--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত খাদ্যৰ প্লেটত উলাল সাপ! বিহাৰৰ আৰাৰিয়া জিলাৰ ফৰ্বেছগঞ্জৰ এখন চৰকাৰী বিদ্যালয়ত এই কাণ্ড সংঘটিত হৈছে। খাদ্য ভক্ষণ কৰি অসুস্থ হৈ পৰিছে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

প্ৰকাশিত খবৰ অনুসৰি, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক এটা বেচৰকাৰী সংস্থাই মধ্যাহ্ন ভোজন পৰিবেশন কৰি থকা অৱস্থাতে এখন প্লেটত সাপ উদ্ধাৰ হয়। লগে লগে বিদ্যালয়খনত খাদ্য বিতৰণ বন্ধ কৰি দিয়া হয়।

কিন্তু সাপ উদ্ধাৰৰ পূৰ্বেই খাদ্য গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বমি হ’বলৈ ধৰাত লগে লগে ফৰ্বেছগঞ্জ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় এছডিএম, এছডিঅ’, ডিএছপিকে ধৰি জিলাৰ জ্যেষ্ঠ বিষয়াসকলে। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

ইফালে স্থানীয় গাঁওবাসীয়ে খাদ্য খোৱাৰ পিছত ১০০ ৰো অধিক শিশুৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটা বুলি অভিযোগ কৰাৰ বিপৰীতে চৰকাৰী বিষয়াসকলে ২৫ টা শিশু অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হোৱা বুলি দাবী কৰিছে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে গাঁৱৰ ৰাইজ আৰু শিক্ষাৰ্থীৰ অভিভাৱকে বিদ্যালয়খনত উপস্থিত হয় আৰু এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। সমবেত একাংশ লোকে আনকি বিদ্যালয়খনৰ প্ৰধান শিক্ষককো আক্ৰমণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

জিলাৰ এগৰাকী জেষ্ঠ্য বিষয়াই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা