--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যদিহে কোনোবাই দেশৰ ক্ষতি কৰে তেন্তে ভাৰতে কাকো ৰেহাই নিদিয়ে। চুবুৰীয়া দেশ চীনক উদ্দেশ্য কৰি এই কঠোৰ বাৰ্তা দিলে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰতিৰক্ষামন্ত্ৰী সিঙে। তেওঁ ভাৰতৰ চীন সীমান্তত ভাৰতীয় সেনাৰ জোৱানে দেখুওৱা বীৰত্বৰ কথাও ব্যক্ত কৰে।

তেওঁ কয় যে, মই এইকথা মুকলিকৈ ক’ব নোৱাৰোঁ যে আমাৰ সৈনিকসকলে সীমান্তত কি কৰিছিল আৰু চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এইকথা নিশ্চয়তাৰে ক’ব পাৰোঁ যে, চীনলৈ এই বাৰ্তা গৈছে যে, যদিহে কোনোবাই দেশৰ ক্ষতি কৰে ভাৰতে কাকো ৰেহাই নিদিয়ে। হিন্দীত তেওঁ স্পষ্টকৈ কৈছিল যে, ‘ভাৰত কো অগৰ কোই চ্চেৰেগা তো ভাৰত চ্চোৰেগা নেহী।’ 

উল্লেখ্য যে, ভাৰত চীনৰ সৈন্যৰ মাজক ২০২০ চনৰ মে’ মাহতে সূত্ৰপাত ঘটিছিল সংঘাতৰ। পেংগোং হ্ৰদৰ সমীপতো সংঘটিত হৈছিল সংঘাতৰ। কেৱল এয়াই নহয়, ২০২০ চনৰ ১৫ জুনত গালোৱান উপত্যকাত সংঘটিত হোৱা ৰক্তক্ষয়ী সংঘাতৰ ফলত কুৰিগৰাকী ভাৰতীয় বীৰ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এই সংঘৰ্ষত পৰিসংখ্য নিৰূপিত নোহোৱা পৰিমাণৰ চীনা সৈন্যৰ মৃত্যু হৈছিল। 

কেৱল এয়াই নহয় বিভিন্ন সময়ত ভাৰতৰ ভূমিত অনধিকাৰ প্ৰৱেশৰ জৰিয়তে চীনা সৈন্যই অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। একাধিক ভাৰতীয় যুৱকক অপহৰণ কৰি নি নিৰ্যাতন চলোৱাৰ খবৰো সময়ে সময়ে পোহৰলৈ আহিছে। এনে পৰিস্থিতিৰ মাজতে ভাৰতে আলোচনাৰ জৰিয়তে এই সংঘাতময় পৰিস্থিতি দূৰ কৰাৰ চেষ্টা কৰিছে যদিও প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেশে যে সামান্যতমো আপোচ নকৰে সেয়া সময়ে সময়ে স্পষ্ট কৰি দি আহিছে। ৰাজনাথ সিঙৰ এই সকীয়নিয়েও পুনৰ সেই বাৰ্তাকে দিছে। 

ভাৰত আৰু চীনৰ মাজত এতিয়ালৈ ১৫ লানি সামৰিক আলোচনা সংঘটিত হৈছে। পূব লাডাখৰ সংঘাত নিৰসনৰ বাবে অনুষ্ঠিত এই আলোচনাৰ ফলতে দুয়োপক্ষই সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাৰ কামো সম্পন্ন কৰিছে। পেংগোং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ প্ৰান্ত আৰু গোগৰা এলেকাৰ পৰা দুয়ো দেশে সৈন্য সমাৱেশ প্ৰত্যাহাৰ কৰি শান্তি প্ৰতিষ্ঠাৰ চেষ্টা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ