--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাত সংঘটিত হৈছে এক নিদাৰুণ ঘটনা। জিলা খনৰ  এখন ব্যক্তিগত বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে  তেওঁৰ শ্ৰেণীৰ এজন মুছলমান ছাত্ৰই নেওঁতা মুখস্থ মাতিব নোৱাৰাৰ বাবেই  চৰ মাৰিছিল । ইমানতে ক্ষান্ত নাথাকি শিক্ষয়িত্ৰীগৰাকীয়ে  ইজনৰ পিছত সিজন ছাত্ৰক মতাই নি নেওঁতা মুখস্থ মাতিব নোৱাৰা ছাত্ৰজনক চৰ মাৰিবলৈ কৈছিল। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ঘটনাটোৰ সময়ত  মুছলমান শিশুটোৰ ধৰ্মকলৈ শিক্ষয়িত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল।  ঘটনাটোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।ইয়াৰ পিছতে সমগ্ৰ দেশতে সচেতন মহলৰ মাজত তীব্ৰ প্তিক্ৰিয়াৰ সৃষ্টি হৈছে। 

ঘটনাটো মুজাফ্ফৰনগৰৰ মনচুৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খুব্বাপুৰ গাঁৱত সংঘটিত হৈছে। আৰক্ষীয়ে  কৈছে যে তেওঁলোকে বিষয়টোৰ তদন্ত  কৰি আছে। আৰক্ষী আৰু শিক্ষা বিভাগৰ বিষয়াসকলে শিক্ষয়িত্ৰী  ত্ৰিপ্তা ত্যাগী আৰু নেহা পাব্লিক স্কুলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা বিবেচনা কৰি আছে। ভিডিঅ'টোত দেখা গৈছে যে শিক্ষয়িত্ৰীগৰাকীৰ নিৰ্দেশত শিশুসকলে ইজনৰ পিছত সিজনকৈ  ছাত্ৰই গৈ  মুছলমান শিশুটোক চৰ মাৰিছিল।  ইফালে, শিক্ষয়িত্ৰী ত্ৰিপ্তা ত্যাগীয়ে কোৱা শুনা গৈছে  "মই সকলোকে শিশুটোৰ ওচৰলৈ যাবলৈ কৈছো।"

কান্দি থকা মুছলমান শিশুটোক উদ্দেশ্যি  তেওঁ পুনৰ কয়, "এতিয়া পুনৰ কঁকালত আঘাত কৰা... আঁতৰি যোৱা! .... মুখত আঘাত নকৰিবা, মুখ ৰঙা হৈ আছে। সকলোৱে কঁকালত মাৰিবা।"
সংবাদ মাধ্যমে  ত্ৰিপ্তা ত্যাগীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁৰ  সৈতে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই। ৃ
মুজাফ্ফৰনগৰৰ আৰক্ষী অধীক্ষকে (মহানগৰ) কয়, "মনচুৰপুৰ আৰক্ষী থানাই এটা ভিডিঅ' পাইছে , য'ত এগৰাকী মহিলা শিক্ষয়িত্ৰীয়ে  নেওঁতা নজনাৰ বাবে  এটা শিশুক আনৰ দ্বাৰা  প্ৰহাৰ কৰোৱাইছে। ভিডিঅ'টোত কিছুমান আপত্তিজনক মন্তব্যও আছে। আমি অনুসন্ধান কৰি আছো।  মহিলা শিক্ষকগৰাকীয়ে ভিডিঅ'টোত 'ঘোষণা' কৰিছিল যে  তেনে  শিক্ষাৰ্থীসকলৰ মাতৃসকলে তেওঁলোকৰ পঢ়া-শুনাত মনোযোগ নিদিয়ে, সেয়েহে তেওঁলোক নষ্ট হৈ যায়।"


তেওঁ লগতে কয় "ত্ৰিপ্তা ত্যাগী বিদ্যালয়খনৰ গৰাকী। আমি শিশুটোৰ দেউতাকৰ সৈতে কথা পাতি আছো আৰু তেওঁক বিষয়টোকলৈ   অভিযোগ কৰিবলৈ কৈছো। তেতিয়াহে আমি এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ সক্ষম হ'ম। গোচৰটোত পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।"

ইপিনে শিশুটোৰ দেউতাকে স্থানীয় সাংবাদিকসকলক কৈছে যে তেওঁ শিশুটোক বিদ্যালয়লৈ পঠিয়াব নিবিচাৰে বা শিক্ষয়িত্ৰীগৰাকীৰ  বিৰুদ্ধে অভিযোগো দাখিল কৰিব নিবিচাৰে।

তেওঁ কয় "মই শিশুটোক পুনৰ সেই বিদ্যালয়লৈ প্ৰেৰণ নকৰো, বিদ্যালয়ে কৈছে যে মই এতিয়ালৈকে পৰিশোধ কৰা মাচুল ঘূৰাই দিয়া হ'ব। আমি এটা বুজাবুজিত উপনীত হৈছো আৰু মই ক'তো অভিযোগ নকৰো।’’ শিক্ষয়িত্ৰীগৰাকীৰ মানসিকতাক সকলোৱে ধিক্কাৰ দিয়াৰ লগতে তেওঁৰ উচিৎ শাস্তিৰো দাবী জনাইছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ