--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যদিহে কোনোবাই দেশৰ ক্ষতি কৰে তেন্তে ভাৰতে কাকো ৰেহাই নিদিয়ে। চুবুৰীয়া দেশ চীনক উদ্দেশ্য কৰি এই কঠোৰ বাৰ্তা দিলে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰতিৰক্ষামন্ত্ৰী সিঙে। তেওঁ ভাৰতৰ চীন সীমান্তত ভাৰতীয় সেনাৰ জোৱানে দেখুওৱা বীৰত্বৰ কথাও ব্যক্ত কৰে।

তেওঁ কয় যে, মই এইকথা মুকলিকৈ ক’ব নোৱাৰোঁ যে আমাৰ সৈনিকসকলে সীমান্তত কি কৰিছিল আৰু চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এইকথা নিশ্চয়তাৰে ক’ব পাৰোঁ যে, চীনলৈ এই বাৰ্তা গৈছে যে, যদিহে কোনোবাই দেশৰ ক্ষতি কৰে ভাৰতে কাকো ৰেহাই নিদিয়ে। হিন্দীত তেওঁ স্পষ্টকৈ কৈছিল যে, ‘ভাৰত কো অগৰ কোই চ্চেৰেগা তো ভাৰত চ্চোৰেগা নেহী।’ 

উল্লেখ্য যে, ভাৰত চীনৰ সৈন্যৰ মাজক ২০২০ চনৰ মে’ মাহতে সূত্ৰপাত ঘটিছিল সংঘাতৰ। পেংগোং হ্ৰদৰ সমীপতো সংঘটিত হৈছিল সংঘাতৰ। কেৱল এয়াই নহয়, ২০২০ চনৰ ১৫ জুনত গালোৱান উপত্যকাত সংঘটিত হোৱা ৰক্তক্ষয়ী সংঘাতৰ ফলত কুৰিগৰাকী ভাৰতীয় বীৰ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এই সংঘৰ্ষত পৰিসংখ্য নিৰূপিত নোহোৱা পৰিমাণৰ চীনা সৈন্যৰ মৃত্যু হৈছিল। 

কেৱল এয়াই নহয় বিভিন্ন সময়ত ভাৰতৰ ভূমিত অনধিকাৰ প্ৰৱেশৰ জৰিয়তে চীনা সৈন্যই অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। একাধিক ভাৰতীয় যুৱকক অপহৰণ কৰি নি নিৰ্যাতন চলোৱাৰ খবৰো সময়ে সময়ে পোহৰলৈ আহিছে। এনে পৰিস্থিতিৰ মাজতে ভাৰতে আলোচনাৰ জৰিয়তে এই সংঘাতময় পৰিস্থিতি দূৰ কৰাৰ চেষ্টা কৰিছে যদিও প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেশে যে সামান্যতমো আপোচ নকৰে সেয়া সময়ে সময়ে স্পষ্ট কৰি দি আহিছে। ৰাজনাথ সিঙৰ এই সকীয়নিয়েও পুনৰ সেই বাৰ্তাকে দিছে। 

ভাৰত আৰু চীনৰ মাজত এতিয়ালৈ ১৫ লানি সামৰিক আলোচনা সংঘটিত হৈছে। পূব লাডাখৰ সংঘাত নিৰসনৰ বাবে অনুষ্ঠিত এই আলোচনাৰ ফলতে দুয়োপক্ষই সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাৰ কামো সম্পন্ন কৰিছে। পেংগোং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ প্ৰান্ত আৰু গোগৰা এলেকাৰ পৰা দুয়ো দেশে সৈন্য সমাৱেশ প্ৰত্যাহাৰ কৰি শান্তি প্ৰতিষ্ঠাৰ চেষ্টা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ