--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযিটো সময়ত দিল্লীত চৰকাৰী বিদ্যালয়,সমূহক ন-ৰূপত সজাই তোলা হৈছে সেই সময়তে নানান অজুহাত দেখুৱাই অসম চৰকাৰে ৰাজ্যৰ প্ৰায় ৩৬ খন বিদ্যালয় বন্ধ কৰিবলৈ তৎপৰ হৈ পৰাৰ কথাত আশ্চৰ্য ব্যক্ত কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। শিক্ষাৰ্থী নথকাৰ বাবে অসমৰ কেইবা খনো বিদ্যালয় চৰকাৰে বন্ধ কৰিব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে কেজৰিৱালে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। 

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ শেহতীয়া টুইটত এইবুলি উল্লেখ কৰিছে : বিদ্যালয় বন্ধ কৰাটো সমাধান নহয়। আমি সমগ্ৰ দেশতে বহুতো নতুন বিদ্যালয় খুলিব লাগিব। বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে, বিদ্যালয়বোৰ উন্নত কৰক আৰু শিক্ষা ব্যৱস্থা উন্নত কৰক। উল্লেখ্য অসমত বিদ্যালয় বন্ধৰ ধুম উঠাৰ সময়তে   দিল্লীৰ আপ চৰকাৰে ৰাজ্য খনৰ  বিদ্যালয়সমূহত ১৩,১৮১টা শ্ৰেণীকোঠা নতুনকৈ  নিৰ্মাণ কৰিছে। 


তদুপৰি, দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় ৩লাখলৈ বৃদ্ধি পাইছে। সেইদৰে বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলৰ বাবে আপ চৰকাৰে ২০খন বিদ্যালয় স্থাপন কৰিছে।  দিল্লী বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনক নতুনকৈ সজাই তোলা হৈছে। ৩০খন বিদ্যালয়ক এতিয়ালৈকে অনুমোদন দিয়া হৈছে। আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থা জাকত জিলিকা হৈ পৰিছে।

দিল্লীৰ উন্নত চৰকাৰী শিক্ষা ব্যৱস্থাৰ কথা দেশৰ প্ৰায়ভাগ মিডিয়াৰে চকুত নপৰিলেও পিছে আমেৰিকাৰ সৰ্বাধিক প্ৰচাৰিত কাকত ’নিউয়ৰ্ক টাইমছ’ৰ প্ৰথম পৃষ্ঠাৰ আধাতকৈও বেছি ঠাই দখল কৰিলে দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ খবৰে। 

দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ কথা বিশ্বই জনাৰ সময়তে আজি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোডিয়াৰ ঘৰত চলিল চিবিআইৰ তালাচী। উল্লেখ্য স্বাস্থ্য, বিদ্যুৎ, পানী যোগান আৰু শিক্ষাৰ মৌলিক সেৱা উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰে আম আদমী পাৰ্টীয়ে দিল্লীত ক্ষমতালৈ আহিছিল। 

২০১৫ চনত দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিস্ঠিত হোৱা দলটোৰ নেতা অৰবিন্দ কেজৰিৱালে কৈছিল যে তেওঁ শিক্ষা  ব্যৱস্থাটোক এনে এক পৰ্যায়লৈ নিব  বিচাৰে য'ত চৰকাৰৰ মন্ত্ৰীসকলে তেওঁলোকৰ সন্তানক চৰকাৰী বিদ্যালয়লৈ পঠিয়াবলৈ অনুপ্ৰাণিত হ’ব।নতুন দিল্লীৰ দ্বাৰকা অঞ্চলত বিশেষ উৎকৰ্ষ বিদ্যালয় স্থাপনেৰে কেজৰিৱালে সেই যাত্ৰা আৰম্ভ কৰিছিল। 

নতুন পাঠ্যক্ৰম ৰচনা কৰিবলৈ শীৰ্ষ বিশেষজ্ঞ আৰু বিশ্ববিদ্যালয়সমূহৰ সৈতে কেজৰিৱালৰ চৰকাৰে যোগযোগ  কৰিছিল।মুম্বাইৰ টাটা সামাজিক বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষা বিষয়ৰ অধ্যাপক পদ্ম সৰঙ্গপানীয়ে কয়, "দিল্লীয়ে বুজাই  দিয়া প্ৰথম শক্তিশালী কথাটো হ'ল এয়ে যে আমাৰ ল'ৰা-ছোৱালীসকল মূল্যৱান, আমাৰ বিদ্যালয়সমূহ মূল্যৱান আৰু আমাৰ শিক্ষকসকল যোগ্য।"

কেজৰিৱালে বিগত বৰ্ষৰ  ডিচেম্বৰত ঘোষণা কৰিছিল যে যোৱা পাঁচ বছৰত ২৫০,০০০শিক্ষাৰ্থীয়ে ব্যক্তিগত বিদ্যালয় ত্যাগ কৰি চৰকাৰী বিদ্যালয়ত নাম লগাইছে।

দিল্লী চৰকাৰৰ তথ্য অনুসৰি যোৱা বছৰ তেওঁলোকৰ চূড়ান্ত উচ্চ বিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰায় ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে৷  তেলেংগানা আৰু তামিলনাডুকে ধৰি অন্যান্য ৰাজ্য চৰকাৰসমূহেও এতিয়া "দিল্লী আৰ্হি" গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?