--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এগৰাকী ছাত্ৰ নেতাৰ পৰা লোকসভাৰ অধ্যক্ষলৈ এক বৰ্ণাঢ্য পৰিক্ৰমাৰে বাট বুলিছে ওম বিৰলাই৷ ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) জ্যেষ্ঠ নেতা তথা কোটা লোকসভা সমষ্টিৰ সাংসদ ওম বিৰলাই ১৭ বছৰ বয়সত স্কুলত পঢ়ি থাকোতেই ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল৷ ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) চৰকাৰৰ দ্বিতীয় কাৰ্যকালত সৰ্বসন্মতিক্ৰমে বিৰলাক লোকসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হয়৷

২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা কোটা সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা বিৰলা ৰাজস্থানৰ এগৰাকী প্ৰখ্যাত ৰাজনৈতিক নেতা। ৫৯ বছৰীয়া বিৰলা ৰাজস্থানৰ এগৰাকী কৃষিবিদ আৰু সমাজকৰ্মী আছিল।

কেনেকৈ আৰম্ভ হৈছিল ওম বিৰলাৰ ৰাজনৈতিক জীৱন…

১৯৭৯ চনত কোটাৰ গুমানপুৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰসন্থাৰ সভাপতি হোৱাৰ সময়ত বিৰলাৰ ৰাজনৈতিক কেৰিয়াৰ ১৭ বছৰ বয়সত আৰম্ভ হৈছিল। ওম বিৰলা ৰাজস্থান বিধানসভাৰ তিনিবাৰৰ বিধায়ক আছিল। তেওঁ প্ৰথমবাৰৰ বাবে ২০১৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

বাণিজ্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বিৰলাই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ অব্যাহত ৰাখি ৰাজস্থান কলেজ অব্ কমাৰ্চ, কোটাৰ যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত হয়। তেওঁ একেৰাহে ৬ বছৰ ৰাজস্থানৰ ভাৰতীয় জনতা যুৱ-মৰ্চাৰ ৰাজ্যিক সভাপতি হোৱাৰ আগতে চাৰি বছৰৰ বাবে কোটাত ভাৰতীয় জনতা যুৱ-মৰ্চাৰ জিলা সভাপতি আছিল। বিৰলা ৬ বছৰৰ বাবে ভাৰতীয় যুৱ-মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতিও আছিল।

সংসদৰ ৱেবছাইটত তেওঁৰ প্ৰ’ফাইলত বিৰলাই কৈছে, তেওঁ ৰাম জন্মভূমি আন্দোলনত সক্ৰিয়ভাৱে জড়িত আছিল৷

ৰাষ্ট্ৰীয় বিজেপিৰ এগৰাকী ভদ্ৰলোক হিচাপে পৰিচিত ওম বিৰলা৷ অবিতৰ্কিত আৰু সৰল ভাৱমূৰ্তিৰ এইগৰাকী নেতাৰ পৰা সাম্প্ৰদায়িক আৰু বিভেদকামী মন্তব্য শুনিবলৈ পোৱা নাযায়৷ অটল বিহাৰী বাজপেয়ীৰ আদৰ্শৰে অনুপ্ৰাণিত এইগৰাকী লোকসভাৰ সাংসদ তেওঁৰ বিনয়ী, নম্ৰ আৰু সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰৰ বাবে বহুজনৰ অনুকৰণীয়৷

উল্লেখযোগ্য যে, আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাষণ ৰাখে৷ ভাষণ প্ৰসংগত বিৰলাই অসম সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ