--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বেংক ডুবিলেও সুৰক্ষিত থাকিব আপোনাৰ ধন! আগতে বেংকত জমা মাত্ৰ ১ লাখ টকা সুৰক্ষিত আছিল, আমি ইয়াক ৫ লাখ টকালৈ বৃদ্ধি কৰিলোঁ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ আজি ‘জমাকৰ্তা প্ৰথমঃ নিশ্চিত সময়-সীমাবদ্ধ জমা বীমা পৰিশোধ ৫ লাখ টকালৈকে’ শীৰ্ষক এক কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে৷ তেওঁ লগতে কয় যে আমাৰ দেশত বেংক জমাকৰ্তাসকলৰ বাবে বীমাৰ ব্যৱস্থা ষাঠিৰ দশকত সৃষ্টি কৰা হৈছিল। আগতে, বেংকত বীমাৰ বাবে জমা কৰা ধনৰ পৰিমান কেৱল ৫০ টকালৈকে আছিল, পাছলৈ এই পৰিমান এক লাখ টকালৈ বৃদ্ধি কৰা হৈছিল। অৰ্থাৎ, যদি বেংকটো ডুব যায়, জমাকৰ্তাসকলে মাত্ৰ এক লাখ টকা পোৱাৰ ব্যৱস্থা আছিল।

এই ধন গ্ৰাহকে কেতিয়া ঘূৰাই পাব, তাৰ কোনো সময়সীমা নাছিল। দৰিদ্ৰ লোকসকলৰ চিন্তা অনুভৱ কৰি, মধ্যবিত্ত শ্ৰেণীৰ উদ্বেগ অনুভৱ কৰি, আমি এই পৰিমাণ ৫ লাখ টকালৈ বৃদ্ধি কৰিলোঁ। ইয়াৰ উপৰিও, বেংক ডুব যোৱাৰ ৯০ দিনৰ ভিতৰত ধন পৰিশোধ কৰিব লাগিব প্ৰধানমন্ত্ৰীয়ে নিজ বক্তব্যত আৰু কয় যে দেশৰ সমৃদ্ধিত বেংকৰ এক ডাঙৰ ভূমিকা আছে। আৰু বেংকৰ সমৃদ্ধিৰ বাবে, জমাকৰ্তাৰ ধন সুৰক্ষিত কৰাতো গুৰুত্বপূৰ্ণ। যদি আমি বেংকটো বচাব বিচাৰো, আমি জমাকৰ্তাসকলক সুৰক্ষা দিব লাগিব।

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতেই দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো, প্ৰধানমন্ত্ৰী এগৰাকীৰ মুখত দেশৰ বেংক ডুবাৰ প্ৰসংগ ওলোৱা বিষয়টো সহজভাৱে ল’ব পৰা নাই দেশবাসীয়ে৷ কিয়নো, বেংক ডুবাৰ শংকা থাকিলে প্ৰধানমন্ত্ৰীয়ে দেশৰ জনতাক আশ্বস্ত কৰাতোহে প্ৰয়োজন৷ প্ৰধানমন্ত্ৰীয়ে কোনোপধ্যেই বেংক নুডুবে আৰু গ্ৰাহকৰ ধন সুৰক্ষিত হৈ থাকিব বুলি দেশৰ নাগৰিকক আশ্বস্ত কৰাৰ সলনি বেংক ডুবিলে পাঁচ লাখ টকা পাব বুলি কৰা প্ৰধানমন্ত্ৰীৰ মন্তব্যই ভাৰতত যে দেশীয় বেংকৰ অৰ্থনৈতিক অৱস্থা দেউলীয়া হৈছে তাকেই প্ৰতীয়মান কৰিলে৷ লগতে, ভাৰতত কম সময়ৰ ভিতৰত বেংক ডুবাতো যে নিশ্চিত সেয়া প্ৰধানমন্ত্ৰীৰ আজিৰ বক্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে৷ প্ৰধানমন্ত্ৰীৰ এই ভাষণে এটা কথাই প্ৰকট কৰিছে যে এক ভাৰসাম্যহীন অৰ্থনৈতিক দিশলৈ গতি কৰিছে ভাৰতবৰ্ষই৷ আগত সময়ত এই অৰ্থনৈতিক ব্যৱস্থাই কেনে ৰূপ লয়, তাৰ বাবে সময়লৈ বাট চাব লাগিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ