--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যিখন দেশত অৰ্থনৈতিক অৱস্থা দিনক দিনে অৰ্ধমুখী হ’বলৈ ধৰিছে, সেইখন দেশতে চৰকাৰে বিজ্ঞাপনৰ নামত প্ৰতিদিনে খৰচ কৰে প্ৰায় ৩০ লাখ টকা৷ চত্তিশগড়ৰ কংগ্ৰেছ চৰকাৰৰ এই কাণ্ডই এতিয়া হতবাক কৰিছে সকলোকে৷ চত্তিশগড় চৰকাৰে ২০১৮ চনৰ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ নৱেম্বৰলৈ সকলো চেনেলৰ জৰিয়তে বিজ্ঞাপনৰ বাবে ৩০০ কোটিতকৈয়ো অধিক টকা ব্যয় কৰিছে। চত্তিশগড় বিধানসভাত বিজেপি বিধায়ক ব্ৰজমোহন আগৰৱালাই সোধা এক প্ৰশ্নৰ উত্তৰত চৰকাৰে এই তথ্য বিধানসভাত দাখিল কৰিছে।

তিনি বছৰত চৰকাৰখনে মুদ্ৰন মাধ্যমত বিজ্ঞাপনৰ বাবে মুঠ ১ বিলিয়ন, ৬৪ কোটি, ৯০ লাখ, ৭১ হাজাৰ, ৮৮২ টকা খৰচ কৰিছে৷ চত্তিশগড় চৰকাৰে কয় যে, তিনি বছৰত ইলেক্ট্ৰনিক মাধ্যমত বিজ্ঞাপনৰ বাবে ৯০ কোটি, ৩২ লাখ, ৭৩ হাজাৰ ১৫১ টকা ব্যয় কৰা হৈছে। যাৰ ভিতৰত ৭৯ কোটি টকাৰ বিজ্ঞাপন নিউজ চেনেলত দিয়া হৈছিল। আনহাতে, সৰ্বভাৰতীয় ৰেডিঅ’ত ৮.৫ কোটি টকা, কেৱল টিভিত ৯৫ লাখ আৰু চিনেমাত এক কোটিতকৈয়ো অধিক টকা ব্যয় কৰা হৈছিল।

আনহাতে, বাঘেল চৰকাৰে এই তিনি বছৰত ছ’চিয়েল মিডিয়াত বিজ্ঞাপনৰ বাবে ১৪৩ লাখ ৭৪ হাজাৰ ৯৬০ টকা ব্যয় কৰিছিল। হ’ৰ্ডিং আৰু ডিছপ্লে’ ব’ৰ্ডত ৪৪ কোটিতকৈয়ো অধিক ব্যয় কৰা হৈছিল। ৰাজ্যৰ ভিতৰত আৰু বাহিৰত বিজ্ঞাপন দিয়াৰ বাবে চৰকাৰে কিমান টকা খৰচ কৰিছিল বুলি বিজেপি বিধায়কজনে সোধা আন এটা প্ৰশ্নৰ উত্তৰত চৰকাৰে কয় যে, ৰাজ্যৰ ভিতৰত ২০১৮ চনৰ ১ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ ৩১ মাৰ্চলৈ, ২০১৯ চনৰ ১ এপ্ৰিলৰ পৰা ২০২০ চনৰ ৩১ মাৰ্চলৈ ক্ৰমে ৫৮.০৮ কোটি আৰু ৭৪.৮৮ কোটি টকা আৰু ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ১০ এপ্ৰিলৰ ভিতৰত ৪০.৫৯ কোটি টকা খৰচ কৰা হৈছে৷

আনহাতে, ৰাজ্যৰ বাহিৰৰ সংবাদ মাধ্যমত ২০১৮ চনৰ ১ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ ৩১ মাৰ্চলৈ ১৯.১৬ কোটি, ১ এপ্ৰিলৰ পৰা ২০২০ চনৰ ৩১ মাৰ্চলৈ ২১.৫৯ কোটি, সেই বৰ্ষৰে ১ এপ্ৰিলত ৩২.০৪ কোটি, বিগত বৰ্ষৰ ১০ এপ্ৰিলৰ পৰা চলিত বছৰৰ ১১ মাৰ্চলৈকে ১৬.৬৩ কোটি টকা বিজ্ঞাপনত ব্যয় কৰা হৈছে৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে, আৰটিআই তথ্যমতে, উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে কেৱল টিভি চেনেলত বিজ্ঞাপন হিচাপে ২০২০ চনৰ মাৰ্চৰ পৰা চলিত বৰ্ষৰ এপ্ৰিললৈ ১৬০ কোটি টকাতকৈয়ো অধিক ধন ব্যয় কৰিছে। যোগী চৰকাৰে ৰাষ্ট্ৰীয় টিভি নিউজ চেনেলসমূহক ৮৮.৬৮ কোটি টকা আৰু আঞ্চলিক টিভি নিউজ চেনেলসমূহক ৭১.৬৩ কোটি টকাৰ বিজ্ঞাপন দিছিল।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, মোদী চৰকাৰেও ২০১৪ চনৰ পৰা বিজ্ঞাপনৰ বাবে ৫,৭৪৯ কোটি টকা ব্যয় কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement