--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বেংক ডুবিলেও সুৰক্ষিত থাকিব আপোনাৰ ধন! আগতে বেংকত জমা মাত্ৰ ১ লাখ টকা সুৰক্ষিত আছিল, আমি ইয়াক ৫ লাখ টকালৈ বৃদ্ধি কৰিলোঁ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ আজি ‘জমাকৰ্তা প্ৰথমঃ নিশ্চিত সময়-সীমাবদ্ধ জমা বীমা পৰিশোধ ৫ লাখ টকালৈকে’ শীৰ্ষক এক কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে৷ তেওঁ লগতে কয় যে আমাৰ দেশত বেংক জমাকৰ্তাসকলৰ বাবে বীমাৰ ব্যৱস্থা ষাঠিৰ দশকত সৃষ্টি কৰা হৈছিল। আগতে, বেংকত বীমাৰ বাবে জমা কৰা ধনৰ পৰিমান কেৱল ৫০ টকালৈকে আছিল, পাছলৈ এই পৰিমান এক লাখ টকালৈ বৃদ্ধি কৰা হৈছিল। অৰ্থাৎ, যদি বেংকটো ডুব যায়, জমাকৰ্তাসকলে মাত্ৰ এক লাখ টকা পোৱাৰ ব্যৱস্থা আছিল।

এই ধন গ্ৰাহকে কেতিয়া ঘূৰাই পাব, তাৰ কোনো সময়সীমা নাছিল। দৰিদ্ৰ লোকসকলৰ চিন্তা অনুভৱ কৰি, মধ্যবিত্ত শ্ৰেণীৰ উদ্বেগ অনুভৱ কৰি, আমি এই পৰিমাণ ৫ লাখ টকালৈ বৃদ্ধি কৰিলোঁ। ইয়াৰ উপৰিও, বেংক ডুব যোৱাৰ ৯০ দিনৰ ভিতৰত ধন পৰিশোধ কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে নিজ বক্তব্যত আৰু কয় যে দেশৰ সমৃদ্ধিত বেংকৰ এক ডাঙৰ ভূমিকা আছে। আৰু বেংকৰ সমৃদ্ধিৰ বাবে, জমাকৰ্তাৰ ধন সুৰক্ষিত কৰাতো গুৰুত্বপূৰ্ণ। যদি আমি বেংকটো বচাব বিচাৰো, আমি জমাকৰ্তাসকলক সুৰক্ষা দিব লাগিব।

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতেই দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো, প্ৰধানমন্ত্ৰী এগৰাকীৰ মুখত দেশৰ বেংক ডুবাৰ প্ৰসংগ ওলোৱা বিষয়টো সহজভাৱে ল’ব পৰা নাই দেশবাসীয়ে৷ কিয়নো, বেংক ডুবাৰ শংকা থাকিলে প্ৰধানমন্ত্ৰীয়ে দেশৰ জনতাক আশ্বস্ত কৰাতোহে প্ৰয়োজন৷ প্ৰধানমন্ত্ৰীয়ে কোনোপধ্যেই বেংক নুডুবে আৰু গ্ৰাহকৰ ধন সুৰক্ষিত হৈ থাকিব বুলি দেশৰ নাগৰিকক আশ্বস্ত কৰাৰ সলনি বেংক ডুবিলে পাঁচ লাখ টকা পাব বুলি কৰা প্ৰধানমন্ত্ৰীৰ মন্তব্যই ভাৰতত যে দেশীয় বেংকৰ অৰ্থনৈতিক অৱস্থা দেউলীয়া হৈছে তাকেই প্ৰতীয়মান কৰিলে৷ লগতে, ভাৰতত কম সময়ৰ ভিতৰত বেংক ডুবাতো যে নিশ্চিত সেয়া প্ৰধানমন্ত্ৰীৰ আজিৰ বক্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে৷ প্ৰধানমন্ত্ৰীৰ এই ভাষণে এটা কথাই প্ৰকট কৰিছে যে এক ভাৰসাম্যহীন অৰ্থনৈতিক দিশলৈ গতি কৰিছে ভাৰতবৰ্ষই৷ আগত সময়ত এই অৰ্থনৈতিক ব্যৱস্থাই কেনে ৰূপ লয়, তাৰ বাবে সময়লৈ বাট চাব লাগিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু