--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা জলাশয়ত পৰি গৈছিল এজন চৰকাৰী বিষয়াৰ ব্যক্তিগত মোবাইল ফোনটো। সেই ফোনটো বিচাৰি উলিয়াবলৈকে জলাশয়টোৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচি পেলোৱা হ’ল। ছত্তীশগড়ৰ কইলিবেৰা ব্লকৰ খাদ্য বিষয়া হিচাপে কৰ্মৰত বিষয়াজনৰ নাম ৰাজেশ বিশ্বাস। 

বিষয়াগৰাকীৰ প্ৰায় লাখ টকীয়া ফোনটো জলাশয়টোত পৰি গৈছিল। স্থানীয় লোকে লগে লগে পানীত জঁপিয়াই ফোনটো উদ্ধাৰৰ চেষ্টা কৰে। কিন্তু ফোনটো পোৱা নগ’ল। সূত্ৰ অনুসৰি, তেতিয়া বিষয়াগৰাকীয়ে ফোনটো ঘূৰাই পাবলৈ জলাশয়টোৰ পৰা পানী সিঁচিবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত আৰম্ভ হয় পানী সিঁচাৰ কাম।

জানিব পৰা মতে, সোমবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হয় পানী নিষ্কাশনৰ কাম। এই কাম বৃহস্পতিবাৰলৈকে চলি থাকে। বিষয়াজনে নিজৰ ফোনটোৰ বাবে জলাশয়ৰ বহুমূলীয়া পানী উলিয়াই পেলাই দিলে। অৱশেষত জলসিঞ্চন বিভাগে হস্তক্ষেপ কৰে। কাৰণ সেই জলাশয়ৰ পানীৰে কমেও ১৫০০ একৰ খেতি কৰা মাটিত জলসিঞ্চন কৰিব পৰা গ’লহেঁতেন। সেই পানীখিনি অপচয় কৰা হ’ল।

ইপিনে, বিষয়াগৰাকীয়ে দাবী কৰে যে ফোনটোত বিভিন্ন চৰকাৰী তথ্য আছে। সেয়ে পানী সিঁচিব লগা হ’ল। তেওঁ দাবী কৰে যে তেওঁ এছ ডি অ’ৰ পৰা মৌখিক অনুমতি লৈছিল। তিনি-চাৰি ফুট পানী উঠোৱাটো একো ডাঙৰ কথা নহ’ব বুলিও তেওঁ কয়। তেওঁৰ মতে ই কৃষকসকলৰ বাবে বৰং উপকাৰীহে হ’ব। স্থানীয় লোকৰ সহায়ত এই কাম কৰি ফোনটো ঘূৰাই পোৱা বুলি দাবী কৰে বিষয়াগৰাকীয়ে। 

উল্লেখ্য যে উৎকট গৰমত অঞ্চলটোৰ খাল-বিল শুকাই গৈছে এনে পৰিস্থিতিত পানী নিষ্কাশন কৰাটো কিমান যুক্তিসংগত সেই প্ৰশ্ন উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস