--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে হায়দৰাবাদত তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা বিআৰএছৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওক সাক্ষাৎ কৰি কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে সমৰ্থন বিচাৰে৷

কেজৰিৱালৰ সৈতে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, সাংসদ ৰাঘৱ চাদ্ধা, সঞ্জয় সিং আৰু অন্যান্য নেতাসকল উপস্থিত আছিল। হায়দৰাবাদৰ প্ৰগতি ভৱনত দুপৰীয়া ১ বজাত এই বৈঠক অনুষ্ঠিত হৈছিল।

আম আদমী পাৰ্টিৰ নেতাজনে শুকুৰবাৰে টুইট কৰি কয় যে তেওঁ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে বিজেপি চৰকাৰে গৃহীত কৰা অসাংবিধানিক আৰু অগণতান্ত্ৰিক অধ্যাদেশৰ বিৰুদ্ধে তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ সমৰ্থন বিচাৰিব।

দিল্লীৰ প্ৰশাসনীয় সেৱাৰ বিষয়ত কেন্দ্ৰই অনা অধ্যাদেশৰ বিৰুদ্ধে বিৰোধী নেতাসকলৰ সমৰ্থন সংগ্ৰহ কৰিবলৈ অৰবিন্দ কেজৰিৱাল দেশ ভ্ৰমণ কৰিব বুলি  জানিব পৰা গৈছে৷

কেজৰিৱালে বিআৰএছক অধ্যাদেশৰ সলনি সংসদত মোদী চৰকাৰে অনা বিধেয়কৰ বিৰোধিতা কৰিবলৈও অনুৰোধ জনাইছে৷ কেচিআৰৰ সৈতে অনুষ্ঠিত আজিৰ বৈঠকখন বিভিন্ন ৰাজ্যৰ বিভিন্ন বিৰোধী দলৰ নেতাসকলৰ সৈতে আপ নেতাসকলে কৰা শেহতীয়া বৈঠক। 

ইতিমধ্যে অৰবিন্দ কেজৰিৱালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকো সাক্ষাৎ কৰিছে, যিয়ে কেন্দ্ৰৰ পদক্ষেপৰ প্ৰতিৰোধ কৰিবলৈ বিৰোধীসকলক একত্ৰিত কৰিবলৈ তেওঁৰ সমৰ্থনৰ আশ্বাস প্ৰদান কৰিছে। 

কেজৰিৱালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰিছিল। তেওঁ কেজৰিৱালক আশ্বাস দিছিল যে যেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰে বিধেয়কখন সংসদত উপস্থাপন কৰিব, তৃণমূল কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিব।

২৫ মে’ত কেজৰিৱালে ভগৱন্ত মানৰ সৈতে মুম্বাইত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ নেতা শাৰদ পাৱাৰক তেওঁৰ সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়। আপৰ নেতাসকলে শিৱসেনাৰ নেতা উদ্ধৱ ঠাকৰেৰ সৈতেও পৃথক বৈঠকত মিলিত হৈছিল৷ আনহাতে, আপৰ মুৰব্বীগৰাকীয়ে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু দলটোৰ নেতা ৰাহুল গান্ধীৰ সৈতে সংসদত কংগ্ৰেছৰ সমৰ্থন বিচাৰিও সময় বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস