--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মুম্বাইত বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে সাতজনকৈ লোকৰ। শনিবাৰে পুৱাৰ ভাগত ২০মহলীয়া এটা আবাসিক অট্টালিকাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই ঘটনাত আন ২৩জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি প্ৰকাশ পাইছে। মুম্বাইৰ টাৰ্ডেঅ’ এলেকাৰ গান্ধী হাস্পতালৰ সমীপৰ কমলা বিল্ডিং নামৰ সুউচ্চ ভৱনটোৰ ১৮নং মহলাত পুৱাৰ ভাগত জুইৰ সূত্ৰপাত ঘটে। পুৱা প্ৰায় ৭বজাত এই জুই লাগে অট্টালিকাটোত। জুয়ে আগুৰি ধৰা মহলাটোৰ বিভিন্ন আলোকচিত্ৰ আৰু ভিডিঅ’ সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে। জুই আৰু ধোঁৱাৰ কুণ্ডলীৰ অতি ভয়ংকৰ ৰূপে প্ৰত্যক্ষদৰ্শীক আতংকিত কৰি তোলে। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে অট্টালিকাটোত লগা জুই এতিয়া নিয়ন্ত্ৰণ কৰা হৈছে। ইফালে, এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অগ্নিকাণ্ডত নিহত লোকসকলৰ পৰিয়ালক ২লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকললৈ ৫০হাজাৰকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। মহাৰাষ্ট্ৰৰ উপ মু্খ্যমন্ত্ৰী অজিত পাৱাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এই ঘটনাৰ তদন্ত কৰা হ’ব আৰু মুম্বাই ছাব আর্বানৰ অভিভাৱক মন্ত্ৰী আদিত্য থাকৰে তথা মুম্বাই মহানগৰৰ অভিভাৱক মন্ত্ৰী আছলাম শ্বেইখে এই বিষয়টো পৰ্যালোচনা কৰিব। ইফালে, আদিত্য থাকৰেই ইতিমধ্যে ঘটনাস্থল পৰিদৰ্শন কৰিছে আৰু এই অগ্নিকাণ্ডত নিহতসকলৰ পৰিয়াললৈ ৫লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন