--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন ব্যতিক্ৰমী বিবাহ৷ তেনেই সাধাৰণ আয়োজন৷ নাই জাকজমকতা, নাই অৰ্থৰ অবাধ ব্যয়৷ পিছে, তেওঁলোকৰ চিন্তা পৃথক৷ বিবাহৰ নামত খৰচ নকৰিলে তেওঁলোকে লক্ষাধিক টকা৷ সাধাৰণতে দেখা যায় বিবাহ বুলি ক’লে উচ্চবিত্ত অথবা মধ্যবিত্ত পৰিয়ালে ব্যয় কৰে লাখ লাখ টকা৷ 

এনেকুৱা উদাহৰণো আছে, যিয়ে ঋণ লৈ হ’লেও ব্যয়বহুল আয়োজনেৰে বিবাহকাৰ্য সম্পন্ন কৰে৷ খাদ্য, সাজসজ্জা আদিৰ বাবে খৰচ কৰে সাঁচতীয়া ধন৷ বিষয়টো যদিও ব্যক্তিগত ইচ্ছা-অনিচ্ছা অথবা ব্যক্তি স্বাধীনতাৰ অন্তৰ্গত, তথাপি দেখা যায় সমাজ আৰোপিত কেতবোৰ বাগধাৰাৰ বাবে বাবেই বাধ্য হৈ বহুতে সামৰ্থৰ বাহিৰত গৈ গ’লেও বিবাহকাৰ্যৰ নামত বহুল খৰচ কৰিবলৈ বাধ্য হয়৷

তেনে এক সময়ত ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ)ৰ বিষয়া যুৱৰাজ মাৰ্মাত আৰু ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ)ৰ বিষয়া পি মণিকাই অতি সৰলভাৱে বিবাহ পাশত আৱদ্ধ হৈ সমাজৰ সন্মুখত এক উদাহৰণ স্থাপন কৰিছে। যুৱৰাজ মাৰ্মাত আৰু পি মণিকাই অতি সাধাৰণভাবেই বিবাহকাৰ্য সম্পন্ন কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোক দুয়ো আদালতত বিবাহপাশত আৱদ্ধ হৈছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইমান উচ্চ পদ আৰু খৰচ কৰিবলৈ সক্ষমতা থকা স্বত্বেও তেওঁলোক দুয়ো মাত্ৰ ২,০০০ টকাত বিবাহপাশত আৱদ্ধ হৈছিল।

ছত্তীশগড়ৰ ৰায়গড় জিলাৰ আইপিএছ বিষয়া যুৱৰাজ মাৰ্মাতে আইপিএছ বিষয়া মণিকাই আদালত কক্ষত তেওঁলোকে সাতজনমৰ শপত লৈছিল আৰু ইজনে-সিজনক মালা পিন্ধাইছিল৷ তেওঁলোকে তাত উপস্থিত লোকসকলক মিঠাই বিতৰণ কৰিছিল। বিয়াখনত খৰচ হোৱা ২,০০০ টকাৰ ভিতৰত আছিল দুডাল নেকলেছ, মিঠাই আৰু আদালতৰ মাচুল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল