--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মুম্বাইত বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে সাতজনকৈ লোকৰ। শনিবাৰে পুৱাৰ ভাগত ২০মহলীয়া এটা আবাসিক অট্টালিকাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই ঘটনাত আন ২৩জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি প্ৰকাশ পাইছে। মুম্বাইৰ টাৰ্ডেঅ’ এলেকাৰ গান্ধী হাস্পতালৰ সমীপৰ কমলা বিল্ডিং নামৰ সুউচ্চ ভৱনটোৰ ১৮নং মহলাত পুৱাৰ ভাগত জুইৰ সূত্ৰপাত ঘটে। পুৱা প্ৰায় ৭বজাত এই জুই লাগে অট্টালিকাটোত। জুয়ে আগুৰি ধৰা মহলাটোৰ বিভিন্ন আলোকচিত্ৰ আৰু ভিডিঅ’ সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে। জুই আৰু ধোঁৱাৰ কুণ্ডলীৰ অতি ভয়ংকৰ ৰূপে প্ৰত্যক্ষদৰ্শীক আতংকিত কৰি তোলে। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে অট্টালিকাটোত লগা জুই এতিয়া নিয়ন্ত্ৰণ কৰা হৈছে। ইফালে, এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অগ্নিকাণ্ডত নিহত লোকসকলৰ পৰিয়ালক ২লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকললৈ ৫০হাজাৰকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। মহাৰাষ্ট্ৰৰ উপ মু্খ্যমন্ত্ৰী অজিত পাৱাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এই ঘটনাৰ তদন্ত কৰা হ’ব আৰু মুম্বাই ছাব আর্বানৰ অভিভাৱক মন্ত্ৰী আদিত্য থাকৰে তথা মুম্বাই মহানগৰৰ অভিভাৱক মন্ত্ৰী আছলাম শ্বেইখে এই বিষয়টো পৰ্যালোচনা কৰিব। ইফালে, আদিত্য থাকৰেই ইতিমধ্যে ঘটনাস্থল পৰিদৰ্শন কৰিছে আৰু এই অগ্নিকাণ্ডত নিহতসকলৰ পৰিয়াললৈ ৫লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে