--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পেৰুৰ এটা প্ৰাচীন স্থানত আৱিষ্কাৰ হোৱা দুই মূৰৰ মানুহৰ ছবিয়ে প্ৰত্নতত্ত্ববিদসকলক বিমোৰত পেলাইছে। পানামাৰ্কাৰ প্ৰত্নতাত্ত্বিক স্থানত এনে দুটা মিউৰেল আৱিষ্কাৰ কৰা হৈছে।এই প্ৰত্নতাত্ত্বিক স্থান ১৪০০ বছৰ পুৰণি। দুয়োটা মিউৰেল এটা হলৰ ভিতৰত একেটা খুঁটাতে পোৱা যায়।

এই দুয়োখন ছবি ২০২২ চনৰ আগষ্ট মাহত আৱিষ্কাৰ হৈছিল। অৱশ্যে দুটা মুখৰ পুৰুষৰ ছবি কিয় তৈয়াৰ কৰা হ’ল, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পুৰাতত্ত্বৰ সহকাৰী অধ্যাপিকা লিজা ট্ৰেভৰে লাইভ চাইন্সক জনাইছে যে, “দক্ষিণ আমেৰিকাৰ পুৰাতত্ত্বত এনেকুৱা একো নাই।”

এই মিউৰেল চিত্ৰসমূহ ৫৫০ৰ পৰা ৮০০ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা হৈছে। সেই সময়ছোৱাত পেৰুৰ উপকূলীয় অঞ্চলত মোচে সভ্যতাই ফুলি উঠিছিল।

এই ছবিবোৰত দেখা গৈছে দুমুখীয়া পুৰুষ। এই মানুহবোৰৰ এহাতত কিবা এটা অদ্ভুত বস্তু থকাৰ বিপৰীতে আনহাতত এটা কাপ আছে য’ৰ পৰা চৰাইবোৰে কিবা এটা খাই আছে।এই চৰাইবোৰক হামিংবাৰ্ড বুলি কোৱা হৈছে। 

খুঁটাটোৰ ওপৰত নিৰ্মিত ছবিখনত মানুহৰ মুখ। এজনে বাওঁফালে আৰু আনজনে সোঁফালে চাই আছে আৰু ইয়াৰ এখন হাতত ফেন আৰু আনখন হাতত চাৰিটা চৰাই ।

দ্বিতীয়খন ছবি স্তম্ভৰ তলত নিৰ্মাণ কৰা হৈছে। ইয়াৰ এহাতত বিছনী আৰু আনখন হাতত লাঠিৰ দৰে কিবা এটা। ছবিখনত দেখুওৱা দুয়োজন ব্যক্তিৰ মূৰত মুকুট আছে। দুয়োকে ৰঙীন কাপোৰ পিন্ধি দেখা যায়।

লাইভ চাইন্সৰ মতে, ফ্ৰেস্কোত চিত্ৰিত দুয়োজন মানুহ দেৱতা হ’ব পাৰে। অৱশ্যে এই কথা নিশ্চিতভাৱে ক’ব নোৱাৰি। দুটা মুখৰ বাহিৰে এই ছবিবোৰ সম্পূৰ্ণ মানুহৰ দৰে দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ