--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত খাদ্যৰ প্লেটত উলাল সাপ! বিহাৰৰ আৰাৰিয়া জিলাৰ ফৰ্বেছগঞ্জৰ এখন চৰকাৰী বিদ্যালয়ত এই কাণ্ড সংঘটিত হৈছে। খাদ্য ভক্ষণ কৰি অসুস্থ হৈ পৰিছে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

প্ৰকাশিত খবৰ অনুসৰি, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক এটা বেচৰকাৰী সংস্থাই মধ্যাহ্ন ভোজন পৰিবেশন কৰি থকা অৱস্থাতে এখন প্লেটত সাপ উদ্ধাৰ হয়। লগে লগে বিদ্যালয়খনত খাদ্য বিতৰণ বন্ধ কৰি দিয়া হয়।

কিন্তু সাপ উদ্ধাৰৰ পূৰ্বেই খাদ্য গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বমি হ’বলৈ ধৰাত লগে লগে ফৰ্বেছগঞ্জ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় এছডিএম, এছডিঅ’, ডিএছপিকে ধৰি জিলাৰ জ্যেষ্ঠ বিষয়াসকলে। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

ইফালে স্থানীয় গাঁওবাসীয়ে খাদ্য খোৱাৰ পিছত ১০০ ৰো অধিক শিশুৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটা বুলি অভিযোগ কৰাৰ বিপৰীতে চৰকাৰী বিষয়াসকলে ২৫ টা শিশু অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হোৱা বুলি দাবী কৰিছে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে গাঁৱৰ ৰাইজ আৰু শিক্ষাৰ্থীৰ অভিভাৱকে বিদ্যালয়খনত উপস্থিত হয় আৰু এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। সমবেত একাংশ লোকে আনকি বিদ্যালয়খনৰ প্ৰধান শিক্ষককো আক্ৰমণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

জিলাৰ এগৰাকী জেষ্ঠ্য বিষয়াই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস