৰে অনুপ্ৰাণিত এইগৰাকী লোকসভাৰ সাংসদ তেওঁৰ বিনয়ী, নম্ৰ আৰু সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰৰ বাবে বহুজনৰ অনুকৰণীয়৷

উল্লেখযোগ্য যে, আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাষণ ৰাখে৷ ভাষণ প্ৰসংগত বিৰলাই অসম সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু