--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাতী খেদিবলৈ এজন যুৱকে ব্যৱহাৰ কৰিলে হাৱাই চেন্দেল। চেন্দেল জোকাৰি যুৱকজনে আনকি হাতী খেদিও গ’ল। এই ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। উত্তৰ  বংগৰ বনাঞ্চলৰ কাষৰীয়া লোকসকলে  হাতীৰ এটা নাম দিছে 'মহাকাল'। স্থানীয় লোকে হাতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সেই নামটো দিছে। 

 আনকি 'মহাকাল'ৰ নামত এটা মন্দিৰো আছে। হাৱাই ডেন্দেল জোকাৰি হাতী খেদিবলৈ যোৱা যুৱক জনৰ ভিডিঅ’টো এতিয়া ছ২চিয়েল মিডিয়াত বিয়পি পৰিছে। প্ৰথমে হাতীটোৱে  ঘূৰি যাবলৈ ধৰিছিল যদিও পিছত পুনৰ  ঘূৰি আহিল আৰু মানুহক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে।  নেটিজেনসকলে এই দৃশ্য দেখি আতংকিত হৈ পৰিছে। ভিডিঅ'টো বন বিষয়া পাৰবীন কাছৱানে সামাজিক মাধ্যমত পোষ্ট কৰিছে। ভিডিঅ'টোত, এটা হাতীয়ে অৰণ্যৰ ওখ ঢাপত থিয় হৈ থকা দেখা গৈছে।
 

 ঢাপটোৰ  তলত  যুৱক-যুৱতীৰ এটা দল। যুৱক এজনে চেন্দেল দেখুৱাই  হাতীটোক খেদাৰ চেষ্টা কৰিছে।। হাতীটোৱে 'চেন্দেলৰ ভয়'ত আৰম্ভণিতে অলপ পিছুৱাই  গৈছিল। অৱশ্যে, কেইছেকেণ্ডমানৰ পিছতে হাতীটোৱে ৰুদ্ৰৰ ৰূপ ধৰি খেদি আহে। ১ মিনিট ১০ ছেকেণ্ডৰ ভিডিঅ'টো চাই বহুতে হতবাক হৈ পৰিছে। 

ভিডিঅ'টো চোৱাসকলে হাতীটোক এনেদৰে খেদিবলৈ চেষ্টা কৰাৰ কথাটোক সহজভাবে ল’ব পৰা নাই। প্ৰাণটো হাতৰ মুঠিত ৰাখি এনেদৰে হাতী খেদিবলৈ যোৱাৰ বাবে বহুতে যুৱকজনক ককৰ্থনাও কৰিছে। ভিডিঅ'টো অসমৰ বুলি কোৱা হৈছে যদিও কোন স্থানৰ সেয়া প্ৰাগ নিউজ ডিজিটেলে  নিশ্চিত কৰিব পৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক