--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন ব্যতিক্ৰমী বিবাহ৷ তেনেই সাধাৰণ আয়োজন৷ নাই জাকজমকতা, নাই অৰ্থৰ অবাধ ব্যয়৷ পিছে, তেওঁলোকৰ চিন্তা পৃথক৷ বিবাহৰ নামত খৰচ নকৰিলে তেওঁলোকে লক্ষাধিক টকা৷ সাধাৰণতে দেখা যায় বিবাহ বুলি ক’লে উচ্চবিত্ত অথবা মধ্যবিত্ত পৰিয়ালে ব্যয় কৰে লাখ লাখ টকা৷ 

এনেকুৱা উদাহৰণো আছে, যিয়ে ঋণ লৈ হ’লেও ব্যয়বহুল আয়োজনেৰে বিবাহকাৰ্য সম্পন্ন কৰে৷ খাদ্য, সাজসজ্জা আদিৰ বাবে খৰচ কৰে সাঁচতীয়া ধন৷ বিষয়টো যদিও ব্যক্তিগত ইচ্ছা-অনিচ্ছা অথবা ব্যক্তি স্বাধীনতাৰ অন্তৰ্গত, তথাপি দেখা যায় সমাজ আৰোপিত কেতবোৰ বাগধাৰাৰ বাবে বাবেই বাধ্য হৈ বহুতে সামৰ্থৰ বাহিৰত গৈ গ’লেও বিবাহকাৰ্যৰ নামত বহুল খৰচ কৰিবলৈ বাধ্য হয়৷

তেনে এক সময়ত ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ)ৰ বিষয়া যুৱৰাজ মাৰ্মাত আৰু ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ)ৰ বিষয়া পি মণিকাই অতি সৰলভাৱে বিবাহ পাশত আৱদ্ধ হৈ সমাজৰ সন্মুখত এক উদাহৰণ স্থাপন কৰিছে। যুৱৰাজ মাৰ্মাত আৰু পি মণিকাই অতি সাধাৰণভাবেই বিবাহকাৰ্য সম্পন্ন কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোক দুয়ো আদালতত বিবাহপাশত আৱদ্ধ হৈছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইমান উচ্চ পদ আৰু খৰচ কৰিবলৈ সক্ষমতা থকা স্বত্বেও তেওঁলোক দুয়ো মাত্ৰ ২,০০০ টকাত বিবাহপাশত আৱদ্ধ হৈছিল।

ছত্তীশগড়ৰ ৰায়গড় জিলাৰ আইপিএছ বিষয়া যুৱৰাজ মাৰ্মাতে আইপিএছ বিষয়া মণিকাই আদালত কক্ষত তেওঁলোকে সাতজনমৰ শপত লৈছিল আৰু ইজনে-সিজনক মালা পিন্ধাইছিল৷ তেওঁলোকে তাত উপস্থিত লোকসকলক মিঠাই বিতৰণ কৰিছিল। বিয়াখনত খৰচ হোৱা ২,০০০ টকাৰ ভিতৰত আছিল দুডাল নেকলেছ, মিঠাই আৰু আদালতৰ মাচুল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস