--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পেৰুৰ এটা প্ৰাচীন স্থানত আৱিষ্কাৰ হোৱা দুই মূৰৰ মানুহৰ ছবিয়ে প্ৰত্নতত্ত্ববিদসকলক বিমোৰত পেলাইছে। পানামাৰ্কাৰ প্ৰত্নতাত্ত্বিক স্থানত এনে দুটা মিউৰেল আৱিষ্কাৰ কৰা হৈছে।এই প্ৰত্নতাত্ত্বিক স্থান ১৪০০ বছৰ পুৰণি। দুয়োটা মিউৰেল এটা হলৰ ভিতৰত একেটা খুঁটাতে পোৱা যায়।

এই দুয়োখন ছবি ২০২২ চনৰ আগষ্ট মাহত আৱিষ্কাৰ হৈছিল। অৱশ্যে দুটা মুখৰ পুৰুষৰ ছবি কিয় তৈয়াৰ কৰা হ’ল, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পুৰাতত্ত্বৰ সহকাৰী অধ্যাপিকা লিজা ট্ৰেভৰে লাইভ চাইন্সক জনাইছে যে, “দক্ষিণ আমেৰিকাৰ পুৰাতত্ত্বত এনেকুৱা একো নাই।”

এই মিউৰেল চিত্ৰসমূহ ৫৫০ৰ পৰা ৮০০ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা হৈছে। সেই সময়ছোৱাত পেৰুৰ উপকূলীয় অঞ্চলত মোচে সভ্যতাই ফুলি উঠিছিল।

এই ছবিবোৰত দেখা গৈছে দুমুখীয়া পুৰুষ। এই মানুহবোৰৰ এহাতত কিবা এটা অদ্ভুত বস্তু থকাৰ বিপৰীতে আনহাতত এটা কাপ আছে য’ৰ পৰা চৰাইবোৰে কিবা এটা খাই আছে।এই চৰাইবোৰক হামিংবাৰ্ড বুলি কোৱা হৈছে। 

খুঁটাটোৰ ওপৰত নিৰ্মিত ছবিখনত মানুহৰ মুখ। এজনে বাওঁফালে আৰু আনজনে সোঁফালে চাই আছে আৰু ইয়াৰ এখন হাতত ফেন আৰু আনখন হাতত চাৰিটা চৰাই ।

দ্বিতীয়খন ছবি স্তম্ভৰ তলত নিৰ্মাণ কৰা হৈছে। ইয়াৰ এহাতত বিছনী আৰু আনখন হাতত লাঠিৰ দৰে কিবা এটা। ছবিখনত দেখুওৱা দুয়োজন ব্যক্তিৰ মূৰত মুকুট আছে। দুয়োকে ৰঙীন কাপোৰ পিন্ধি দেখা যায়।

লাইভ চাইন্সৰ মতে, ফ্ৰেস্কোত চিত্ৰিত দুয়োজন মানুহ দেৱতা হ’ব পাৰে। অৱশ্যে এই কথা নিশ্চিতভাৱে ক’ব নোৱাৰি। দুটা মুখৰ বাহিৰে এই ছবিবোৰ সম্পূৰ্ণ মানুহৰ দৰে দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী