--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা জলাশয়ত পৰি গৈছিল এজন চৰকাৰী বিষয়াৰ ব্যক্তিগত মোবাইল ফোনটো। সেই ফোনটো বিচাৰি উলিয়াবলৈকে জলাশয়টোৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচি পেলোৱা হ’ল। ছত্তীশগড়ৰ কইলিবেৰা ব্লকৰ খাদ্য বিষয়া হিচাপে কৰ্মৰত বিষয়াজনৰ নাম ৰাজেশ বিশ্বাস। 

বিষয়াগৰাকীৰ প্ৰায় লাখ টকীয়া ফোনটো জলাশয়টোত পৰি গৈছিল। স্থানীয় লোকে লগে লগে পানীত জঁপিয়াই ফোনটো উদ্ধাৰৰ চেষ্টা কৰে। কিন্তু ফোনটো পোৱা নগ’ল। সূত্ৰ অনুসৰি, তেতিয়া বিষয়াগৰাকীয়ে ফোনটো ঘূৰাই পাবলৈ জলাশয়টোৰ পৰা পানী সিঁচিবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত আৰম্ভ হয় পানী সিঁচাৰ কাম।

জানিব পৰা মতে, সোমবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হয় পানী নিষ্কাশনৰ কাম। এই কাম বৃহস্পতিবাৰলৈকে চলি থাকে। বিষয়াজনে নিজৰ ফোনটোৰ বাবে জলাশয়ৰ বহুমূলীয়া পানী উলিয়াই পেলাই দিলে। অৱশেষত জলসিঞ্চন বিভাগে হস্তক্ষেপ কৰে। কাৰণ সেই জলাশয়ৰ পানীৰে কমেও ১৫০০ একৰ খেতি কৰা মাটিত জলসিঞ্চন কৰিব পৰা গ’লহেঁতেন। সেই পানীখিনি অপচয় কৰা হ’ল।

ইপিনে, বিষয়াগৰাকীয়ে দাবী কৰে যে ফোনটোত বিভিন্ন চৰকাৰী তথ্য আছে। সেয়ে পানী সিঁচিব লগা হ’ল। তেওঁ দাবী কৰে যে তেওঁ এছ ডি অ’ৰ পৰা মৌখিক অনুমতি লৈছিল। তিনি-চাৰি ফুট পানী উঠোৱাটো একো ডাঙৰ কথা নহ’ব বুলিও তেওঁ কয়। তেওঁৰ মতে ই কৃষকসকলৰ বাবে বৰং উপকাৰীহে হ’ব। স্থানীয় লোকৰ সহায়ত এই কাম কৰি ফোনটো ঘূৰাই পোৱা বুলি দাবী কৰে বিষয়াগৰাকীয়ে। 

উল্লেখ্য যে উৎকট গৰমত অঞ্চলটোৰ খাল-বিল শুকাই গৈছে এনে পৰিস্থিতিত পানী নিষ্কাশন কৰাটো কিমান যুক্তিসংগত সেই প্ৰশ্ন উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা